কিয় লাগে আপোনাক – লাভলীনাৰ ধৰ্ম কি ?

Share This Article
  • অৰূপ কলিতা

কোন পথে আগুৱাইছে দেশ ? এই প্ৰশ্নৰ উত্তৰ সকলোৰে বাবে বেলেগ বেলেগ হ’ব ৷ কোনোবাই যদি এখন হিন্দু ৰাষ্ট্ৰৰ দিশে ভাৰত আগুৱাই যোৱা বুলি গৌৰৱবোধ কৰে , আন কোনোবাই দেশৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট হোৱা বুলি খেদ প্ৰকাশ কৰে ৷ কিন্তু হাজাৰ ভেদাভেদৰ পাছতো ক্ৰীড়াই আছিল একমাত্ৰ মাধ্যম , যাৰ জড়িয়তে এই দেশ এক হৈ ৰৈছিল ৷ জাত – পাত – ধৰ্মৰ  অৱতাৰণা নোহোৱাকৈয়ে অলিম্পিকৰ একো একোটা সফলতাৰ বাতৰিয়ে ভাৰতবাসীক  গৌৰৱান্বিত কৰিছে ৷ কিন্তু তাতো যেন ধৰ্মৰ নিচাত মাতাল লোকসকল সুখী হ’ব পৰা নাই ৷ টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে ব্ৰঞ্জৰ পদক জয় কৰি দেশৰ দুই কন্যাই অসীম গৌৰৱ কঢ়িয়াই আনিলে ৷ ক’ব খুজিছো , লাভলীনা বৰগোহাঁই আৰু পি ভি সিন্ধুৰ বিষয়ে ৷ লাভলীনাই বক্সিঙত আৰু পি ভি সিন্ধুয়ে বেডমিন্টনত জয় কৰিলে ব্ৰঞ্জৰ পদক ৷ যিকোনো সু- সভ্য নাগৰিকেই তেওলোকৰ একাগ্ৰতা , পাৰদৰ্শিতা আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব ৷ কিন্তু ভাৰতৰ ইন্টাৰনেট দুনীয়াত লাভলীনা আৰু সিন্ধুৰ বিষয়ে কি আলোচনা চলিছে জানেনে ?

ভাৰতৰ দুই কন্যা সন্তানৰ কৃতিত্বক লৈ এই মুহূৰ্তত নেট দুনীয়াত কোনো আলোচনা চলা নাই ৷ সৰ্বাধিক লোকে ইন্টাৰনেটত জানিব বিভাৰিছে লাভলীনাৰ ‘ধৰ্ম’ আৰু সিন্ধুৰ ‘জাতি’ৰ বিষয়ে ৷ বিগত এটা সপ্তাহত গুগ’ল চাৰ্চ ইঞ্জিনত সৰ্বাধিক চাৰ্চ হোৱা বিষয়ৰ তৃতীয় স্থানত আছে ‘লাভলীনাৰ ধৰ্ম’ৰ বিষয়টো ৷ বুধবাৰে বক্সিঙৰ ৬৯ কেজি শাখাত ছেমিফাইনেলত অৱতীৰ্ণ হৈছিল লাভলীনা ৷ তুৰ্কীজ বক্সাৰ বুছেনাজ ছুৰমেনেলীৰ বিৰুদ্ধে তেও পৰাজিত হ’লেও দেশৰ বাবে  কঢ়িয়াই আনে ব্ৰঞ্জৰ পদক ৷ সুদীৰ্ঘ ইতিহাসত অলিম্পিকৰ পদক জয় কৰা লাভলীনাই একমাত্ৰ অসমীয়া ৷ অসমৰ দৰে এখন সৰু ৰাজ্যৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা গৈ অলিম্পিকত পদক জয় কৰাটো দু:সাধ্য সাধন কৰাতকৈ কোনোগুণে কম নাছিল ৷ ২৩ বছৰীয়া লাভলীনাৰ এই সাফল্য কেৱল অসমৰ বাবেই নহয় , দেশৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীৰ বাবে এক উৎসাহৰ খবৰ ৷ কিন্তু লাভলীনাৰ কৃতিত্ব নহয় , দেশবাসীয়ে এতিয়া ইন্টাৰনেটত জানিব বিচাৰিছে লাভলীনাৰ ধৰ্মৰ বিষয়ে ৷ এগৰাকী ক্ৰীড়াবিদৰ সফলতাক ধৰ্মৰ পৰিসীমাৰ মাজত আৱদ্ধ কৰি ৰাখিব খোজাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ কিন্তু দেশ যি পথত আগুৱাইছে , তাৰেই যেন প্ৰতিফলন দেখা গৈছে লাভলীনাৰ ধৰ্ম বিচাৰি ভাৰতবাসীয়ে চলোৱা অনুসন্ধানত ৷

একেদৰে ভাৰতীয় বেডমিন্টনৰ তাৰকা খেলুৱৈ পি ভি সিন্ধুক অভিনন্দন জনোৱাৰ সলনি ভাৰতবাসী ব্যস্ত হৈ পৰিছে তেওৰ জাতিগত পৰিচয় জানিবলৈ ৷ এয়া সাধাৰণ কথা নহয় ৷ লাভলীনাৰ ধৰ্মৰ প্ৰতি ইন্টাৰনেটত দেখুওৱা আগ্ৰহে যেন ভাৰত কোন পথে আগুৱাইছে সেই প্ৰশ্নৰো উত্তৰ আমাক দি গৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.