সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নচ ট্ৰফী খেলিবলৈ যাবনে ভাৰত?

ক্ৰিকেটক লৈ ভাৰতীয় জনসাধাৰণৰ আৱেগ আৰু উন্মাদনা নতুন নহয়। কপিল দেৱৰ পৰা বিৰাট কোহলিৰ দিনলৈকে প্ৰতিখন খেলতে ভাৰতীয় সমৰ্থকে উজ্জীৱিত কৰি আহিছে প্ৰতিখন ষ্টেডিয়াম। ভাৰতৰ দৰে চুবুৰীয়া দেশ পাকিস্তান-বাংলদেশ-শ্ৰীলংকা আৰু আফগনিস্তানটো আছে ক্ৰিকেটৰ উন্মাদনা। ইয়াৰ মাজতে শেহতীয়াকৈ আইচিচিয়ে ২০২৪ চনৰ পৰা ২০৩১ চনলৈ অনুষ্ঠিত হ’বলগীয়া আইচিচি ইভেণ্টৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি ১৪ খন দেশে আইচিচিৰ হোৱাইট বলৰ ইভেণ্ট আয়োজন কৰিব। উল্লেখযোগ্য যে আয়োজক দেশ সমূহৰ ভিতৰত আমাৰ চুবুৰীয়া দেশ পাকিস্তানো আছে। পাকিস্তানে সুদীৰ্ঘ ২৯ বছৰৰ মূৰত আইচিচি ইভেন্ত আয়োজন কৰাৰ সুযোগ লাভ কৰিছে। পাকিস্তানে ২০২৫ চনত চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব। মঙলবাৰৰ এই ঘোষণাৰ পিছত এতিয়া ভাৰতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব নে নকৰিব তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে। যদি ভাৰতে এই প্ৰতিযোগিতা খনত অংশগ্ৰহণ নকৰে তেন্তে পাকিস্তান ক্ৰিকেট বৰ্ড চমুকৈ পিচিবি সম্পূৰ্ণৰূপে ধ্বংস হব পাৰে। এই ভয়ৰ বাবেই পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰজাই কৈছে যে ভাৰতে বিচাৰিলে পাকিস্তান ক্ৰিকেট বৰ্ডক ধ্বংস কৰিব পাৰে। এতিয়া প্ৰশ্ন হয় – ৮ বছৰত কিমানটা আইচিচি ইভেণ্ট অনুষ্ঠিত হ’ব? কোনবোৰ দেশত প্ৰথমবাৰৰ বাবে আইচিচি ইভেণ্ট অনুষ্ঠিত হব? ভাৰতে পাকিস্তানত অনুষ্ঠিত হবলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব নে নকৰে? যদি ভাৰতে পাকিস্তানত অনুষ্ঠিত হবলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ নকৰে তেন্তে কি ক্ষতি হব পাকিস্তানৰ? ২০২৪ চনৰ পৰা ২০৩১ চনলৈ ৮ টা আইচিচি ইভেণ্ট অনুষ্ঠিত হব। ইয়াৰ ভিতৰত আছে ৪ টা টি-২০ বিশ্বকাপ তথা ২ টা এদিনীয়া বিশ্বকাপ আৰু ২ টা চেম্পিয়নছ ট্ৰফী। এই ৮ টা আইচিচি ইভেণ্ট ১৪ খন দেশে আয়োজন কৰিব। ২০২৫ আৰু ২০২৯ চনত অনুষ্ঠিত হবলগীয়া চেম্পিয়নছ ট্ৰফী এখনকৈ দেশে আয়োজন কৰিব। টি-২০ আৰু এদিনীয়া বিশ্বকাপত দুখন বা তিনিখন দেশ সহ-আয়োজক হোৱাৰ সম্ভাৱনা আছে।প্ৰথমে আলোচনা কৰিব খুজিছো চেম্পিয়নছ ট্ৰফীৰ কথা। পাকিস্তান ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজক দেশ। ভাৰতে ২০২৯ চনৰ চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব। একেদৰে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ দক্ষিণ আফ্ৰিকা-জিম্বাবোৱে আৰু নামিবিয়াই আয়োজন কৰিব। ২৪ বছৰৰ পিছত আফ্ৰিকাৰ দেশসমূহত আইচিচি ইভেণ্ট অনুষ্ঠিত হব। ইয়াৰ পূৰ্বে ২০০৩ চনৰ এদিনীয়া বিশ্বকাপ দক্ষিণ আফ্ৰিকা-জিম্বাবোৱে আৰু কেনিয়াত অনুষ্ঠিত হৈছিল। টি-২০ বিশ্বকাপ প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। পৰৱৰ্তী ২০২৪ চনৰ টি-২০ বিশ্বকাপ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হব। ২০২৬ চনত ভাৰত-শ্ৰীলংকা তথা ২০২৮ চনত অষ্ট্ৰেলিয়া-নিউজিলেণ্ড আৰু ২০৩০ চনৰ টি-২০ বিশ্বকাপ ইংলেণ্ড-আয়াৰলেণ্ড আৰু স্কটলেণ্ডে আয়োজন কৰিব। এতিয়া ডাঙৰ প্ৰশ্নটো হল ভাৰতে পাকিস্তানত অনুষ্ঠিত হবলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব নে নকৰে? খেল মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে কয় যে যেতিয়া এটা আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় তেতিয়া বহুতো দিশ বিবেচনা কৰা হয়। পাকিস্তানৰ পৰিস্থিতি স্বাভাৱিক নহয়। সেইকাৰণে বহুতো দেশে পাকিস্তানত উপস্থিত হোৱাৰ পিছতো তাত খেলিবলৈ অস্বীকাৰ কৰে। ঠাকুৰে লগতে কয় যে যেতিয়া ভাৰতে প্ৰতিযোগিতা খনত যোগদান কৰা সম্পৰ্কত চিন্তা কৰিব তেতিয়া এটা সিদ্ধান্ত লোৱা হ’ব। ভাৰত চৰকাৰ আৰু গৃহ মন্ত্ৰালয়ে প্ৰতিটো দিশ বিবেচনা কৰিব আৰু সিদ্ধান্ত গ্ৰহণ কৰিব। ইতিপূৰ্বে পাকিস্তানত দলবোৰৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ হৈছে। এইটো এটা ডাঙৰ চিন্তাৰ কাৰণ। কিন্তু যদি ভাৰতে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ নকৰে তেন্তে কি হব? বিচিচিআই ক্ৰিকেটৰ আটাইতকৈ ধনী বৰ্ড। আইচিচিত ভাৰতৰ মৰ্যাদা ৰাষ্ট্ৰসংঘৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে একে। শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাও ইয়াক স্বীকাৰ কৰিছে। ৰাজাই এক বিবৃতিত কৈছিল যে ভাৰতে বিচাৰিলে পাকিস্তান ক্ৰিকেট বৰ্ডকো ধ্বংস কৰিব পাৰে কিয়নো আইচিচিৰ ৯০% পুঁজি ভাৰতৰ পৰা আহে। পাকিস্তান ক্ৰিকেট বৰ্ডৰ বাজেটৰ ৫০% আইচিচিৰ পুঁজিৰ পৰা আহে। আইচিচিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু স্থানীয় বজাৰৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ সময় আহি পৰিছে। ৰাজাই লগতে কয় যে যদি ভাৰতে আইচিচিৰ এটা ছিৰিজ টোত অংশগ্ৰহণৰ পৰা আঁতৰি থাকে তেন্তে এই ছিৰিজ টোৰ কি হব তাৰ ধাৰণা কৰাটো টান। কেৱল পাকিস্তানেই নহয় বহুতো দেশৰ ক্ৰিকেট বৰ্ড ভাৰতৰ ওপৰত নিৰ্ভৰশীল। উল্লেখ্য যে ভাৰত ২০০৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছিল। তাৰ পিছত আইচিচি ইভেণ্টটো বেয়াকৈ ফ্লপ হৈছিল। বিশ্বকাপৰ আয়োজক ৱেষ্ট ইণ্ডিজ বৰ্ড যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল। যদি ভাৰতৰ প্ৰস্থানৰ বাবে বৰ্ডবোৰে পুঁজি হেৰুৱায় তেন্তে ভাৰতে অংশগ্ৰহণ নকৰিলে আয়োজক দেশ পাকিস্তানে ভৰিব লগীয়া লোকচানৰ পৰিমাণ ইয়াৰ পৰাই অনুমান কৰিব পাৰি। ১৯৯৬ চনৰ পৰা পাকিস্তানত কোনো আইচিচি ইভেন্ত অনুষ্ঠিত হোৱা নাই। সেই সময়ত পাকিস্তান-ভাৰত আৰু শ্ৰীলংকা এদিনীয়া বিশ্বকাপৰ সহ-আয়োজক আছিল। সুদীৰ্ঘ ২৯ বছৰৰ পিছত ২০২৫ চনত পাকিস্তানত আইচিচি ইভেন্ত অনুষ্ঠিত হব। ২০০৯ চনত পাকিস্তান ভ্ৰমণ কৰা শ্ৰীলংকাৰ ক্ৰিকেট দলৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান ক্ৰিকেট অতি বেয়াকৈ প্ৰভাৱিত হৈছে। কিছুমান দেশে শেহতীয়া বছৰবোৰত পাকিস্তান ভ্ৰমণ কৰিছে কিন্তু এই বছৰ পাকিস্তান ভ্ৰমণ কৰা নিউজিলেণ্ডৰ দলটোৱে নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি শৃংখলাটোৰ প্ৰথমখন খেলৰ আধা ঘণ্টা আগতে ভ্ৰমণটো বাতিল কৰিছিল। ইংলেণ্ডেও পাকিস্তান ভ্ৰমণ কৰাৰ কথা আছিল আৰু ইংলেণ্ডেও নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি ভ্ৰমণটো বাতিল কৰিছিল। এনেদৰেই এতিয়া ২৯ বছৰৰ পিছত আইচিচি ইভেন্ত অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিও অনিশ্চয়তাত ভুগিছে পাকিস্তান। অৱশ্যে ২০২৫ চনত সন্ত্ৰাসবাদেৰে জৰ্জৰিত দেশ পাকিস্তানত অনুষ্ঠিত হবলগীয়া চেম্পিয়নচ ট্ৰফীত ভাৰতকে ধৰি আন দল সমূহে অংশগ্ৰহন কৰে নে নকৰে পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Leave A Reply

Your email address will not be published.