- অৰূপ কলিতা
কোন পথে আগুৱাইছে দেশ ? এই প্ৰশ্নৰ উত্তৰ সকলোৰে বাবে বেলেগ বেলেগ হ’ব ৷ কোনোবাই যদি এখন হিন্দু ৰাষ্ট্ৰৰ দিশে ভাৰত আগুৱাই যোৱা বুলি গৌৰৱবোধ কৰে , আন কোনোবাই দেশৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট হোৱা বুলি খেদ প্ৰকাশ কৰে ৷ কিন্তু হাজাৰ ভেদাভেদৰ পাছতো ক্ৰীড়াই আছিল একমাত্ৰ মাধ্যম , যাৰ জড়িয়তে এই দেশ এক হৈ ৰৈছিল ৷ জাত – পাত – ধৰ্মৰ অৱতাৰণা নোহোৱাকৈয়ে অলিম্পিকৰ একো একোটা সফলতাৰ বাতৰিয়ে ভাৰতবাসীক গৌৰৱান্বিত কৰিছে ৷ কিন্তু তাতো যেন ধৰ্মৰ নিচাত মাতাল লোকসকল সুখী হ’ব পৰা নাই ৷ টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে ব্ৰঞ্জৰ পদক জয় কৰি দেশৰ দুই কন্যাই অসীম গৌৰৱ কঢ়িয়াই আনিলে ৷ ক’ব খুজিছো , লাভলীনা বৰগোহাঁই আৰু পি ভি সিন্ধুৰ বিষয়ে ৷ লাভলীনাই বক্সিঙত আৰু পি ভি সিন্ধুয়ে বেডমিন্টনত জয় কৰিলে ব্ৰঞ্জৰ পদক ৷ যিকোনো সু- সভ্য নাগৰিকেই তেওলোকৰ একাগ্ৰতা , পাৰদৰ্শিতা আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব ৷ কিন্তু ভাৰতৰ ইন্টাৰনেট দুনীয়াত লাভলীনা আৰু সিন্ধুৰ বিষয়ে কি আলোচনা চলিছে জানেনে ?
ভাৰতৰ দুই কন্যা সন্তানৰ কৃতিত্বক লৈ এই মুহূৰ্তত নেট দুনীয়াত কোনো আলোচনা চলা নাই ৷ সৰ্বাধিক লোকে ইন্টাৰনেটত জানিব বিভাৰিছে লাভলীনাৰ ‘ধৰ্ম’ আৰু সিন্ধুৰ ‘জাতি’ৰ বিষয়ে ৷ বিগত এটা সপ্তাহত গুগ’ল চাৰ্চ ইঞ্জিনত সৰ্বাধিক চাৰ্চ হোৱা বিষয়ৰ তৃতীয় স্থানত আছে ‘লাভলীনাৰ ধৰ্ম’ৰ বিষয়টো ৷ বুধবাৰে বক্সিঙৰ ৬৯ কেজি শাখাত ছেমিফাইনেলত অৱতীৰ্ণ হৈছিল লাভলীনা ৷ তুৰ্কীজ বক্সাৰ বুছেনাজ ছুৰমেনেলীৰ বিৰুদ্ধে তেও পৰাজিত হ’লেও দেশৰ বাবে কঢ়িয়াই আনে ব্ৰঞ্জৰ পদক ৷ সুদীৰ্ঘ ইতিহাসত অলিম্পিকৰ পদক জয় কৰা লাভলীনাই একমাত্ৰ অসমীয়া ৷ অসমৰ দৰে এখন সৰু ৰাজ্যৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা গৈ অলিম্পিকত পদক জয় কৰাটো দু:সাধ্য সাধন কৰাতকৈ কোনোগুণে কম নাছিল ৷ ২৩ বছৰীয়া লাভলীনাৰ এই সাফল্য কেৱল অসমৰ বাবেই নহয় , দেশৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীৰ বাবে এক উৎসাহৰ খবৰ ৷ কিন্তু লাভলীনাৰ কৃতিত্ব নহয় , দেশবাসীয়ে এতিয়া ইন্টাৰনেটত জানিব বিচাৰিছে লাভলীনাৰ ধৰ্মৰ বিষয়ে ৷ এগৰাকী ক্ৰীড়াবিদৰ সফলতাক ধৰ্মৰ পৰিসীমাৰ মাজত আৱদ্ধ কৰি ৰাখিব খোজাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ কিন্তু দেশ যি পথত আগুৱাইছে , তাৰেই যেন প্ৰতিফলন দেখা গৈছে লাভলীনাৰ ধৰ্ম বিচাৰি ভাৰতবাসীয়ে চলোৱা অনুসন্ধানত ৷
একেদৰে ভাৰতীয় বেডমিন্টনৰ তাৰকা খেলুৱৈ পি ভি সিন্ধুক অভিনন্দন জনোৱাৰ সলনি ভাৰতবাসী ব্যস্ত হৈ পৰিছে তেওৰ জাতিগত পৰিচয় জানিবলৈ ৷ এয়া সাধাৰণ কথা নহয় ৷ লাভলীনাৰ ধৰ্মৰ প্ৰতি ইন্টাৰনেটত দেখুওৱা আগ্ৰহে যেন ভাৰত কোন পথে আগুৱাইছে সেই প্ৰশ্নৰো উত্তৰ আমাক দি গৈছে ৷