গৰু কেনেকৈ ৰাজনৈতিক জন্তুত পৰিণত হ’ল ?

Share This Article

গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু ৷ প্ৰাথমিক বিদ্যালয়ত গৰু বিষয়ক ৰচনা এইদৰেই লিখিবলৈ শিকোৱা হয় ৷ কিন্তু এটা শিশুয়ে যেতিয়া প্ৰাথমিক বিদ্যালয় , বিদ্যালয়ৰ দেওনা পাৰ হৈ ভোট দিব পৰা হয়গৈ , তেতিয়ালৈ তেও ভালদৰেই বুজি উঠে যে গৰু এবিধ ৰাজনৈতিক জন্তু ৷ শেহতীয়াকৈ অসমতো গৰু হৈ পৰিছে ৰাজনৈতিক বাদ বিবাদৰ প্ৰধান বিষয়বস্তু ৷ অসম চৰকাৰে গো সুৰক্ষা আইন গৃহীত কৰাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে গো সুৰক্ষা আইন বাতিলৰ দাবীত ধেমাজিৰ জোনাইত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ গৰু কিদৰে  ভাৰতৰ ৰাজনৈতিক বিতৰ্কৰ অন্যতম কেন্দ্ৰবিন্দু হৈ উঠছিল , তাৰো আছে এক দীঘলীয়া ইতিহাস ৷

১৯৪৬ চন৷ স্বাধীন ভাৰতৰ নতুন সংবিধান তৈয়াৰ কৰিবলৈ সংবিধান সভা গঠন কৰা হ’ল ৷ তাৰ পাছৰে পৰা মহাত্মা গান্ধী  আৰু আন আন শীৰ্ষ নেতাসকললৈ ধাৰাবাহিকভাৱে চিঠি আৰু টেলিগ্ৰাম আহিবলৈ ধৰিলে ৷বেছিভাগ চিঠিৰে এটাই দাবী আছিল গো হত্যা নিষিদ্ধ কৰি আইন প্ৰনয়ণ কৰা ৷মহাত্মা গান্ধীয়ে বিষয়টো জৱাহৰলাল নেহৰু আৰু বল্লভভাই পেটেলৰ লগত আলোচনা কৰিলে ৷ আলোচনাৰ পাছত তেও ১৯৪৭ চনৰ আগষ্ট মাহত হৰিজন কাকতত মহাত্মা গান্ধীয়ে স্পষ্টকৈ লিখিলে – বৃহৎ সংখ্যক হিন্দুৰ মাজত এটা বিশ্বাস গা কৰি উঠিছে যে দেশখন তেওলোকৰ ৷ সেইবাবেই তেওলোকে নিজৰ বিশ্বাস আইনৰ ৰূপত অহিন্দু সকলৰ ওপৰতো জাপি দিব বিচাৰিছে ৷ ভাৰতত গো হত্যা নিষিদ্ধ কৰাৰ আৱেগিক ঢৌ দেশজুৰি সৃষ্টি হৈছে ৷ কিন্তু গৰু উপাসনা মূলত: গুজৰাট , মাৰৱাৰ আৰু বিহাৰতে সীমাৱদ্ধ ৷ যিসকল এই ধৰ্মৰ অংশীদাৰ নহয় , তেওলোকৰ ওপৰত নিজৰ ধৰ্মীয় বিশ্বাস আইনগতভাৱে প্ৰয়োগ কৰাটো নিশ্চিতভাৱে ভুল হ’ব ৷গান্ধীয়ে আনকি টেলিগ্ৰাম পঠিয়াই টকা খৰচ কৰাৰ সলনি সেই টকা গৰুৰ প্ৰতিপালনত ব্যয় কৰিবলৈও পৰামৰ্শ দিছিল ৷

গো হত্যা নিষিদ্ধ কৰাৰ দাবীৰে অনেক চিঠি পত্ৰ আহিছিল সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদলৈও ৷ তেও জৱাহৰলাল নেহৰুক এই বিষয়ে পত্ৰযোগে অৱগত কৰাই লিখিছিল যে গো সুৰক্ষাক লৈ হিন্দুসকলৰ আৱেগ অতি পুৰণি ৷ গতিকে কংগ্ৰেছে এই বিষয়ত এটা নিজস্ব স্থিতি গ্ৰহন কৰিব লাগে ৷

সংবিধান সভাৰ বিতৰ্কত বিশ্বমবৰ দয়াকল ত্ৰিপাঠী নামৰ কংগ্ৰেছ নেতাগৰাকীয়ে  সাংস্কৃতিক আৰু বিত্তীয় অধিকাৰ সমূহৰ দৰেই গো সুৰক্ষাৰ বিষয়টোকো মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছিল ৷ শেঠ গোবিন্দ দাস নামৰ আন এজন কংগ্ৰেছ প্ৰতিনিধিয়েও গো হত্যাক নিষিদ্ধ কৰি কঠোৰ আইন প্ৰণয়নৰ পোষকতা কৰিছিল ৷কিন্তু ১৯৪৮ চনৰ নৱেম্বৰ মাহত যেতিয়া খচৰা সংবিধানৰ প্ৰতিলিপি দাখিল কৰা হ’ল , তাত গো সুৰক্ষাৰ বিষয়টোৱে স্থান নাপালেই ৷

এইবাৰ গো হত্যা নিষিদ্ধ কৰাৰ পোষকতা কৰাসকলে নতুন যুক্তি দাঙি ধৰিলে যে ভাৰত যিহেতু এখন কৃষি প্ৰধান ৰাজ্য , গতিকে ধৰ্মীয় দৃষ্টোকোণেৰে নহ’লেও  অৰ্থনীতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই গৰুক সুৰক্ষা দিব লাগে ৷ এই যুক্তি শুনি এংলো ইণ্ডিয়ান প্ৰতিনিধি এগৰাকীয়ে প্ৰশ্ন কৰিছিল – কিয় বক্ৰ পথেৰে এই নিৰ্দেশনা জাৰি কৰিব লাগে ?

এনে বহু বিতৰ্ক , বাদ বিবাদৰ পাছত সংবিধানৰ ৪৮ নং অনুচ্ছেদত এইদৰে উল্লেখ কৰা হ’ল যে ৰাষ্ট্ৰই আধুনিক আৰু বিজ্ঞানসন্মতভাৱে কৃষি আৰু পশুপালন খণ্ডক সংগঠিত কৰাৰ চেষ্টা কৰিব ৷ বিশেষকৈ ইয়াৰ প্ৰজাতিবোৰ সংৰক্ষণ কৰাৰ লগতে গৰু আৰু দুগ্ধজাত গৰু হত্যা নিষিদ্ধ কৰিব ৷ কিন্তু সংবিধানৰ চতুৰ্থ খণ্ডৰ এনে নিৰ্দেশনামূলক নীতি আইন আদালতৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ৷ কেৱল নীতি নিৰ্দেশনা ৰূপেহে কাম কৰে ৷সেয়ে আইন গৃহীত হোৱাৰ পাছতহে ৪৮ নং অনুচ্ছেদ কাৰ্যকৰী কৰিব পৰা যাব ৷ ১৯৫০ চনৰ পৰাই সংসদত এই বিষয়ত আইন প্ৰণয়নৰ বাবে বিভিন্ন চেষ্টা কৰা হৈছিল ৷ কিন্তু জৱাহৰাল নেহৰুয়ে গৰু  বিষয়ত সিদ্ধান্ত লোৱাৰ দায়িত্ব সংসদৰ সলনি ৰাজ্য চৰকাৰসমূহলৈ ঠেলি দিছিল ৷ তেও আনকি এই ইছ্যুত প্ৰধানমন্ত্ৰিত্ব ত্যাগ কৰিবলৈও সাজু হৈছিল ৷সেয়ে ১৯৫২ চনত স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচনত জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে সো পন্থী গোটসমূহে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল স্বামী প্ৰভু দত্ত ব্ৰক্ষ্মচাৰী ৷ তেওৰ নিৰ্বাচনৰ প্ৰধান ইছ্যুটোৱে আছিল গো সুৰক্ষা ৷ সেই নিৰ্বাচনত ব্ৰক্ষ্মচাৰীয়ে লাভ কৰে মাত্ৰ ৫৬ হাজাৰ ভোট আৰু তেওৰ আমানতৰ ধন জব্দ হয় ৷

গো সুৰক্ষা কেন্দ্ৰিক বিতৰ্ক তাতেই শেষ নহ’ল ৷ সমগ্ৰ দেশ তেতিয়াও এক অভাৱনীয় ঘটনাৰ সাক্ষী হ’বলৈ ৰৈ আছিল ৷ দিনটো আছিল ১৯৬৬ ৰ ৬ নৱেম্বৰ ৷ ইতিমধ্যে জৱাহৰলাল নেহৰু , বল্লভভাই পেটেল , লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে নেতাসকলৰ মৃত্যু হৈছিল ৷ প্ৰধানমন্ত্ৰীৰ আসনত ইন্দিৰা গান্ধী ৷ নৱেম্বৰৰ শীতৰ দিনটোত হঠাৎ ৰাজধানী দিল্লীত দেখা গ’ল লক্ষাধিক সাধুৰ এক বিশাল সমদল ৷ সকলোৰে হাতে হাতে ত্ৰিশূল ৷ সংসদ ভৱনৰ সন্মুখত সেই সমদলৰ সামৰণি পৰিল ৷ তাৰ পাছত আৰম্ভ হ’ল বক্তৃতা প্ৰদান ৷ উপস্থিত সাধুসকলক উত্তেজিত কৰি তুলিলে জনসংঘৰ সাংসদ স্বামী ৰামেশ্বৰানন্দই ৷ তেও সাধুসকলক সংসদ ভৱন ঘেৰাও কৰিবলৈ আহ্বান জনালে ৷ লগে লগে ত্ৰিশূলধাৰী সাধুসকলে ‘ জয় স্বামী ৰামেশ্বৰানন্দ ‘ শ্ল’গান দি সংসদ ভৱনৰ দিশে চোচা লৈ গ’ল ৷ তাত উপস্থিত থকা জনসংঘৰ আন এজন সাংসদ অটল বিহাৰী বাজপেয়ীয়ে এই আহ্বান প্ৰত্যাহাৰ কৰিবলৈ স্বামীক অনুৰোধ জনালে ৷ কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল ৷ আগ্ৰাসী সাধুক বাধা দিবলৈ আগবাঢ়ি আহিল অশ্বাৰোহী সৈনিক ৷ দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হ’ল ৷ ৰাবাৰ বুলেট , লাঠী চলিল প্ৰতিবাদকাৰী সাধুৰ ওপৰত ৷কিন্তু ইয়াৰ পাছত সাধুসকল নামি পৰিল দিল্লী লণ্ড ভণ্ড কৰাত ৷ আকাশবানীৰ নিৰাপত্তাৰক্ষীৰ চাউনী , কংগ্ৰেছ সভাপতি কামৰাজৰ বাসগৃহত জুই লগাই দিলে উদণ্ড সাধুৰ দলে ৷ কমেও ২৫০ খন গাড়ী , ১০০ খন দুচকীয়া বাহন , ১০ খন বাছ ধ্বংস হৈ গ’ল ৷ দিল্লীৰ ৰাজপথত টহল দিবলৈ শেষত সেনা নিয়োগ কৰা হ’ল ৷ ১৯৪৭ ৰ পাছত স্বাধীন ভাৰতৰ ৰাজধানীত সেয়াই অছিল প্ৰথম সেনাৰ টহল ৷ সাধু সমাজৰ এই হিংসাত্মক আন্দোলনক বাতৰি কাকতে অভিহিত কৰিছিল হিংসা আৰু গুণ্ডামীৰ অসাধু প্ৰদৰ্শনী বুলি ৷ অটল বিহাৰী বাজপেয়ীয়েও এই ঘটনাত দুখ প্ৰকাশ কৰি বিবৃতি দিলে ৷

ইয়াৰ পাছত ইন্দিৰা গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ক অধ্যক্ষ হিচাপে লৈ এখন আয়োগ গঠন কৰে ৷ য’ত আমোলা , মন্ত্ৰীৰ লগতে সৰ্বদলীয় গো ৰক্ষা মহা অভিযান সমিতিৰ সদস্যকো অন্তৰ্ভুক্ত কৰা হ’ল ৷ কিন্তু গুৰুত্বপূৰ্ণ প্ৰায়বোৰ বিষয়তে আয়োগৰ সদস্যসকলৰ মাজত মতবিৰোধৰ সৃষ্টি হ’ল ৷ গো ৰক্ষা মহা অভিযান সমিতিৰ সদস্যসকলে আয়োগৰ পৰা পদত্যাগ কৰিলে ৷ ১৯৭৩ চনত এই আয়োগে কোনো কঠোৰ মন্তব্য নিদিয়াকৈ প্ৰতিবেদন দাখিল কৰিলে ৷

তেতিয়াৰ পৰাই সময়ে সময়ে একেই দাবী উত্থাপণ হৈ আহিছে ৷ স্বাধীনতাৰ ৭৫ বছৰ পাছতো গৰু হৈ আছে এবিধ ৰাজনৈতিক প্ৰাণী ৷ সমগ্ৰ বিশ্বই আধুনিকতাৰ বাটত বাট বোলা সময়তো সাত দশক পুৰণি এক বিষয়ত নিমগ্ন হৈ ৰৈছে ভাৰত ৷ অসমেও শেহতীয়াকৈ গো সুৰক্ষা আইন প্ৰনয়ণ কৰি সংবিধানৰ ৪৮ নং অনুচ্ছেদ কাৰ্যকৰী কৰিছে ৷ মহাত্মা গান্ধীৰ দৰে নেতাই স্বাধীনতাৰ সময়ত যিবোৰ বিষয়ক মান্যতা দিবলৈ অস্বীকাৰ কৰিছিল , সেই বিষয়বোৰক লৈ ব্যস্ত হৈ পৰিছে আজিৰ শাসক বৰ্গ ৷ মুঠৰ ওপৰত বিশ্ব বিজ্ঞান আৰু প্ৰগতিৰ পথত আগবাঢ়ি যোৱা সময়ত ভাৰত এতিয়া ব্যস্ত ধৰ্মীয় বিশ্বাসক আইনী ৰূপ দিয়াত ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.