জলপ্ৰলয়ত প্ৰাণ গ’ল ১১২ জন লোকৰ , সন্ধানহীন ৯৯

Share This Article

মহাৰাষ্ট্ৰত সৃষ্টি হোৱা জলপ্ৰলয়ে ভয়ানক ৰূপ লৈছে ৷ দ্য ইন্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ৰাজ্যখনত বান আৰু ভূমিস্খলনত শেহতীয়াকৈ ১১২ জন লোকৰ প্ৰাণহানি হোৱাৰ উপৰি ৯৯ জন লোক নিৰুদ্দিষ্ট হৈ আছে ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ মাণ্ডৰী , দুধসাগৰ , খাণ্ডেপাৰ , চাপোৰা , বলবন্তীকে ধৰি কেবাটাও নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ফলত ৰাইগড় , ৰত্নাগিৰি , সিন্ধুদুৰ্ঘ , চতাৰা , চানগিল , কোহলাপুৰ আদি জিলাৰ বান পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে ৷ বানৰ সমান্তৰালভাৱে হোৱা ভূমিস্খলনৰ ফলত  শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহু লোকৰ এতিয়াও সন্ধান ওলোৱা নাই ৷ দুৰ্যোগ প্ৰশমন বাহিনীৰ মতে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে শণিবাৰে আকাশমৰ্গেৰে বান পৰিস্থিতিৰ বুজ লোৱা লগতে সৰ্বাধিক ক্ষতিগ্ৰস্থ ৰাইগড় আৰু ৰত্নাগিৰি জিলালৈ দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২ কৌটিকৈ টকা মোকলাই দিছে ৷ আন বানাক্ৰান্ত জিলাসমূহলৈও ৫০ লাখকৈ টকাৰ পুঁজি আগবঢ়োৱা হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.