৫ বছৰত দিলে ৪.৪৫ লাখ চাকৰি : ডেৰ বছৰত কেনেকৈ দিব ১০ লাখ নিযুক্তি ?

Share This Article

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে ৷ অৰ্থাৎ ২০২৩ ৰ নৱেম্বৰ মাহৰ পূৰ্বে ১০ লাখ নিযুক্তি সম্পন্ন হোৱাৰ কথা ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এই ঘোষণাৰ পাছত বিৰোধীৰ প্ৰশ্ন – বছৰি ২ কৌটি নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি আছিল বিজেপিৰ ৷ এতিয়া কেনেকৈ সেয়া ১০ লাখলৈ হ্ৰাস পালে ? বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ এক সুকীয়া পৰ্যালোচনাৰ প্ৰয়োজন আছে ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ঘোষণা কৰাৰ দৰে ডেৰ বছৰত ১০ লাখ নিযুক্তি প্ৰদান কৰিবলৈ কেন্দ্ৰ সক্ষম হ’বনে নাই , তাৰো এক তাৎক্ষণিক সমীক্ষা জৰুৰী হৈ পৰিছে ৷

কিমান নিযুক্তি দিলে মোদী চৰকাৰে ?

২০২১ চনৰ জুলাই মাহত ৰাজ্যসভাত দিয়া এক উত্তৰত কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছিল যে ২০১৬-১৭ ৰ পৰা ২০২০-২১ চনলৈ  পাঁচটা বছৰত বিভিন্ন বিভাগত প্ৰায় ৪.৪৫ লাখ নিযুক্তি দিয়া হৈছে ৷ ইউ পি এছ চি , এছ এছ চি আৰু ৰেলৱে ৰিক্ৰুইটমেন্ট বোৰ্ডৰ জড়িয়তে এই নিযুক্তিসমূহ প্ৰদান কৰা হৈছে ৷ ইউ পি এছ চিৰ জড়িয়তে ২৫,২৬৭ গৰাকী , এছ এছ চিৰ জড়িয়তে ২,১৪,৬০১ গৰাকী আৰু ৰেলৱে নিযুক্তি বোৰ্ডৰ জড়িয়তে ২,০৪,৯৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা বুলি তথ্য দাখিল কৰা হৈছে ৷

আনহাতে  ২০২১ চনৰ ২২ জুলাইত ৰাজ্যসভাত সদৰী কৰা আন এক তথ্য অনুসৰি  বিগত তিনিটা বৰ্ষত কেন্দ্ৰীয় চৰকাৰে  প্ৰদান কৰিছে ১.৩৯ লাখ নিযুক্তি ৷২০১৮-১৯ ৰ পৰা ২০২০-২১ ৰ ভিতৰত ‘এ” গ্ৰেডত ১৩, ২৩৮ গৰাকীক  আৰু ‘বি’-‘চি’ গ্ৰেডত ১,২৫,৯৬৫ গৰাকীক  ২০১৮-১৯ ৰ পৰা ২০২০-২১ৰ ভিতৰত নিযুক্তি প্ৰদান কৰা হৈছে ৷

ৰাজ্যসভাত দাখিল কৰা একেটা প্ৰশ্নৰ উত্তৰত ভাৰতৰ নিবনুৱা সমস্যাৰ ছবিখনো প্ৰকট হৈ পৰে ৷ কেন্দ্ৰীয় চৰকাৰে সদৰীকৰা অনুসৰি , ২০২০-২১ চনত ‘এ” গ্ৰেডৰ ৪,৯৯৭ টা পদত আবেদনকাৰীৰ সংখ্যা আছিল ২৫লাখ ৯৪ হাজাৰ ৭২৬ গৰাকী ৷ একেদৰে ‘বি’ আৰু ‘চি’ গ্ৰেডৰ ২৩,০০২ টা পদত আবেদনকাৰীৰ সংখ্যা আছিল ১ কৌটি ৫৪ লাখ ০৬ হাজাৰ ৭৪২ গৰাকী ৷ এই পৰিসংখ্যাৰ পৰাই স্পষ্ট হৈ পৰে যে ভাৰতবৰ্ষত নিবনুৱা সমস্যাই কিমান গুৰুতৰৰূপ ধাৰণ কৰিছে ৷ এই অনুপাতত ১০ লাখ চাকৰি তেনেই নামমাত্ৰ ৷

কিমান পদ খালী আছে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ বিভাগত ?

কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ বিভিন্ন বিভাগত মুঠ পদৰ সংখ্যা হ’ল ৪০ লাখ ৪ হাজাৰ ৯৪১ টা ৷ ইয়াৰে ৩১ লাখ ৩২ হাজাৰ ৬৯৮ টা পদত ভৰ্তি হৈ আছে ৷ খালী পদৰ সংখ্যা হ’ল ৮ লাখ ৭২ হাজাৰ ২৪৩ টা ৷

‘এ’ গ্ৰেডৰ ২১,২৫৫ টা , ‘বি; গ্ৰেডৰ ৯৪ , ৮৪২ টা আৰু ‘চি’ গ্ৰেডৰ ৭,৫৬,১৪৬ টা পদ  বৰ্তমান খালী হৈ আছে ৷

ইয়াৰ বাহিৰেও কেন্দ্ৰৰ  অধীনষ্ঠ শিক্ষানুষ্ঠান , পি এছ ইউ , সেনা বাহিনী, অৰ্ধ সামৰিক বাহিনী , চি আৰ পি এফ আদিত মুঠ ৩,৬৪,৩১৪ টা পদ খালী হৈ আছে ৷ নেচনেল হেল্থ মিছনত খালী হৈ আছে ১০ হাজাৰৰো অধিক চিকিৎসকৰ পদ ৷

এতিয়া মূল প্ৰশ্নটো হ’ল – পাঁচ বছৰত ৪.৪৫ লাখ নিযুক্তি দিয়া চৰকাৰখনে ডেৰ বছৰত ১০ লাখ নিযুক্তি দিব পাৰিবনে ? নে এয়া আন এক ঝুমলা হিচাপে প্ৰমান হ’ব ৷ এই সন্দৰ্ভত সকলোৱে হিচাপ ৰখাৰ নিশ্চয় প্ৰয়োজন আছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.