সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এডভান্টেজ আছাম : ১ লাখ কৌটি বিনিয়োগৰ কথা আছিল , প্ৰকৃততে বিনিয়োগ হ’ল কিমান ?

২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল ‘এডভান্টেজ আছাম’ শীর্ষক এক বিনিয়োগৰ অনুষ্ঠান৷ ‘এডভান্টেজ আছাম’ৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীক দিয়া হৈছিল এক অনন্য ৰূপ৷ৰং বিৰঙৰ পোহৰেৰে জিলিকি উঠিছিল গুৱাহাটীৰ ৰাজপথ৷তাৰ বাবে ব্যয় কৰা হৈছিল কোটি কোটি টকা৷

‘এডভান্টেজ আছাম’ত প্ৰস্তাব লোৱা হৈছিল-অসমত এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ৷কিন্তু তিনিটা বছৰৰ পিছত কিমান টকাৰ বিদেশী বিনিয়োগ হ’ল অসমত?কিমান বিদেশী বিনিয়োগ ঘটিল অসমৰ উদ্যোগখণ্ডত?

- Donation -

সেই প্ৰশ্নকেই আজি বিধানসভাত উত্থাপন কৰিছিল শিবসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷অখিল গগৈয়ে সুধিছিল-২০০১ চনৰ পৰা ২০২১ চনলৈ অসমত কিমান প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে?২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত এডভান্টেজ আছামৰ পিছত অসমত বিদেশী বিনিয়োগ বৃদ্ধি পালেনে?

প্ৰশ্নৰ উত্তৰত উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দাঙি ধৰিলে বিদেশী বিনিয়োগৰ সবিশেষ তথ্য৷চন্দ্ৰমোহন পাটোৱাৰীৰ উত্তৰ-২০০১ চনৰ পৰা ২০২১ চনলৈ অসমত সর্বমুঠ ৭৩৯.৭০ কোটি টকাৰ বিদেশী বিনিয়োগ ঘটিছে৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী-২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত এডভান্টেজ আছামৰ বাবে অসমত প্ৰত্যক্ষ বিনিয়োগ বৃদ্ধি পাইছে৷কিয়নো, ২০১৮ চনত অসমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আছিল ৬২ কোটি টকা আৰু ২০১৯ চনত হয়গৈ ৮০ কোটি টকা৷কিন্তু পৰৱর্তী ২০২০ চনত এই পৰিমান ৫৯ কোটি টকা আৰু ২০২১ চনৰ মার্চ মাহলৈ ২৬ কোটি টকা৷

কিন্তু এইখিনিতে প্ৰশ্ন হয় ,এডভান্টেজ আছামত অসমত এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ প্ৰস্তাব লোৱা হৈছিল৷এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ কথাৰে চৰকাৰে ব্যাপক প্ৰচাৰ চলাইছিল ৷ এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগেৰে অসমৰ উদ্যোগখণ্ডৰ দ্ৰুত বিকাশৰ সপোন দেখুওৱা হৈছিল৷কিন্তু এডভান্টেজ আছামৰ পাছৰ তিনিবছৰত অসমত বিদেশী বিনিয়োগ ঘটিল মাত্ৰ ১৬৫ কোটি টকাৰ ৷ এক লাখ কৌটি এতিয়াও যেন দূৰ আকশৰ তৰা ৷

Leave A Reply

Your email address will not be published.