এজন গুপ্তচৰ কেনেকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হ’ল ?

Share This Article

বিশ্ববাসী আহ্বান আবেদন নেওচি ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই ৷ যুদ্ধত কোনোবাই বাধা দিব বিচাৰিলেই যিকোনো পৰিস্থিতিলৈ যোৱাৰ হুংকাৰ দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ৷

সমগ্ৰ বিশ্বক আতংকগ্ৰস্থ কৰি ৰখা কোন এই ব্লাডিমিৰ পুটিন ?

১৯৪৪ চন ৷ দ্বিতীয় বিশ্বযুদ্ধ চলি আছে ৷ সাময়িক বিৰতি লৈ ঘৰলৈ উভতিছে ৰুছ সৈনিক ব্লাডিমিৰ স্পিৰিদোনোভিচ ৷ ঘৰৰ সন্মুখত দেখিবলৈ পালে শাৰী শাৰী মৃতদেহ ৷ এটা মৃতদেহৰ কাষত পৰি ৰোৱা এপাত জোতা দেখি শোকবিহ্বল হৈ পৰিল স্পিৰিদোনোভিচ ৷

এগৰাকী মহিলাৰ কাষত পৰি ৰোৱা জোতাপাত আছিল তেওৰ পত্নী মাৰিয়া পুতিনাৰ ৷ হুকহুকাই কান্দিবলৈ ল’লে স্পিৰিদোনোভিচে ৷ কিন্তু পথত পৰি ৰোৱা পত্নীৰ দেহ কোলাত তুলি লৈ আনন্দত আত্মহাৰা হৈ পৰিল স্পিৰিদোনোভিচ ৷কাৰণ , পত্নীৰ হৃদস্পন্দন তেও অনুভৱ কৰিছে ৷ মানে মাৰিয়া তেতিয়াও জীয়াই আছে ৷

এই ঘটনাৰ ৮ বছৰ পাছত জন্ম হ’ল তেওলোকৰ এটি পুত্ৰ সন্তানৰ ৷ নাম ৰখা হ’ল ব্লাডিমিৰ ব্লাডিমিৰোভিচ পুটিন ৷ সৰুৰে পতা অত্যুৎসাহী ব্লাডিমিৰ লাহে লাহে আকৰ্ষিত হ’বলৈ ধৰিলে অপৰাধ জগতৰ প্ৰতি ৷ তাৰ পৰা হাত সৰাবলৈ পিতৃ মাতৃয়ে জুডো খেলৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে কিশোৰ পুটিনক ৷নিপুন জুডো আৰু কাৰাটে খেলুৱৈক গুপ্তচৰ সংস্থাত ভৰ্তি কৰাব বিচাৰিছিল ৰুছ চৰকাৰে ৷ ব্লাডিমিৰ পুটিনে এসময়ত যোগ দিলে নিজ দেশৰ গুপ্তচৰ বাহিনীত ৷সেয়া ১৯৭৫ চনৰ কথা ৷ ব্লাডিমিৰ পুটিনৰ বয়স তেতিয়া ২৩ বছৰ ৷১৯৯০ চন পৰ্যন্ত তেও গুপ্তচৰ সংস্থাত কাম কৰি যায় ৷

এসময়ৰ নিপুন গুপ্তচৰ ব্লাডিমিৰ পুটিন বৰ্তমান ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.