Investigative reporting with dedication.

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। ভাৰত মহান শক্তি-বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ আৰু সময়-পৰীক্ষিত বন্ধু বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কোভিডে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ স্বত্বেও ভাৰত-ৰাছিয়া সম্পৰ্কৰ বিকাশৰ গতিত কোনো পৰিৱৰ্তন হোৱা নাই। আমাৰ বিশেষ আৰু সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰীত্ব শক্তিশালী হৈ আছে।আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি ৰাছিয়া ভ্ৰমণকাৰী ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সোমবাৰে কয় যে সন্ত্ৰাসবাদ-ড্ৰাগস সৰবৰাহ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজখন হৈছে আমাৰ মুখ্য প্ৰত্যাহ্বান হিচাপে আৰু দুয়োখন দেশে এই যুঁজত সহযোগিতা কৰিব লাগিব।




