সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গৰু কেনেকৈ ৰাজনৈতিক জন্তুত পৰিণত হ’ল ?

গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু ৷ প্ৰাথমিক বিদ্যালয়ত গৰু বিষয়ক ৰচনা এইদৰেই লিখিবলৈ শিকোৱা হয় ৷ কিন্তু এটা শিশুয়ে যেতিয়া প্ৰাথমিক বিদ্যালয় , বিদ্যালয়ৰ দেওনা পাৰ হৈ ভোট দিব পৰা হয়গৈ , তেতিয়ালৈ তেও ভালদৰেই বুজি উঠে যে গৰু এবিধ ৰাজনৈতিক জন্তু ৷ শেহতীয়াকৈ অসমতো গৰু হৈ পৰিছে ৰাজনৈতিক বাদ বিবাদৰ প্ৰধান বিষয়বস্তু ৷ অসম চৰকাৰে গো সুৰক্ষা আইন গৃহীত কৰাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে গো সুৰক্ষা আইন বাতিলৰ দাবীত ধেমাজিৰ জোনাইত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ গৰু কিদৰে  ভাৰতৰ ৰাজনৈতিক বিতৰ্কৰ অন্যতম কেন্দ্ৰবিন্দু হৈ উঠছিল , তাৰো আছে এক দীঘলীয়া ইতিহাস ৷

১৯৪৬ চন৷ স্বাধীন ভাৰতৰ নতুন সংবিধান তৈয়াৰ কৰিবলৈ সংবিধান সভা গঠন কৰা হ’ল ৷ তাৰ পাছৰে পৰা মহাত্মা গান্ধী  আৰু আন আন শীৰ্ষ নেতাসকললৈ ধাৰাবাহিকভাৱে চিঠি আৰু টেলিগ্ৰাম আহিবলৈ ধৰিলে ৷বেছিভাগ চিঠিৰে এটাই দাবী আছিল গো হত্যা নিষিদ্ধ কৰি আইন প্ৰনয়ণ কৰা ৷মহাত্মা গান্ধীয়ে বিষয়টো জৱাহৰলাল নেহৰু আৰু বল্লভভাই পেটেলৰ লগত আলোচনা কৰিলে ৷ আলোচনাৰ পাছত তেও ১৯৪৭ চনৰ আগষ্ট মাহত হৰিজন কাকতত মহাত্মা গান্ধীয়ে স্পষ্টকৈ লিখিলে – বৃহৎ সংখ্যক হিন্দুৰ মাজত এটা বিশ্বাস গা কৰি উঠিছে যে দেশখন তেওলোকৰ ৷ সেইবাবেই তেওলোকে নিজৰ বিশ্বাস আইনৰ ৰূপত অহিন্দু সকলৰ ওপৰতো জাপি দিব বিচাৰিছে ৷ ভাৰতত গো হত্যা নিষিদ্ধ কৰাৰ আৱেগিক ঢৌ দেশজুৰি সৃষ্টি হৈছে ৷ কিন্তু গৰু উপাসনা মূলত: গুজৰাট , মাৰৱাৰ আৰু বিহাৰতে সীমাৱদ্ধ ৷ যিসকল এই ধৰ্মৰ অংশীদাৰ নহয় , তেওলোকৰ ওপৰত নিজৰ ধৰ্মীয় বিশ্বাস আইনগতভাৱে প্ৰয়োগ কৰাটো নিশ্চিতভাৱে ভুল হ’ব ৷গান্ধীয়ে আনকি টেলিগ্ৰাম পঠিয়াই টকা খৰচ কৰাৰ সলনি সেই টকা গৰুৰ প্ৰতিপালনত ব্যয় কৰিবলৈও পৰামৰ্শ দিছিল ৷

গো হত্যা নিষিদ্ধ কৰাৰ দাবীৰে অনেক চিঠি পত্ৰ আহিছিল সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদলৈও ৷ তেও জৱাহৰলাল নেহৰুক এই বিষয়ে পত্ৰযোগে অৱগত কৰাই লিখিছিল যে গো সুৰক্ষাক লৈ হিন্দুসকলৰ আৱেগ অতি পুৰণি ৷ গতিকে কংগ্ৰেছে এই বিষয়ত এটা নিজস্ব স্থিতি গ্ৰহন কৰিব লাগে ৷

সংবিধান সভাৰ বিতৰ্কত বিশ্বমবৰ দয়াকল ত্ৰিপাঠী নামৰ কংগ্ৰেছ নেতাগৰাকীয়ে  সাংস্কৃতিক আৰু বিত্তীয় অধিকাৰ সমূহৰ দৰেই গো সুৰক্ষাৰ বিষয়টোকো মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছিল ৷ শেঠ গোবিন্দ দাস নামৰ আন এজন কংগ্ৰেছ প্ৰতিনিধিয়েও গো হত্যাক নিষিদ্ধ কৰি কঠোৰ আইন প্ৰণয়নৰ পোষকতা কৰিছিল ৷কিন্তু ১৯৪৮ চনৰ নৱেম্বৰ মাহত যেতিয়া খচৰা সংবিধানৰ প্ৰতিলিপি দাখিল কৰা হ’ল , তাত গো সুৰক্ষাৰ বিষয়টোৱে স্থান নাপালেই ৷

এইবাৰ গো হত্যা নিষিদ্ধ কৰাৰ পোষকতা কৰাসকলে নতুন যুক্তি দাঙি ধৰিলে যে ভাৰত যিহেতু এখন কৃষি প্ৰধান ৰাজ্য , গতিকে ধৰ্মীয় দৃষ্টোকোণেৰে নহ’লেও  অৰ্থনীতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই গৰুক সুৰক্ষা দিব লাগে ৷ এই যুক্তি শুনি এংলো ইণ্ডিয়ান প্ৰতিনিধি এগৰাকীয়ে প্ৰশ্ন কৰিছিল – কিয় বক্ৰ পথেৰে এই নিৰ্দেশনা জাৰি কৰিব লাগে ?

এনে বহু বিতৰ্ক , বাদ বিবাদৰ পাছত সংবিধানৰ ৪৮ নং অনুচ্ছেদত এইদৰে উল্লেখ কৰা হ’ল যে ৰাষ্ট্ৰই আধুনিক আৰু বিজ্ঞানসন্মতভাৱে কৃষি আৰু পশুপালন খণ্ডক সংগঠিত কৰাৰ চেষ্টা কৰিব ৷ বিশেষকৈ ইয়াৰ প্ৰজাতিবোৰ সংৰক্ষণ কৰাৰ লগতে গৰু আৰু দুগ্ধজাত গৰু হত্যা নিষিদ্ধ কৰিব ৷ কিন্তু সংবিধানৰ চতুৰ্থ খণ্ডৰ এনে নিৰ্দেশনামূলক নীতি আইন আদালতৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ৷ কেৱল নীতি নিৰ্দেশনা ৰূপেহে কাম কৰে ৷সেয়ে আইন গৃহীত হোৱাৰ পাছতহে ৪৮ নং অনুচ্ছেদ কাৰ্যকৰী কৰিব পৰা যাব ৷ ১৯৫০ চনৰ পৰাই সংসদত এই বিষয়ত আইন প্ৰণয়নৰ বাবে বিভিন্ন চেষ্টা কৰা হৈছিল ৷ কিন্তু জৱাহৰাল নেহৰুয়ে গৰু  বিষয়ত সিদ্ধান্ত লোৱাৰ দায়িত্ব সংসদৰ সলনি ৰাজ্য চৰকাৰসমূহলৈ ঠেলি দিছিল ৷ তেও আনকি এই ইছ্যুত প্ৰধানমন্ত্ৰিত্ব ত্যাগ কৰিবলৈও সাজু হৈছিল ৷সেয়ে ১৯৫২ চনত স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচনত জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে সো পন্থী গোটসমূহে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল স্বামী প্ৰভু দত্ত ব্ৰক্ষ্মচাৰী ৷ তেওৰ নিৰ্বাচনৰ প্ৰধান ইছ্যুটোৱে আছিল গো সুৰক্ষা ৷ সেই নিৰ্বাচনত ব্ৰক্ষ্মচাৰীয়ে লাভ কৰে মাত্ৰ ৫৬ হাজাৰ ভোট আৰু তেওৰ আমানতৰ ধন জব্দ হয় ৷

গো সুৰক্ষা কেন্দ্ৰিক বিতৰ্ক তাতেই শেষ নহ’ল ৷ সমগ্ৰ দেশ তেতিয়াও এক অভাৱনীয় ঘটনাৰ সাক্ষী হ’বলৈ ৰৈ আছিল ৷ দিনটো আছিল ১৯৬৬ ৰ ৬ নৱেম্বৰ ৷ ইতিমধ্যে জৱাহৰলাল নেহৰু , বল্লভভাই পেটেল , লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে নেতাসকলৰ মৃত্যু হৈছিল ৷ প্ৰধানমন্ত্ৰীৰ আসনত ইন্দিৰা গান্ধী ৷ নৱেম্বৰৰ শীতৰ দিনটোত হঠাৎ ৰাজধানী দিল্লীত দেখা গ’ল লক্ষাধিক সাধুৰ এক বিশাল সমদল ৷ সকলোৰে হাতে হাতে ত্ৰিশূল ৷ সংসদ ভৱনৰ সন্মুখত সেই সমদলৰ সামৰণি পৰিল ৷ তাৰ পাছত আৰম্ভ হ’ল বক্তৃতা প্ৰদান ৷ উপস্থিত সাধুসকলক উত্তেজিত কৰি তুলিলে জনসংঘৰ সাংসদ স্বামী ৰামেশ্বৰানন্দই ৷ তেও সাধুসকলক সংসদ ভৱন ঘেৰাও কৰিবলৈ আহ্বান জনালে ৷ লগে লগে ত্ৰিশূলধাৰী সাধুসকলে ‘ জয় স্বামী ৰামেশ্বৰানন্দ ‘ শ্ল’গান দি সংসদ ভৱনৰ দিশে চোচা লৈ গ’ল ৷ তাত উপস্থিত থকা জনসংঘৰ আন এজন সাংসদ অটল বিহাৰী বাজপেয়ীয়ে এই আহ্বান প্ৰত্যাহাৰ কৰিবলৈ স্বামীক অনুৰোধ জনালে ৷ কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল ৷ আগ্ৰাসী সাধুক বাধা দিবলৈ আগবাঢ়ি আহিল অশ্বাৰোহী সৈনিক ৷ দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হ’ল ৷ ৰাবাৰ বুলেট , লাঠী চলিল প্ৰতিবাদকাৰী সাধুৰ ওপৰত ৷কিন্তু ইয়াৰ পাছত সাধুসকল নামি পৰিল দিল্লী লণ্ড ভণ্ড কৰাত ৷ আকাশবানীৰ নিৰাপত্তাৰক্ষীৰ চাউনী , কংগ্ৰেছ সভাপতি কামৰাজৰ বাসগৃহত জুই লগাই দিলে উদণ্ড সাধুৰ দলে ৷ কমেও ২৫০ খন গাড়ী , ১০০ খন দুচকীয়া বাহন , ১০ খন বাছ ধ্বংস হৈ গ’ল ৷ দিল্লীৰ ৰাজপথত টহল দিবলৈ শেষত সেনা নিয়োগ কৰা হ’ল ৷ ১৯৪৭ ৰ পাছত স্বাধীন ভাৰতৰ ৰাজধানীত সেয়াই অছিল প্ৰথম সেনাৰ টহল ৷ সাধু সমাজৰ এই হিংসাত্মক আন্দোলনক বাতৰি কাকতে অভিহিত কৰিছিল হিংসা আৰু গুণ্ডামীৰ অসাধু প্ৰদৰ্শনী বুলি ৷ অটল বিহাৰী বাজপেয়ীয়েও এই ঘটনাত দুখ প্ৰকাশ কৰি বিবৃতি দিলে ৷

ইয়াৰ পাছত ইন্দিৰা গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ক অধ্যক্ষ হিচাপে লৈ এখন আয়োগ গঠন কৰে ৷ য’ত আমোলা , মন্ত্ৰীৰ লগতে সৰ্বদলীয় গো ৰক্ষা মহা অভিযান সমিতিৰ সদস্যকো অন্তৰ্ভুক্ত কৰা হ’ল ৷ কিন্তু গুৰুত্বপূৰ্ণ প্ৰায়বোৰ বিষয়তে আয়োগৰ সদস্যসকলৰ মাজত মতবিৰোধৰ সৃষ্টি হ’ল ৷ গো ৰক্ষা মহা অভিযান সমিতিৰ সদস্যসকলে আয়োগৰ পৰা পদত্যাগ কৰিলে ৷ ১৯৭৩ চনত এই আয়োগে কোনো কঠোৰ মন্তব্য নিদিয়াকৈ প্ৰতিবেদন দাখিল কৰিলে ৷

তেতিয়াৰ পৰাই সময়ে সময়ে একেই দাবী উত্থাপণ হৈ আহিছে ৷ স্বাধীনতাৰ ৭৫ বছৰ পাছতো গৰু হৈ আছে এবিধ ৰাজনৈতিক প্ৰাণী ৷ সমগ্ৰ বিশ্বই আধুনিকতাৰ বাটত বাট বোলা সময়তো সাত দশক পুৰণি এক বিষয়ত নিমগ্ন হৈ ৰৈছে ভাৰত ৷ অসমেও শেহতীয়াকৈ গো সুৰক্ষা আইন প্ৰনয়ণ কৰি সংবিধানৰ ৪৮ নং অনুচ্ছেদ কাৰ্যকৰী কৰিছে ৷ মহাত্মা গান্ধীৰ দৰে নেতাই স্বাধীনতাৰ সময়ত যিবোৰ বিষয়ক মান্যতা দিবলৈ অস্বীকাৰ কৰিছিল , সেই বিষয়বোৰক লৈ ব্যস্ত হৈ পৰিছে আজিৰ শাসক বৰ্গ ৷ মুঠৰ ওপৰত বিশ্ব বিজ্ঞান আৰু প্ৰগতিৰ পথত আগবাঢ়ি যোৱা সময়ত ভাৰত এতিয়া ব্যস্ত ধৰ্মীয় বিশ্বাসক আইনী ৰূপ দিয়াত ৷

 

Leave A Reply

Your email address will not be published.