সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৪০ বছৰৰ ভিতৰত চীন কেনেকৈ ইমান ধনী দেশ হৈ পৰিল ?

১৪০ কৌটি জনসংখ্যাৰ পূৱ এছিয়াৰ সৰ্ববৃহৎ দেশ ৷পৃথিৱীৰ প্ৰথম সভ্যতাসমূহৰ ভিতৰত দেশখনৰ য়েল্ল’ নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতাও অন্যতম ৷বিংশ শতিকাৰ আৰম্ভণিতে দেশখন এক বৃহৎ গণ বিদ্ৰোহে জোকাৰি যায়  ৷ পৰৱৰ্তী সময়ত মাও জে দঙৰ নেতৃত্বত চাইনিজ কমিউনিষ্ট পাৰ্টীয়ে দখল কৰে দেশখনৰ ক্ষমতা ৷ এই দেশখন হ’ল পিপ’লছ ৰিপাব্লিক অব চাইনা৷  ভাৰতৰ ওচৰত থাকিলেও সম্পৰ্ক সদায়ে অহি নকুল ৷ চীনক সাধাৰণতে ভাৰতৰ শত্ৰু বুলিয়ে গণ্য কৰা হয় ৷ ১৯৬২ ৰ চীনৰ ভাৰত আক্ৰমণৰ কথা এতিয়াও ভাৰতবাসীৰ মনত সজীৱ হৈ আছে ৷ সেই শত্ৰুতাৰ এতিয়াও ওৰ পৰা নাই ৷ লাডাখ সীমান্তত চীনৰ আগ্ৰাসন আজিও অব্যাহত আছে ৷ কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল সীমান্তৰ নিৰন্তৰ সংঘাতৰ মাজতো চীন হৈ উঠিছে ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক সহযোগী ৷এয়া যোৱাটো বছৰ অৰ্থাৎ ২০২০ চনৰ তথ্য ৷ ২০২০ চনত ভাৰতে সৰ্বাধিক ব্যৱসায়িক লেনদেন কৰিছে চীনৰ সৈতে ৷ ব্যৱসায়িক সহযোগিতাৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে আমেৰিকা আৰু চৌদী আৰৱ ৷

গালৱান ঘাটীত ২০ জনকৈ ভাৰতীয় সেনাৰ মৃত্যুৰ পাছত দুয়োখন দেশৰ সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছিল ৷ আনকি ভাৰতে নিষিদ্ধ কৰিছিল ২০০ ৰো অধিক চাইনিজ এপ্লিকেশ্যন ৷ ইয়াৰ ভিতৰত আছিল টিকটক , কেম স্কেনাৰৰ দৰে জনপ্ৰিয় এপো ৷একেসময়তে ভাৰতে আত্মনিৰ্ভৰশীল ভাৰত অভিযান আৰম্ভ কৰি আমদানিৰ হাৰ কম কৰাৰ প্ৰচেষ্টাও আৰম্ভ কৰে ৷ কিন্তু তাৰ পাছতো চীনৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বিচ্ছিন্ন নহ’ল ৷ কেৱল ২০২০ চনত ভাৰতে চীনৰ পৰা আমদানি কৰিছে ৫৮.৭ আৰৱ ডলাৰৰ সামগ্ৰী  ৷ ইয়াৰ বিপৰীতে ভাৰতে চীনলৈ ৰপ্তানি কৰিছে মাত্ৰ ১৯ আৰৱ ডলাৰৰ সামগ্ৰী ৷এইদৰে দুয়োখন দেশৰ মাজত যোৱাটো বছৰত ৭৭.৭ আৰৱ ডলাৰৰ ব্যৱসায় সম্পন্ন হৈছে ৷কিন্তু গুৰুত্বপুৰ্ণ কথাটো হ’ল চীনৰ পৰা ভাৰতে যিমান মূল্যৰ সামগ্ৰী আমদানি কৰিছে , তাৰ আধাও ভাৰতে ৰপ্তানি কৰিব পৰা নাই ৷ মূল্য হিচাপত এই ব্যৱসায়িক ব্যৱধান প্ৰায় ৪০ আৰৱ ডলাৰৰ ৷

- Donation -

কেৱল ভাৰতেই নহয় , ২০২০ চনত ইউৰোপিয়ান ইউনিয়নৰ লগতো চীনে ব্যৱসায়িক সম্পৰ্ক মজবুত কৰি তোলে আৰু আমেৰিকাক দ্বিতীয় স্থানলৈ ঠেলি দিয়ে ৷ যোৱা বছৰটোত চীন আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত ৭০৯ আৰৱ ডলাৰৰ ব্যৱসায় সম্পন্ন হৈছিল ৷ ইয়াৰ বিপৰীতে আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত হোৱা ব্যৱসায়ৰ মূল্য আছিল ৬৭১ আৰৱ ডলাৰ ৷ইউৰোপিয়ান সংঘৰ মতে , এই সময়ছোৱাত চীন আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত ব্যৱসায়িক লেনদেন ৫.৩ শতাংশ বৃদ্ধি পাইছে ৷ইয়াৰ বিপৰীতে আমেৰিকাৰ সৈতে ব্যৱসায়ৰ পৰিমান ৭৪৬ আৰৱ ডলাৰৰ পৰা ৬৭১ ডলাৰলৈ হ্ৰাস পাইছে ৷ এইদৰেই বিশ্বৰ বজাৰত চীন ক্ৰমাৎ শক্তিশালী হৈ উঠিছে ৷

আপুনি চাগে জানিবলৈ বিচাৰিব যে চীন অৰ্থনৈতিক ভাৱে কিদৰে ইমান শক্তিশালী হৈ উঠিল ? এখন কমিউনিষ্ট শাসিত দেশৰ পৰা কেনেকৈ বিদেশী পুঁজি বিনিয়োগৰ নিৰ্ভৰযোগ্য স্থান হৈ পৰিল চীন ?

চীনৰ উত্তৰণৰ ৰহস্য জানিবলৈ আমি উভতি যাব লাগিব চাৰিটা দশক পাছলৈ ৷ কিয়নো ১৯৭৮ চনত চীনত আৰম্ভ হৈছিল অৰ্থনৈতিক সংস্কাৰৰ প্ৰক্ৰিয়া ৷ তাৰ পাছৰে পৰা বিশ্ব অৰ্থনীতিত চীনে চকুত লগাকৈ উন্নতি কৰিবলৈ আৰম্ভ কৰে ৷ চীনৰ হাতত সম্প্ৰতি আটাইতকৈ বেছি বিদেশী মুদ্ৰা জমা আছে ৷ এই বিদেশী মুদ্ৰাৰ মূল্য হ’ব ৩.১২ আৰৱ ডলাৰ ৷তদুপৰি প্ৰতক্ষ্য বিদেশী বিনিয়োগক আকৰ্ষন কৰা দেশসমূহৰ ভিতৰত চীন আছে তৃতীয় স্থানত ৷

চীনৰ অৰ্থনীতিক শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত তিনিজন নেতাৰ ভূমিকাৰ কথা বিশেষভাৱে উল্লেখ কৰা হয় ৷ তেওলোক হ’ল মাও জে দঙ , দাংগ শ্বায়’পিঙ আৰু শ্বি জিনপিঙ ৷ দাংগ শ্বিনপিঙে প্ৰথমবাৰৰ বাবে দেশৰ পৰা ছোভিয়েট মডেল বাতিল কৰিছিল আৰু অৰ্থনীতিৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰিছিল ৷ দেশখনে নিজৰ অৰ্থনীতিক বিশ্বৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল কৰি নুতুলি ঘৰুৱা অৰ্থনীতিক শক্তিশালী কৰাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাবে গাঁৱে গাঁৱে চৰকাৰী উদ্যোগত মুকলি কৰা হয় বিভিন্ন মেনুফেকচাৰিঙ ইউনিট ৷ইয়াৰ পাছৰে পৰা চীনৰ অৰ্থনৈতিক প্ৰতিচ্ছৱি দ্ৰুতভাৱে সলনি হ’বলৈ ধৰে ৷ ১৯৭৮ চনৰ পৰা ২০১৬ চনৰ ভিতৰত চীনৰ জিডিপি ৩ হাজাৰ শতাংশতকৈও অধিক বৃদ্ধি পায় ৷ অৰ্থনৈতিক বিকাশৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু ক’তো বিচাৰি পাবলৈ নাই ৷১৯৭৮ চনত  চীনে এবছৰত যিমান মূল্যৰ ব্যৱসায় কৰিছিল , এতিয়া সেয়া মাত্ৰ দুটা দিনৰ ভিতৰতে সম্ভ হৈ উঠে ৷ ঘৰুৱা অৰ্থনীতি শক্তিশালী কৰিবলৈ লোৱা পদক্ষেপৰ ফলত চীনৰ ৭০ কৌটি নাগৰিক দৰিদ্ৰ সীমাৰেখাৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে আৰু ৩৮ কৌটি নাগৰিক মধ্যবিত্ত শ্ৰেণীলৈ উন্নীত হৈছে ৷ অৰ্থনৈতিক প্ৰগতিৰ এই উদাহৰণ বিশ্বৰ সকলো দেশৰ বাবেই অতি চমকপ্ৰদ হৈ উঠিছে ৷বৰ্তমানৰ শ্বি জিনপিঙৰ চৰকাৰেও বিদেশী বিনিয়োগৰ পথ মুকলি কৰি ৰাখিছে যদিও চৰকাৰে পি পি পি অৰ্থাৎ পাব্লিক – প্ৰাইভেট পাৰ্টনাৰশ্বিপতহে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ৷ মূলত : ঘৰুৱা অৰ্থনীতিক শক্তিশালী কৰাৰ ফলতেই চীনে অতি কম সময়ৰ ভিতৰত বিশ্বৰ অৰ্থনীতিত শক্তিশালী খোজ দিবলৈ সক্ষম হৈছে ৷

(ভিডিওৰ ৰূপত এই বাতৰি চাবলৈ ইয়াত ক্লিক কৰক)

 

Leave A Reply

Your email address will not be published.