মহাৰাষ্ট্ৰত সৃষ্টি হোৱা জলপ্ৰলয়ে ভয়ানক ৰূপ লৈছে ৷ দ্য ইন্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ৰাজ্যখনত বান আৰু ভূমিস্খলনত শেহতীয়াকৈ ১১২ জন লোকৰ প্ৰাণহানি হোৱাৰ উপৰি ৯৯ জন লোক নিৰুদ্দিষ্ট হৈ আছে ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ মাণ্ডৰী , দুধসাগৰ , খাণ্ডেপাৰ , চাপোৰা , বলবন্তীকে ধৰি কেবাটাও নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ফলত ৰাইগড় , ৰত্নাগিৰি , সিন্ধুদুৰ্ঘ , চতাৰা , চানগিল , কোহলাপুৰ আদি জিলাৰ বান পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে ৷ বানৰ সমান্তৰালভাৱে হোৱা ভূমিস্খলনৰ ফলত শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহু লোকৰ এতিয়াও সন্ধান ওলোৱা নাই ৷ দুৰ্যোগ প্ৰশমন বাহিনীৰ মতে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে শণিবাৰে আকাশমৰ্গেৰে বান পৰিস্থিতিৰ বুজ লোৱা লগতে সৰ্বাধিক ক্ষতিগ্ৰস্থ ৰাইগড় আৰু ৰত্নাগিৰি জিলালৈ দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২ কৌটিকৈ টকা মোকলাই দিছে ৷ আন বানাক্ৰান্ত জিলাসমূহলৈও ৫০ লাখকৈ টকাৰ পুঁজি আগবঢ়োৱা হৈছে ৷