অসমৰ এজন সাংসদে লাভ কৰিছে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাব ৷ এই কথা স্বীকাৰ কৰি সাংসদ গৰাকীয়ে কৈছে –“ অসমৰ দায়িত্বপ্ৰাপ্ত তৃণমূলৰ নেতাসকলৰ সৈতে আমাৰ সম্পৰ্ক খুবেই ভাল ৷ তেওলোকে এই বিষয়ে মোৰ লগত কথা পাতিছে ৷ কিন্তু এতিয়াই একো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সময় আহি পৰা নাই ৷ আমি তৃণমূলৰ নেতৃত্বৰ সৈতে আলোচনা কৰি বুজি উঠিছো যে তেওলোক অসমত দলীয় সংগঠন গঢ়িবলৈ আগ্ৰহী ৷ লগতে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনসমূহতো ভাল ফল প্ৰদৰ্শন কৰাৰ চিন্তা- চৰ্চা আৰম্ভ কৰিছে তেওলোকে ৷ গতিকে ময়ো তৃণমূলৰ প্ৰস্তাৱ ভালদৰে বিবেচনা কৰিবলৈ আৰম্ভ কৰিছো ৷ ”
তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ লাভ কৰা অসমৰ সাংসদ গৰাকী হৈছে নৱ কুমাৰ শৰণীয়া ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় সাংসদ তেও ৷ আনন্দ বজাৰ পত্ৰিকাত প্ৰকাশিত বাতৰি অনুসৰি কোকৰাঝাৰৰ সাংসদগৰাকীক ইতিমধ্যে তৃণমূলত যোগ দিয়াৰ প্ৰস্তাব দিয়া হৈছে দলটোৰ শীৰ্ষ নেতৃত্বৰ পৰা ৷ এই প্ৰস্তাব সক্ৰিয়ভাবে বিবেচনা কৰি আছে সাংসাদগৰাকীয়ে ৷উল্লেখ্য যে , পশ্চিমবংগত তৃতীয়বাৰ শাসনলৈ অহাৰ পাছতে তৃণমুলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দ্যোপধ্যায়ে ঘোষণা কৰিছিল –“ এইবাৰ কোনো ৰাজ্যত সংগঠন বিস্তাৰ কৰিবলৈ হ’লে কেৱল তিনি চাৰিজন বিধায়ক বিজয়ী কৰাটোৱে আমাৰ লক্ষ্য নহ’ব ৷ আমাৰ লক্ষ্য হ’ব সেই ৰাজ্যৰ ক্ষমতা দখল কৰা ৷” সেই অনুসৰি দলটোৱে ত্ৰিপুৰা আৰু অসমত সংগঠন বিস্তাৰৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ প্ৰথমাৱস্থাত কংগ্ৰেছৰ কেবাগৰাকীও প্ৰাক্তণ বিধায়ক , জে্যষ্ঠ নেতাৰে যোগাযোগ হৈছিল তৃণমূল নেতৃত্বৰ ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত নৱ কুমাৰ শৰণীয়াক প্ৰস্তাৱ দিছে তৃণমূল কংগ্ৰেছে ৷ সকলো ঠিকে থাকিলে সাংসদগৰাকীয়ে শীঘ্ৰে যোগ দিব তৃণমূল কংগ্ৰেছত ৷