৫৪ মাহত ৯ বাৰ বদলি : এজন সৎ- নিৰ্ভীক আই এ এছ বিষয়া

Share This Article

দুৰ্নীতিগ্ৰস্থ কৰ্মচাৰীৰ ভিৰত সৎ বিষয়াৰ দুৰ্গতিৰ দৃশ্য বহুবাৰ আমি চিনেমাত দেখিছো ৷ কিন্তু বাস্তৱত তেনে দৃশ্য বৰ দুৰ্লভ ৷বৰং সৎ পথত থাকিম বুলি শপত খোৱা একো একোজন বিষয়াই দুৰ্নীতিৰ লগত আপোচ কৰাৰ দৃশ্যহে সুলভ ৷ এনে হতাশাময় সময়তে এজন সৎ আৰু নিৰ্ভীক যুৱ আই এ এছ বিষয়াই এতিয়া দেশবাসীৰ দৃষ্টি কাঢ়িছে ৷ তেওৰ নাম – লোকেশ কুমাৰ জাংগীৰ ৷ সততাৰ মাচুল এইজন বিষয়াই বাৰে বাৰে ভৰিবলগীয়া হৈছে ৷ মাত্ৰ পাঁচ বছৰৰ চাকৰিত কমেও ৯ বাৰ বদলিৰ সন্মুখীন হৈছে তেও ৷ আনকি হত্যাৰ ভাবুকিও পাইছে ৷

লোকেশ কুমাৰৰ জন্ম মধ্যপ্ৰদেশৰ ভূপালত ৷ স্কুলৰ পৰাই পৰিচয় দিছিল নিজৰ মেধাৰ ৷ কিন্তু চিভিল চাৰ্ভিছ তেওৰ প্ৰথম লক্ষ্য নাছিল ৷ অভিযন্তা হ’ব বিচাৰিছিল ৷ সেইমৰ্মে কম্পিউটাৰ বিজ্ঞানত বি টেক সম্পূৰ্ণ কৰি ২০০৮ চনত যোগ দিয়ে টি চি এছত ৷ চাৰি বছৰ চাকৰি কৰাৰ পাছত চিভিল চাৰ্ভিছৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ গুছি যায় ৷ ২০১৪ চনত চিভিল ছাৰ্ভিছৰ পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হয় ৷ ২০১৬ চনত মধ্যপ্ৰদেশৰ সুপুৰ জিলাত এছ ডি এম হিচাপে চাকৰিত যোগ দিয়ে ৷প্ৰথমৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন ভূমিকা গ্ৰহণ কৰে ৷ যাৰ বাবে চাকৰিৰ প্ৰথম ৫৪ মাহতে ৯ বাৰ বিভিন্ন স্থানলৈ বদলি হ’বলগীয়া হয় ৷ বৰ্তমান মধ্যপ্ৰদেশৰ শিক্ষা কেন্দ্ৰৰ অতিৰিক্ত মেনেজিঙ ডিৰেক্টৰ হিচাপে কৰ্মৰত লোকেশ কুমাৰ জাংগীৰ ৷ সততাই তেওৰ প্ৰধান পৰিচয় ৷ সততাৰ বাবেই দেশজুৰি চৰ্চিত হৈছে এইজন আই এ এছ বিষয়া ৷ তেওৰ নিজৰ ভাষাত –“ আইনৰ ৰছীৰে আমাৰ দুহাত বন্ধা ৷ ইচ্ছা থাকিলেও বহু কথা প্ৰকাশ কৰিব নোৱাৰো ৷ আনকি বহুক্ষেত্ৰত প্ৰতিবাদো কৰিব পৰা নাই ৷ এই বিষয়ত উচিত সময়ত এখন কিতাপ লিখি সকলো কথা প্ৰকাশ কৰিম ৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.