যুদ্ধৰ তৃতীয়টো দিনত ৰাছিয়ান সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে ৷ কিয়েভৰ আশে পাশে ইউক্ৰেইনৰ সৈনিক আৰু ৰাছিয়ান সৈনিকৰ মাজত তয়াময়া যুদ্ধ অব্যাহত আছে ৷ মাতৃভূমিৰ সংকটৰ সময়ত কিয়েভত সাধাৰণ নাগৰিকেও হাতত বন্দুক লৈ ৰাজপথত নামি পৰা দেখা গৈছে ৷ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ঘোষণা কৰিছে যে আজি নিশাটোৰ ভিতৰতে দেশৰ ভৱিষ্যত নিৰ্ণয় হ’ব ৷ সেইবাবে তেও সকলো নাগৰিককে ৰুছ সেনাক প্ৰতিহত কৰাৰ আহ্বান জনাইছে ৷ এই আহ্বানৰ পাছতে সৰ্বসাধাৰণ লোকেও হাতত অস্ত্ৰ লৈ দেশৰ সুৰক্ষাত নামি পৰিছে ৷