সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘দ্য ক্ৰছকাৰেন্ট’ৰ দৰ্শক – পঢ়ুৱৈলৈ সম্পাদকৰ চিঠি

দ্য ক্ৰছকাৰেন্টৰ প্ৰতিগৰাকী দৰ্শক , পঢ়ুৱৈক অতি আক্ষেপেৰে জনাও যে  গুৱাহাটী মহানগৰীৰ প্ৰতিকূল বতৰ আৰু কৃত্ৰিম বানে আমাৰ কাৰ্যালয় বুৰাই ৰখাৰ  বাবে কাৰ্যালয়ৰ কামকাজ বিগত তিনিদিন ধৰি ব্যাহত হৈ আছে ৷ যাৰ বাবে আমি আমাৰ ভিডিও প্ৰতিবেদনসমূহো প্ৰস্তুত কৰিব পৰা নাই ৷ ইয়াৰ বাবে আমি আমাৰ শুভাকাংক্ষী , দৰ্শক- পঢ়ুৱৈৰ ওচৰত ক্ষমাপ্ৰাৰ্থী ৷

কৃত্ৰিম বানে বুৰাই পেলাইছে আমাৰ কাৰ্যালয়

- Donation -

তদুপৰি  ১৫ জুনৰ পৰা দ্য ক্ৰছকাৰেন্টৰ দৈনিক নিউজ লেটাৰ সেৱা আৰম্ভ হোৱাৰ কথা আছিল ৷ যিসকল ব্যক্তিয়ে সহযোগী বৰঙণি জমা দি আমাৰ দৈনিক নিউজ লেটাৰ সেৱা চাছক্ৰাইব কৰিছিল , তেখেতসকলৰ জ্ঞাতাৰ্থে জনাও যে বতৰৰ সামান্য উন্নতি হোৱাৰ পাছত আমাৰ কাৰ্যালয়ৰ দৈনিক কাম – কাজ আকৌ আগৰ ৰূপত আৰম্ভ হ’ব ৷ অহা ১ জুলাইৰ পৰা আপোনালোকে নিজৰ ই-মেইল আই ডিত দৈনিক নিউজ লেটাৰ লাভ কৰিব৷ এই প্ৰতিকূল সময়ত আপোনালোকৰ সহায় – সহযোগিতা আমাৰ একান্তই কাম্য ৷

ইতি

সম্পাদক, দ্য ক্ৰছকাৰেন্ট

Leave A Reply

Your email address will not be published.