সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫ বছৰত দিলে ৪.৪৫ লাখ চাকৰি : ডেৰ বছৰত কেনেকৈ দিব ১০ লাখ নিযুক্তি ?

অৰূপ কলিতা

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে ৷ অৰ্থাৎ ২০২৩ ৰ নৱেম্বৰ মাহৰ পূৰ্বে ১০ লাখ নিযুক্তি সম্পন্ন হোৱাৰ কথা ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এই ঘোষণাৰ পাছত বিৰোধীৰ প্ৰশ্ন – বছৰি ২ কৌটি নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি আছিল বিজেপিৰ ৷ এতিয়া কেনেকৈ সেয়া ১০ লাখলৈ হ্ৰাস পালে ? বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ এক সুকীয়া পৰ্যালোচনাৰ প্ৰয়োজন আছে ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ঘোষণা কৰাৰ দৰে ডেৰ বছৰত ১০ লাখ নিযুক্তি প্ৰদান কৰিবলৈ কেন্দ্ৰ সক্ষম হ’বনে নাই , তাৰো এক তাৎক্ষণিক সমীক্ষা জৰুৰী হৈ পৰিছে ৷

কিমান নিযুক্তি দিলে মোদী চৰকাৰে ?

- Donation -

২০২১ চনৰ জুলাই মাহত ৰাজ্যসভাত দিয়া এক উত্তৰত কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছিল যে ২০১৬-১৭ ৰ পৰা ২০২০-২১ চনলৈ  পাঁচটা বছৰত বিভিন্ন বিভাগত প্ৰায় ৪.৪৫ লাখ নিযুক্তি দিয়া হৈছে ৷ ইউ পি এছ চি , এছ এছ চি আৰু ৰেলৱে ৰিক্ৰুইটমেন্ট বোৰ্ডৰ জড়িয়তে এই নিযুক্তিসমূহ প্ৰদান কৰা হৈছে ৷ ইউ পি এছ চিৰ জড়িয়তে ২৫,২৬৭ গৰাকী , এছ এছ চিৰ জড়িয়তে ২,১৪,৬০১ গৰাকী আৰু ৰেলৱে নিযুক্তি বোৰ্ডৰ জড়িয়তে ২,০৪,৯৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা বুলি তথ্য দাখিল কৰা হৈছে ৷

আনহাতে  ২০২১ চনৰ ২২ জুলাইত ৰাজ্যসভাত সদৰী কৰা আন এক তথ্য অনুসৰি  বিগত তিনিটা বৰ্ষত কেন্দ্ৰীয় চৰকাৰে  প্ৰদান কৰিছে ১.৩৯ লাখ নিযুক্তি ৷২০১৮-১৯ ৰ পৰা ২০২০-২১ ৰ ভিতৰত ‘এ” গ্ৰেডত ১৩, ২৩৮ গৰাকীক  আৰু ‘বি’-‘চি’ গ্ৰেডত ১,২৫,৯৬৫ গৰাকীক  ২০১৮-১৯ ৰ পৰা ২০২০-২১ৰ ভিতৰত নিযুক্তি প্ৰদান কৰা হৈছে ৷

ৰাজ্যসভাত দাখিল কৰা একেটা প্ৰশ্নৰ উত্তৰত ভাৰতৰ নিবনুৱা সমস্যাৰ ছবিখনো প্ৰকট হৈ পৰে ৷ কেন্দ্ৰীয় চৰকাৰে সদৰীকৰা অনুসৰি , ২০২০-২১ চনত ‘এ” গ্ৰেডৰ ৪,৯৯৭ টা পদত আবেদনকাৰীৰ সংখ্যা আছিল ২৫লাখ ৯৪ হাজাৰ ৭২৬ গৰাকী ৷ একেদৰে ‘বি’ আৰু ‘চি’ গ্ৰেডৰ ২৩,০০২ টা পদত আবেদনকাৰীৰ সংখ্যা আছিল ১ কৌটি ৫৪ লাখ ০৬ হাজাৰ ৭৪২ গৰাকী ৷ এই পৰিসংখ্যাৰ পৰাই স্পষ্ট হৈ পৰে যে ভাৰতবৰ্ষত নিবনুৱা সমস্যাই কিমান গুৰুতৰৰূপ ধাৰণ কৰিছে ৷ এই অনুপাতত ১০ লাখ চাকৰি তেনেই নামমাত্ৰ ৷

কিমান পদ খালী আছে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ বিভাগত ?

কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ বিভিন্ন বিভাগত মুঠ পদৰ সংখ্যা হ’ল ৪০ লাখ ৪ হাজাৰ ৯৪১ টা ৷ ইয়াৰে ৩১ লাখ ৩২ হাজাৰ ৬৯৮ টা পদত ভৰ্তি হৈ আছে ৷ খালী পদৰ সংখ্যা হ’ল ৮ লাখ ৭২ হাজাৰ ২৪৩ টা ৷

‘এ’ গ্ৰেডৰ ২১,২৫৫ টা , ‘বি; গ্ৰেডৰ ৯৪ , ৮৪২ টা আৰু ‘চি’ গ্ৰেডৰ ৭,৫৬,১৪৬ টা পদ  বৰ্তমান খালী হৈ আছে ৷

ইয়াৰ বাহিৰেও কেন্দ্ৰৰ  অধীনষ্ঠ শিক্ষানুষ্ঠান , পি এছ ইউ , সেনা বাহিনী, অৰ্ধ সামৰিক বাহিনী , চি আৰ পি এফ আদিত মুঠ ৩,৬৪,৩১৪ টা পদ খালী হৈ আছে ৷ নেচনেল হেল্থ মিছনত খালী হৈ আছে ১০ হাজাৰৰো অধিক চিকিৎসকৰ পদ ৷

এতিয়া মূল প্ৰশ্নটো হ’ল – পাঁচ বছৰত ৪.৪৫ লাখ নিযুক্তি দিয়া চৰকাৰখনে ডেৰ বছৰত ১০ লাখ নিযুক্তি দিব পাৰিবনে ? নে এয়া আন এক ঝুমলা হিচাপে প্ৰমান হ’ব ৷ এই সন্দৰ্ভত সকলোৱে হিচাপ ৰখাৰ নিশ্চয় প্ৰয়োজন আছে ৷

 

Leave A Reply

Your email address will not be published.