তৃণমূলত যোগ দিব অসমৰ এজন সাংসদে !

Share This Article

অসমৰ এজন  সাংসদে লাভ কৰিছে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাব ৷ এই কথা স্বীকাৰ কৰি সাংসদ গৰাকীয়ে কৈছে –“ অসমৰ দায়িত্বপ্ৰাপ্ত তৃণমূলৰ নেতাসকলৰ সৈতে আমাৰ সম্পৰ্ক খুবেই ভাল ৷ তেওলোকে এই বিষয়ে মোৰ লগত কথা পাতিছে ৷ কিন্তু এতিয়াই একো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সময় আহি পৰা নাই ৷ আমি তৃণমূলৰ নেতৃত্বৰ সৈতে আলোচনা কৰি বুজি উঠিছো যে তেওলোক অসমত দলীয় সংগঠন গঢ়িবলৈ আগ্ৰহী ৷ লগতে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনসমূহতো ভাল ফল প্ৰদৰ্শন কৰাৰ চিন্তা- চৰ্চা আৰম্ভ কৰিছে তেওলোকে ৷ গতিকে ময়ো তৃণমূলৰ প্ৰস্তাৱ ভালদৰে বিবেচনা কৰিবলৈ আৰম্ভ কৰিছো ৷ ”

তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ লাভ কৰা অসমৰ সাংসদ গৰাকী হৈছে নৱ কুমাৰ শৰণীয়া ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ  নিৰ্দলীয় সাংসদ তেও ৷ আনন্দ বজাৰ পত্ৰিকাত প্ৰকাশিত বাতৰি অনুসৰি কোকৰাঝাৰৰ সাংসদগৰাকীক ইতিমধ্যে তৃণমূলত যোগ দিয়াৰ প্ৰস্তাব দিয়া হৈছে দলটোৰ শীৰ্ষ নেতৃত্বৰ পৰা ৷ এই প্ৰস্তাব সক্ৰিয়ভাবে বিবেচনা কৰি আছে সাংসাদগৰাকীয়ে ৷উল্লেখ্য যে , পশ্চিমবংগত তৃতীয়বাৰ শাসনলৈ অহাৰ পাছতে তৃণমুলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দ্যোপধ্যায়ে ঘোষণা কৰিছিল –“ এইবাৰ কোনো ৰাজ্যত সংগঠন বিস্তাৰ কৰিবলৈ হ’লে কেৱল তিনি চাৰিজন বিধায়ক বিজয়ী কৰাটোৱে আমাৰ লক্ষ্য নহ’ব ৷ আমাৰ লক্ষ্য হ’ব সেই ৰাজ্যৰ ক্ষমতা দখল কৰা ৷” সেই অনুসৰি দলটোৱে ত্ৰিপুৰা আৰু অসমত সংগঠন বিস্তাৰৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ প্ৰথমাৱস্থাত কংগ্ৰেছৰ কেবাগৰাকীও প্ৰাক্তণ বিধায়ক , জে্যষ্ঠ নেতাৰে যোগাযোগ হৈছিল তৃণমূল নেতৃত্বৰ ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত নৱ কুমাৰ শৰণীয়াক প্ৰস্তাৱ দিছে তৃণমূল কংগ্ৰেছে ৷ সকলো ঠিকে থাকিলে সাংসদগৰাকীয়ে শীঘ্ৰে যোগ দিব তৃণমূল কংগ্ৰেছত ৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.