৪০ বছৰৰ ভিতৰত চীন কেনেকৈ ইমান ধনী দেশ হৈ পৰিল ?

Share This Article

১৪০ কৌটি জনসংখ্যাৰ পূৱ এছিয়াৰ সৰ্ববৃহৎ দেশ ৷পৃথিৱীৰ প্ৰথম সভ্যতাসমূহৰ ভিতৰত দেশখনৰ য়েল্ল’ নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতাও অন্যতম ৷বিংশ শতিকাৰ আৰম্ভণিতে দেশখন এক বৃহৎ গণ বিদ্ৰোহে জোকাৰি যায়  ৷ পৰৱৰ্তী সময়ত মাও জে দঙৰ নেতৃত্বত চাইনিজ কমিউনিষ্ট পাৰ্টীয়ে দখল কৰে দেশখনৰ ক্ষমতা ৷ এই দেশখন হ’ল পিপ’লছ ৰিপাব্লিক অব চাইনা৷  ভাৰতৰ ওচৰত থাকিলেও সম্পৰ্ক সদায়ে অহি নকুল ৷ চীনক সাধাৰণতে ভাৰতৰ শত্ৰু বুলিয়ে গণ্য কৰা হয় ৷ ১৯৬২ ৰ চীনৰ ভাৰত আক্ৰমণৰ কথা এতিয়াও ভাৰতবাসীৰ মনত সজীৱ হৈ আছে ৷ সেই শত্ৰুতাৰ এতিয়াও ওৰ পৰা নাই ৷ লাডাখ সীমান্তত চীনৰ আগ্ৰাসন আজিও অব্যাহত আছে ৷ কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল সীমান্তৰ নিৰন্তৰ সংঘাতৰ মাজতো চীন হৈ উঠিছে ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক সহযোগী ৷এয়া যোৱাটো বছৰ অৰ্থাৎ ২০২০ চনৰ তথ্য ৷ ২০২০ চনত ভাৰতে সৰ্বাধিক ব্যৱসায়িক লেনদেন কৰিছে চীনৰ সৈতে ৷ ব্যৱসায়িক সহযোগিতাৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে আমেৰিকা আৰু চৌদী আৰৱ ৷

গালৱান ঘাটীত ২০ জনকৈ ভাৰতীয় সেনাৰ মৃত্যুৰ পাছত দুয়োখন দেশৰ সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছিল ৷ আনকি ভাৰতে নিষিদ্ধ কৰিছিল ২০০ ৰো অধিক চাইনিজ এপ্লিকেশ্যন ৷ ইয়াৰ ভিতৰত আছিল টিকটক , কেম স্কেনাৰৰ দৰে জনপ্ৰিয় এপো ৷একেসময়তে ভাৰতে আত্মনিৰ্ভৰশীল ভাৰত অভিযান আৰম্ভ কৰি আমদানিৰ হাৰ কম কৰাৰ প্ৰচেষ্টাও আৰম্ভ কৰে ৷ কিন্তু তাৰ পাছতো চীনৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বিচ্ছিন্ন নহ’ল ৷ কেৱল ২০২০ চনত ভাৰতে চীনৰ পৰা আমদানি কৰিছে ৫৮.৭ আৰৱ ডলাৰৰ সামগ্ৰী  ৷ ইয়াৰ বিপৰীতে ভাৰতে চীনলৈ ৰপ্তানি কৰিছে মাত্ৰ ১৯ আৰৱ ডলাৰৰ সামগ্ৰী ৷এইদৰে দুয়োখন দেশৰ মাজত যোৱাটো বছৰত ৭৭.৭ আৰৱ ডলাৰৰ ব্যৱসায় সম্পন্ন হৈছে ৷কিন্তু গুৰুত্বপুৰ্ণ কথাটো হ’ল চীনৰ পৰা ভাৰতে যিমান মূল্যৰ সামগ্ৰী আমদানি কৰিছে , তাৰ আধাও ভাৰতে ৰপ্তানি কৰিব পৰা নাই ৷ মূল্য হিচাপত এই ব্যৱসায়িক ব্যৱধান প্ৰায় ৪০ আৰৱ ডলাৰৰ ৷

কেৱল ভাৰতেই নহয় , ২০২০ চনত ইউৰোপিয়ান ইউনিয়নৰ লগতো চীনে ব্যৱসায়িক সম্পৰ্ক মজবুত কৰি তোলে আৰু আমেৰিকাক দ্বিতীয় স্থানলৈ ঠেলি দিয়ে ৷ যোৱা বছৰটোত চীন আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত ৭০৯ আৰৱ ডলাৰৰ ব্যৱসায় সম্পন্ন হৈছিল ৷ ইয়াৰ বিপৰীতে আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত হোৱা ব্যৱসায়ৰ মূল্য আছিল ৬৭১ আৰৱ ডলাৰ ৷ইউৰোপিয়ান সংঘৰ মতে , এই সময়ছোৱাত চীন আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত ব্যৱসায়িক লেনদেন ৫.৩ শতাংশ বৃদ্ধি পাইছে ৷ইয়াৰ বিপৰীতে আমেৰিকাৰ সৈতে ব্যৱসায়ৰ পৰিমান ৭৪৬ আৰৱ ডলাৰৰ পৰা ৬৭১ ডলাৰলৈ হ্ৰাস পাইছে ৷ এইদৰেই বিশ্বৰ বজাৰত চীন ক্ৰমাৎ শক্তিশালী হৈ উঠিছে ৷

আপুনি চাগে জানিবলৈ বিচাৰিব যে চীন অৰ্থনৈতিক ভাৱে কিদৰে ইমান শক্তিশালী হৈ উঠিল ? এখন কমিউনিষ্ট শাসিত দেশৰ পৰা কেনেকৈ বিদেশী পুঁজি বিনিয়োগৰ নিৰ্ভৰযোগ্য স্থান হৈ পৰিল চীন ?

চীনৰ উত্তৰণৰ ৰহস্য জানিবলৈ আমি উভতি যাব লাগিব চাৰিটা দশক পাছলৈ ৷ কিয়নো ১৯৭৮ চনত চীনত আৰম্ভ হৈছিল অৰ্থনৈতিক সংস্কাৰৰ প্ৰক্ৰিয়া ৷ তাৰ পাছৰে পৰা বিশ্ব অৰ্থনীতিত চীনে চকুত লগাকৈ উন্নতি কৰিবলৈ আৰম্ভ কৰে ৷ চীনৰ হাতত সম্প্ৰতি আটাইতকৈ বেছি বিদেশী মুদ্ৰা জমা আছে ৷ এই বিদেশী মুদ্ৰাৰ মূল্য হ’ব ৩.১২ আৰৱ ডলাৰ ৷তদুপৰি প্ৰতক্ষ্য বিদেশী বিনিয়োগক আকৰ্ষন কৰা দেশসমূহৰ ভিতৰত চীন আছে তৃতীয় স্থানত ৷

চীনৰ অৰ্থনীতিক শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত তিনিজন নেতাৰ ভূমিকাৰ কথা বিশেষভাৱে উল্লেখ কৰা হয় ৷ তেওলোক হ’ল মাও জে দঙ , দাংগ শ্বায়’পিঙ আৰু শ্বি জিনপিঙ ৷ দাংগ শ্বিনপিঙে প্ৰথমবাৰৰ বাবে দেশৰ পৰা ছোভিয়েট মডেল বাতিল কৰিছিল আৰু অৰ্থনীতিৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰিছিল ৷ দেশখনে নিজৰ অৰ্থনীতিক বিশ্বৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল কৰি নুতুলি ঘৰুৱা অৰ্থনীতিক শক্তিশালী কৰাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাবে গাঁৱে গাঁৱে চৰকাৰী উদ্যোগত মুকলি কৰা হয় বিভিন্ন মেনুফেকচাৰিঙ ইউনিট ৷ইয়াৰ পাছৰে পৰা চীনৰ অৰ্থনৈতিক প্ৰতিচ্ছৱি দ্ৰুতভাৱে সলনি হ’বলৈ ধৰে ৷ ১৯৭৮ চনৰ পৰা ২০১৬ চনৰ ভিতৰত চীনৰ জিডিপি ৩ হাজাৰ শতাংশতকৈও অধিক বৃদ্ধি পায় ৷ অৰ্থনৈতিক বিকাশৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু ক’তো বিচাৰি পাবলৈ নাই ৷১৯৭৮ চনত  চীনে এবছৰত যিমান মূল্যৰ ব্যৱসায় কৰিছিল , এতিয়া সেয়া মাত্ৰ দুটা দিনৰ ভিতৰতে সম্ভ হৈ উঠে ৷ ঘৰুৱা অৰ্থনীতি শক্তিশালী কৰিবলৈ লোৱা পদক্ষেপৰ ফলত চীনৰ ৭০ কৌটি নাগৰিক দৰিদ্ৰ সীমাৰেখাৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে আৰু ৩৮ কৌটি নাগৰিক মধ্যবিত্ত শ্ৰেণীলৈ উন্নীত হৈছে ৷ অৰ্থনৈতিক প্ৰগতিৰ এই উদাহৰণ বিশ্বৰ সকলো দেশৰ বাবেই অতি চমকপ্ৰদ হৈ উঠিছে ৷বৰ্তমানৰ শ্বি জিনপিঙৰ চৰকাৰেও বিদেশী বিনিয়োগৰ পথ মুকলি কৰি ৰাখিছে যদিও চৰকাৰে পি পি পি অৰ্থাৎ পাব্লিক – প্ৰাইভেট পাৰ্টনাৰশ্বিপতহে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ৷ মূলত : ঘৰুৱা অৰ্থনীতিক শক্তিশালী কৰাৰ ফলতেই চীনে অতি কম সময়ৰ ভিতৰত বিশ্বৰ অৰ্থনীতিত শক্তিশালী খোজ দিবলৈ সক্ষম হৈছে ৷

(ভিডিওৰ ৰূপত এই বাতৰি চাবলৈ ইয়াত ক্লিক কৰক)

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.