সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সেনাৰ মতে গাড়ী নৰখোৱা বাবেই নাগালেণ্ডত হত্যা কৰা হল নেকি নিৰীহ জনতাক?

নাগালেণ্ডৰ নৰমেধ যজ্ঞই জোকাৰিছে সমগ্ৰ দেশ । নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাত সেনাৰ গুলীত ১৪ গৰাকীকৈ অসামৰিক লোকৰ মৃত্যু হোৱাৰ পিছত বিৰোধীৰ প্ৰতিবাদে উত্তাল কৰিছে সংসদৰ শীতকালীন অধিৱেশন। ভাৰতীয় সেনাৰ ভুলৰ বাবেই মৃত্যুবৰণ কৰা ১৪ গৰাকীকৈ সাধাৰণ লোকৰ ন্যায়ৰ দাবীত আজি সংসদ উত্তাল কৰি তুলিলে বিজেপি বিৰোধী সাংসদ সকলে। নাগালেণ্ডৰ বৰ্বৰ ঘটনা সম্পৰ্কে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি সংসদত বক্তব্য প্ৰকাশ কৰি কয় যে নাগালেণ্ডৰ ১৪ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাবে কেন্দ্ৰ অনুতপ্ত। ভাৰত চৰকাৰে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছে আৰু নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। এখন বিশেষ তদন্তকাৰী সমিতি গঠন কৰা হৈছে আৰু এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণত আছে। সকলো সংস্থাই নিশ্চয়তা দিব লাগিব যে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয়।
গৃহমন্ত্ৰী অমিত শ্বাহে সদনত এইবুলিও কয় যে ভাৰতীয় সেনাই নাগালেণ্ডৰ মন জিলাৰ অটিঙত উগ্ৰপন্থীৰ গতিবিধিৰ তথ্য লাভ কৰিছিল। সেই ভিত্তিত ২১ জন কমাণ্ডোৱে সন্দেহজনক এলেকাত অভিযান চলাইছিল।সেই সময়তে এখন বাহন তাত উপস্থিত হৈছিল ৷ বাহনখনক সেনাই ৰবলৈ ইংগিত দিয়াৰ পিছতো পলাই যাবলৈ চেষ্টা কৰিছিল। উগ্ৰপন্থী কঢ়িয়াই নিয়া বাহন বুলি সন্দেহ কৰি সেনাই বাহন খনৰ ওপৰত গুলী চালনা কৰিছিল।
আজি বিৰোধী সাংসদৰ প্ৰতিবাদ আৰু সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবী তীব্ৰতৰ হৈ উঠা বাবেই দুয়োখন সদনতে বিবৃতি পঢ়ি দিবলৈ বাধ্য হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। কিন্তু প্ৰশ্ন হয় – একমাত্ৰ সন্দেহৰ ভিত্তিত সাধাৰণ লোকক গুলী কৰি হত্যা কৰা হত্যাকাৰীৰ বিচাৰ হবনে? সেনাৰ কথা মতে বাহনখন নৰখোৱা বাবেই নিৰীহ লোকক গুলীওৱাৰ অধিকাৰ কোনে দিছিল ? চোৰাংছোৱা সংস্থাৰ ভুল খবৰৰ বাবে এই ঘটনা যদি ঘটিবলৈ পালে , ইয়াৰ দায়িত্ব কোনে ল’ব ? সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অজুহাতত এই নৰমেধক কেৱল ভুল বুজাবুজি বুলি কৈয়ে অমিত শ্বাহে দায়িত্ব সামৰিব পাৰিবনে ? বিশেষ আইন আৰু পৰিস্থিতিৰ দোহাই দি কিমান আৰু কিমান দিনলৈ চলিব মুক্ত হত্যা? নিজৰ বিভাগৰ দুৰ্বলতা আৰু অৰাজকতা ৰাজহুৱা হৈ বুলিয়েই নাগালেণ্ডৰ ঘটনাক সহজভাৱে লব বিচাৰিছে নেকি অমিত শ্বাহে? কিয় আজি সদনত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ কথা ঘোষণা নকৰিলে অমিত শ্বাহে ?কেৱল লিখিত বিবৃতি পঢ়ি দিয়াতেই উত্তৰ পূৱৰ প্ৰতি অমিত শ্বাহৰ দায়িত্ব শেষ নেকি ?
ইফালে লোকসভাত অমিত শ্বাহে বক্তব্য প্ৰকাশ কৰাৰ পিছতে গৃহমন্ত্ৰীৰ ভাষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ বিৰোধী সাংসদসকলে। নাগালেণ্ড হিংসা সম্পৰ্কে আলোচনাৰ দাবী দোহাৰি বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰো দাবী তোলে সাংসদ সকলে। নাগালেণ্ডৰ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে সংসদ ত্যাগ কৰে কংগ্ৰেছ-ডিএমকে- সমাজবাদী পাৰ্টি-বিএছপি আৰু এনচিপিৰ সাংসদ সকলে। উল্লেখ্য যে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নাগালেণ্ডৰ ঘটনাৰ আলোচনাৰ বাবে সংসদত উপস্থিত থাকিবলৈ দাবী জনাইছিল কিন্তু চলিত অধিৱেশনৰ আঁতৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আজি ৰাতিপুৱা নাগালেণ্ডৰ পৰিস্থিতি আৰু কেন্দ্ৰৰ সঁহাৰি সন্দৰ্ভত আলোচনা কৰিবলৈ শ্বাহ আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্যসকলৰ লগত এখন বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তদুপৰি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীৰে নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আজি দাবী উত্থাপন কৰে সংসদত। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰক সমালোচনা কৰি কয় যে প্ৰতি বছৰে কেন্দ্ৰই নাগালেণ্ডত এই আইনৰ ম্যাদ বৃদ্ধি কৰে। নাগালেণ্ডক এটা অশান্ত এলেকা বুলি কয় কিন্তু ইয়াত এতিয়া সকলো সশস্ত্ৰ গোট যুদ্ধ বিৰতি আৰু শান্তি আলোচনাৰ অংশ। নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰাৰ কোনো প্ৰয়োজন নাই বুলি নেফিও ৰিও ই স্পষ্ট কৰি দিয়ে ৷

অসমতো নাগালেণ্ডৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে । অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ভাৰত চৰকাৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা উচিত আৰু উত্তৰ-পূবৰ লোকসকলকো দেশৰ নাগৰিক হিচাপে জীয়াই থাকিবলৈ অনুমতি দিয়া উচিত। নাগালেণ্ড আৰু উত্তৰ-পূবৰ কিছু অংশত কেইবা দশক ধৰি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা বলবৎ হৈ আছে। এই আইনৰ অধীনত সুৰক্ষা বাহিনীয়ে ৰাজ্যৰ আইন কাৰ্যকৰী হৈ থকা যিকোনো স্থানত অভিযান চলাব পাৰে আৰু কোনো আগতীয়া ৱাৰেণ্ট অবিহনে যিকোনো লোকক গ্ৰেপ্তাৰ কৰিব পাৰে। গতিকে নাগালেণ্ডৰ কৰুণ ঘটনাৰ পিছতে এতিয়া নাগৰিকৰ মৌলিক অধিকাৰ বিৰোধী এনে আইন বাতিলৰ দেশৰ সৰ্বত্ৰ দাবী উত্থাপিত হৈছে।উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থাইও আফস্পা বাতিলৰ দাবী উত্থাপন কৰিছে ৷ নেছ’ৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই এই ঘটনাক জঘন্য আৰু বৰ্বৰোচিত আখ্যা দিয়ে। দেশৰেই নিৰাপত্তা বাহিনীয়ে দেশৰেই নাগৰিকক, নিৰীহ খিলঞ্জীয়াক হত্যা কৰা ঘটনাক গৰিহণা দি উচিত তদন্ত আৰু দোষীসকলক কঠোৰ শাস্তিৰ প্ৰদানৰ দাবী তোলে ভট্টাচাৰ্যই। নগা ছাত্ৰ ফেডাৰেচন, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, মণিপুৰ ছাত্ৰ সন্থা, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচন, গাৰো ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা আৰু মিজো জিলাই পলক লৈ গঠিত উত্তৰ–পূব ছাত্ৰ সংগঠনৰ উপদেষ্টাগৰাকীয়ে কয় যে উত্তৰ-পূবত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন থকাৰ বাবে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে উত্তৰ–পূৰ্বাঞ্চলৰ নিৰীহ খিলঞ্জীয়া মানুহক এনেদৰে বৰ্বৰভাৱে হত্যা কৰিব পাৰিছে। সেইবাবেই উত্তৰ–পূব ছাত্ৰ সন্থাই এই আইন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে৷

- Donation -

Leave A Reply

Your email address will not be published.