সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫৪ মাহত ৯ বাৰ বদলি : এজন সৎ- নিৰ্ভীক আই এ এছ বিষয়া

দুৰ্নীতিগ্ৰস্থ কৰ্মচাৰীৰ ভিৰত সৎ বিষয়াৰ দুৰ্গতিৰ দৃশ্য বহুবাৰ আমি চিনেমাত দেখিছো ৷ কিন্তু বাস্তৱত তেনে দৃশ্য বৰ দুৰ্লভ ৷বৰং সৎ পথত থাকিম বুলি শপত খোৱা একো একোজন বিষয়াই দুৰ্নীতিৰ লগত আপোচ কৰাৰ দৃশ্যহে সুলভ ৷ এনে হতাশাময় সময়তে এজন সৎ আৰু নিৰ্ভীক যুৱ আই এ এছ বিষয়াই এতিয়া দেশবাসীৰ দৃষ্টি কাঢ়িছে ৷ তেওৰ নাম – লোকেশ কুমাৰ জাংগীৰ ৷ সততাৰ মাচুল এইজন বিষয়াই বাৰে বাৰে ভৰিবলগীয়া হৈছে ৷ মাত্ৰ পাঁচ বছৰৰ চাকৰিত কমেও ৯ বাৰ বদলিৰ সন্মুখীন হৈছে তেও ৷ আনকি হত্যাৰ ভাবুকিও পাইছে ৷

- Donation -

লোকেশ কুমাৰৰ জন্ম মধ্যপ্ৰদেশৰ ভূপালত ৷ স্কুলৰ পৰাই পৰিচয় দিছিল নিজৰ মেধাৰ ৷ কিন্তু চিভিল চাৰ্ভিছ তেওৰ প্ৰথম লক্ষ্য নাছিল ৷ অভিযন্তা হ’ব বিচাৰিছিল ৷ সেইমৰ্মে কম্পিউটাৰ বিজ্ঞানত বি টেক সম্পূৰ্ণ কৰি ২০০৮ চনত যোগ দিয়ে টি চি এছত ৷ চাৰি বছৰ চাকৰি কৰাৰ পাছত চিভিল চাৰ্ভিছৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ গুছি যায় ৷ ২০১৪ চনত চিভিল ছাৰ্ভিছৰ পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হয় ৷ ২০১৬ চনত মধ্যপ্ৰদেশৰ সুপুৰ জিলাত এছ ডি এম হিচাপে চাকৰিত যোগ দিয়ে ৷প্ৰথমৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন ভূমিকা গ্ৰহণ কৰে ৷ যাৰ বাবে চাকৰিৰ প্ৰথম ৫৪ মাহতে ৯ বাৰ বিভিন্ন স্থানলৈ বদলি হ’বলগীয়া হয় ৷ বৰ্তমান মধ্যপ্ৰদেশৰ শিক্ষা কেন্দ্ৰৰ অতিৰিক্ত মেনেজিঙ ডিৰেক্টৰ হিচাপে কৰ্মৰত লোকেশ কুমাৰ জাংগীৰ ৷ সততাই তেওৰ প্ৰধান পৰিচয় ৷ সততাৰ বাবেই দেশজুৰি চৰ্চিত হৈছে এইজন আই এ এছ বিষয়া ৷ তেওৰ নিজৰ ভাষাত –“ আইনৰ ৰছীৰে আমাৰ দুহাত বন্ধা ৷ ইচ্ছা থাকিলেও বহু কথা প্ৰকাশ কৰিব নোৱাৰো ৷ আনকি বহুক্ষেত্ৰত প্ৰতিবাদো কৰিব পৰা নাই ৷ এই বিষয়ত উচিত সময়ত এখন কিতাপ লিখি সকলো কথা প্ৰকাশ কৰিম ৷”

Leave A Reply

Your email address will not be published.