সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইমানতেই অন্ত পৰিল নেকি পণ্টৰ কেৰিয়াৰ ?

কেতিয়া ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন হ’ব ঋষভ পণ্টৰ?কিয়নো এতিয়াও শাৰীৰিক অৱস্থা বিশেষ উন্নতি হোৱা নাই পণ্টৰ!অস্ত্ৰোপচাৰৰ বাবে লণ্ডনলৈ নিব ভাৰতীয় উইকেটকীপাৰ গৰাকীক! ৩০ ডিচেম্বৰৰ পুৱা ভাৰতীয় ক্ৰিকেট দলৰ বেটচমেন- উইকেট কীপাৰ ঋষভ পণ্ট পথ দুৰ্ঘটনাত পতিত হয় ৰুৰকীত। ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত গাড়ী চলাই ডিভাইদাৰত খুন্দা মৰাৰ লগতে অগ্নিত ভস্মীভূত হৈ পৰে ঋষভ পণ্টৰ মাৰ্চিডিজ বেঞ্জ গাড়ী।কথমপি প্ৰাণ ৰক্ষা পৰে ভাৰতৰ ২৫ বছৰীয়া উইকেট কীপাৰগৰাকীৰ। উত্তৰাখণ্ডৰ চিকিৎসালয়ত কেইদিনমানৰ পূৰ্বে চিকিৎসাধীন হৈ থকা পণ্টক শেহতীয়াকৈ মুম্বাই এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু অস্ত্ৰোপচাৰৰ বাবে মুম্বাইৰ পৰা লণ্ডনলৈ লৈ যোৱা হ’ব ক্ৰিকেটাৰগৰাকীক। উল্লেখ্য যে, পথ দুৰ্ঘটনাত ঋষভ পণ্টৰ আঁঠুৰ লিগামেণ্ট চিঙাৰ লগতে শৰীৰৰ বিভিন্ন ঠাই আঘাত প্ৰাপ্ত হৈছিল। পন্টৰ আঁঠুৰ আঘাতক লৈ কিছু চিন্তিত চিকিৎসকসকল।সেয়ে অস্ত্রোপচাৰৰ বাবে আমেৰিকা নাইবা লণ্ডনলৈ নিয়াৰ চিন্তা চৰ্চা কৰাৰ কথা বিচিচিআইৰ বিশেষ সূত্ৰই কৰিছে প্ৰকাশ। সুস্থ নোহোৱা পৰ্যন্ত লণ্ডনৰ পৰা ঘূৰাই অনা নহয় ঋষভ পন্টক।চিকিৎসৰ মতে পণ্টৰ সম্পূর্ণ সুস্থ হবলৈ সময় লাগিব প্ৰায় ৯ মাহ। ৯ মাহ পৰ্যন্ত ২২ গজৰ পথাৰৰ পৰা আঁতৰি থাকিব লাগিব ঋষভ পণ্ট।এতিয়া পণ্টৰ অনুৰাগীৰসকলৰ প্ৰশ্ন, কেতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিব ঋষভ পন্ট ?কেতিয়া খেলপথাৰত দেখিবলৈ পোৱা যাব ক্ৰিকেট তাৰকাগৰাকীক?
ইমানতেই সমাপ্ত হ’ব নেকি তাৰকাগৰাকীৰ ক্ৰিকেট কেৰিয়াৰ? অনুৰাগীয়ে দ্ৰুত আৰোগ্য কামনা কৰিছে ঋষভ পন্টৰ। সোনকালেই সুস্থ হৈ ক্ৰিকেটৰ খেলপথাৰত পণ্টৰ বেটৰ যাদু চাবলৈ ব্যাকুল হৈ পৰিছে সমগ্ৰ বিশ্ব ক্রিকেট প্ৰেমী। তাৰ বাবেই এতিয়া নেদেখাজনৰ ওচৰত সকলোৰে এটাই প্ৰাৰ্থনা—শীঘ্ৰে আৰোগ্য হওক ঋষভ পণ্ট। আৰু খেলপথাৰলৈ আহি দেখুৱাওক নিজৰ দুৰ্দান্ত প্ৰদৰ্শন।

Leave A Reply

Your email address will not be published.