আজি অসমলৈ অমিত শ্বাহ

Share This Article

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৱলৈ  অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমত উপস্থিত হ’ব ৷ অসমৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ তেও প্ৰথমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন ৰেডিয়েশ্যন থেৰাপি ব্লক আৰু লিনিয়াৰ এক্সেলেটৰ মেচিনৰ শুভাৰম্ভ কৰিব ৷ ইয়াৰ পাছতে শ্ৰীমন্ত শংকেদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানৰ পৰাই  তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ৷ একেটা অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে “প্ৰাৰ্থনা ” শীৰ্ষক আন এক আঁচনিৰ শুভাৰম্ভ কৰিব ৷ এই আঁচনিৰ জড়িয়তে কোভিড পজিটিভ হৈ মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ আত্মীয়ক এক লাখকৈ টকা প্ৰদান কৰা হ’ব ৷

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শণিবাৰে  মেঘালয়ৰ ৰাজধানী শ্বিলঙত উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ এই বৈঠকত এই অঞ্চলৰ ৰাজ্যসমূহৰ মাজত চলি থকা দীৰ্ঘকালীন সীমা সমস্যা সন্দৰ্ভত বিশদভাবে আলোচনা কৰা হয় ৷ গৃহমন্ত্ৰীগৰাকীয়ে কালি ঘোষণা কৰে যে ২০২৪ ৰ ভিতৰত উত্তৰ- পূবৰ সকলো ৰাজ্যৰ ৰাজধানী ৰে’ল , স্থলপথ আৰু আকাশীপথেৰে সংযোগ কৰা হ’ব ৷ ইফালে , অমিত শ্বাহৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসমৰ বান সমস্যা সন্দৰ্ভতো এক প্ৰেজেন্টেচন দাঙি ধৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.