সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ !

ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক
ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ ! কাঢ়ি ল’লে পাছপোৰ্ট
সামাজিক মাধ্যমত লিখি বিপদত চলচ্চিত্ৰ নিৰ্মাতা

গোৱাত অনুষ্ঠিত হৈ থকা
আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে৷

- Donation -

‘এ মাইনৰ’ নামৰ চলচ্চিত্ৰখনৰ নিৰ্মাতা ৰেজা ডৰমিছিয়ানৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে৷

উল্লেখযোগ্য যে ‘ এ মাইনৰ’ নামৰ চলচ্চিত্ৰখন বৃহস্পতিবাৰ আৰু শুকুৰবাৰে গোৱা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল যদিও তেওঁক উপস্থিত থকাৰ পৰা বাৰণ কৰা হ’ল৷

‘এ মাইনৰ’ নামৰ চলচ্চিত্ৰখন এগৰাকী মহিলাৰ কাহিনী সন্নিৱিষ্ট কৰা হৈছে৷উক্ত কাহিনীটোত মহিলাগৰাকীৰ জীয়ৰী গৰাকীক সংগীত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল তেওঁৰ পিতৃ তথা মহিলাগৰাকীৰ ৰক্ষণশীল স্বামীয়ে৷

চলচ্চিত্ৰ নিৰ্মাতা জনৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ‘ তেওঁৰ ওপৰত আইন অনুসৰি ব্যৱস্থা লোৱা হৈছে৷অৱশ্যে ডৰমিছিয়ানক আটক কৰা হৈছে নে নাই,সেই বিষয়ে কোনো সবিশেষ তথ্য লাভ কৰা নাই৷’

ডৰমিছিয়ানে সামাজিক মাধ্যমত ইৰাণ চৰকাৰক প্ৰায়ে সমালোচনা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ হৈছে ইৰাণ চৰকাৰ৷

মেহছা আমিনি নামৰ ২২বছৰীয়া কুৰ্ডীছ যুৱতী গৰাকীৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ সময়তো যথেষ্ট সৰৱ আছিল চলচ্চিত্ৰ নিৰ্মাতাগৰাকী৷
ইৰাণ চৰকাৰে মহিলাই হিজাব পৰিধান কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰাৰ পিছতেই তীব্ৰ প্ৰতিবাদ হৈছিল দেশখনত৷
ইৰাণৰ চলচ্চিত্ৰ জগতৰ লোকসকলে ইয়াৰ বিৰোধিতা কৰাৰ বাবে ইৰাণ চৰকাৰে সেই লোক সকলক মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল৷
বিগত ছেপ্তেম্বৰ মাহৰ পৰাই ৩ জন চলচ্চিত্ৰ নিৰ্মাতাক দেশ এৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল৷

এই চলচ্চিত্ৰ নিৰ্মাতা কেইজনৰ ‘চাইলেণ্ট হাউছ’ নামৰ চলচ্চিত্ৰখন নেডাৰলেণ্ডছত প্ৰদৰ্শন হোৱাৰ কথা আছিল ৷কিন্তু তেওঁলোকৰ পাছপোৰ্ট ইৰাণ
আৰক্ষীৰ জিম্মাত আছে ৷
ভাৰতৰ গোৱাত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত যোগদান কৰাৰ ক্ষেত্ৰত ইৰাণ চৰকাৰে একে ব্যৱস্থাই গ্ৰহণ কৰিলে ডৰমিছিয়ানৰ ক্ষেত্ৰতো৷

Leave A Reply

Your email address will not be published.