ক’ত কি খোলা , কি বন্ধ : নতুন SOP ৰ সবিশেষ –

Share This Article

ৰাজ্য খনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই  ঘোষনা কৰে নতুন SOP ৷ অহা মঙ্গলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ’ব এই এছ অ’ পি ৷ কি আছে নতুন এছ অ’ পিত , সবিশেষ তলত উল্লেখ কৰা হ’ল –

➡️৫ খন জিলা গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ জিলাত পুনৰ এসপ্তাহৰ বাবে বাহাল থাকিব ‘টোটেল ক’নটেইনমেণ্ট’ ব্যৱস্থা । বিয়লি পাঁচ বজালৈ খোলা থাকিব গেলামালৰ দোকান শাক-পাচলি আৰু ফলমূলৰ বিপণী । কাৰ্যালয়, আন সামগ্ৰীৰ দোকান আৰু যাতায়াত ব্যৱস্থাত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।

➡️ মৰিগাঁও আৰু গোৱালপাৰা জিলাত লকডাউন শিথিল কৰি দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব। দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন। গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব।

➡️কামৰূপ (মহানগৰ), শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলং,ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দিকে ধৰি ২৮খন
জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো কাৰ্যালয়, দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা। বিয়লি পাঁচ বজাৰ পৰা ৰাতিপুৱা পাঁচ বজালৈ সান্ধ্য আইন।

➡️বিয়া-বাৰু, মৃতকৰ সৎকাৰ, শ্ৰাদ্ধ আদিত ১০ জনতকৈ অধিক লোক যাতে সমবেত নহয়, সেয়া কঠোৰ ভাৱে বলৱৎ কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশনা।

➡️ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত মছজিদ-ঈদগাহত মাথো ৫গৰাকী লোকক ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে।

➡️ পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।

➡️পৰৱৰ্তী ঘোষনা পৰ্যন্ত ৰাজ্যত যান বাহন চলাচলৰ ক্ষেত্ৰত Odd/Even ব্যৱস্থা বাহাল থাকিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.