স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী মূল্যহীন, মোল্লাসকলেই সৰ্বশ্ৰেষ্ঠ”: আফগানিস্তানী শিক্ষামন্ত্ৰী

Share This Article

চৰকাৰ ঘোষণা কৰাৰ পাছতেই তালিবানত সংগঠিত হব ধৰিছে কেতবোৰ নোহোৱা নোপোজা ঘটনা। নতুনকৈ গঠন হোৱা তালিবানৰ শিক্ষামন্ত্ৰী শ্বেখ মৌলৱী নুৰুল্লাহ মুনিৰে কয় যে “পিএইচডি আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ কোনো মূল্য নাই। আজিকালি পিএইচডি আৰু স্নাতকোত্তৰ ডিগ্ৰী মূল্যহীন”। কিয়নো মোল্লা আৰু তালিবান নেতাসকলৰ কোনোৱে পিএইচডি, স্নাতকোত্তৰ আনকি বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লোৱা নাই। কিন্তু তেওঁলোক সৰ্বশ্ৰেষ্ঠ। ” মুনিৰ এই মন্তব্যই পাছতেই বিভিন্ন স্তৰত তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। কিছু কিছু আফগানে আশংকা কৰিছে যে যোৱা ২০ বছৰত আফগানিস্তানত প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থা তালিবানৰ অধীনত ধ্বংস হ’ব।‌ কিছু বছৰ পূৰ্বে, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ যেতিয়া আফগানিস্তান তালিবানী শাসনৰ অধীনত আছিল, তেতিয়া ছোৱালীবোৰৰ বিদ্যালয়লৈ যোৱাৰ অধিকাৰ দিয়া হোৱা নাছিল। কিন্তু এইবাৰ তালিবানে কাবুল দখল কৰাৰ পিছত তেওঁলোকে জনাইছিল যে ছোৱালীবোৰে স্কুল-কলেজলৈ যাব পাৰিব। অৱশ্যে, শ্বৰিয়া আইন অনুসৰি তেওঁলোকে হিজাব পিন্ধিব লাগিব। তালিবানীসকলে এইটোও উল্লেখ কৰিছে যে ল’ৰা আৰু ছোৱালীবোৰে পৃথকে বহিব লাগিব। শিক্ষাৰ্থীসকলে তালিবানৰ আদেশ পালন কৰিছিল। কিন্তু তালিবানে পিছত কৈছিল যে তেওঁলোকে কেৱল হিজাবেই নহয় আবায়া আৰু নেকাবও পিন্ধিব লাগিব। অৱশ্যে বহু সংখ্যক শিক্ষাৰ্থীয়ে এই সিদ্ধান্তৰ বিৰোধিতাৰে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদও কৰিছিল, অধ্যাপকসকলেও সমান্তৰালভাৱে তালিবানৰ ফতোয়াৰৰ প্ৰতিবাদ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.