কলিয়াভোমাৰত দুর্ঘটনাগ্ৰস্ত বাহনৰ সন্ধান লাভ

Share This Article

কলিয়াভোমাৰত দুর্ঘটনাগ্ৰস্ত বাহনৰ সন্ধান পাইছে আৰক্ষীয়ে৷ যোৱা ২১ নৱেম্বৰত ডিমাপুৰৰ পৰা বান্দৰদোৱালৈ গৈ আছিল দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ আছিল এন এল ০১ কে ৩৫৩৫। দুৰ্ঘটনাগ্ৰস্ত ১০ চকীয়া ট্ৰাকখন আছিল এছ এ এম ট্ৰাঞ্চপ’ৰ্ট কম্পেনীৰ।। ট্ৰাকখনত আছিল ১৬ মেট্ৰিক টন লোহাৰ ৰড। উদ্ধাৰকাৰীসকলে ট্ৰাকখন উদ্ধাৰ কৰিছে যদিও বৰ্তমানেও নিখোজ হৈ আছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।ট্ৰাকখনৰ চালকজনৰ নাম ৰাজীৱ বিশ্বকৰ্মা আৰু হেণ্ডিমেন অমিত ডনাৰ ওৰফে লুতে। চালক ৰাজীৱ বিশ্বকৰ্মাৰ ঘৰ জামুগুৰিৰ আগৰিপামত আৰু অমিত ডনাৰৰ ঘৰ বিহালীৰ ৰঙাচালিত। বৰ্তমানেও নিখোজ হৈ থকা ট্ৰাকখনৰ চালক ৰাজীব বিশ্বকৰ্মা আৰু হেণ্ডিমেন অমিতৰ সন্ধান অব্যাহত ৰাখিছে উদ্ধাৰকাৰীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.