চাকৰি দিয়াৰ সলনি খালেহে নৰেন্দ্ৰ মোডীয়ে
৩.০০০ নিৰাপত্তাৰক্ষীৰ পদ বিলুপ্ত কোটিৰ ঘৰত সংস্থাপন দিব বিচৰা মোডীয়ে খেদিলে ৩ হাজাৰকব্যক্তিগত কোম্পানীৰ নিৰাপত্তাৰক্ষীয়েহে ৰখিব বিমানবন্দৰ
CISF ৰ ৩,০০০ পদ
নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে
কেন্দ্ৰত শাসনলৈ অহা নৰেন্দ্ৰ মোডী চৰকাৰে সংস্থাপন দিয়াটো দূৰৰ কথা , থকা চাকৰি কেইটাও নোহোৱা কৰাতহে লাগিছে
মূল্যবৃদ্ধি,মুদ্ৰাস্ফীতি,নিবনুৱা সমস্যাই জুৰুলা কৰা দেশৰ জনতাক এইবাৰ পদ বিলুপ্ত কৰি দিছে অন্য এক অশনি সংকেত
CISF অৰ্থাৎ কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ মুঠ ৩০০০ জোৱানৰ চাকৰি এটা নিৰ্দেশত নাম নিচান নোহোৱা কৰি পেলালে চৰকাৰে৷
এতিয়াৰ পৰা বিমান বন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা CISF ৰ জোৱানৰ স্থানত দেখা যাব ব্যক্তিগত কোম্পানীৰ নিৰাপত্তাৰক্ষীক
গৃহ মন্ত্ৰালয় আৰু বিমান পৰিবহন দপ্তৰে যুটীয়াভাৱে ২০১৮-১৯ বৰ্ষৰ বাবে এক আঁচনি যুগুত কৰিছিল৷
সেই আঁচনি এতিয়া দেশৰ মুঠ ৫০ টা বিমানবন্দৰত কাৰ্যকৰী কৰা হৈছে৷
ব্যুৰ’ অব চিভিল এভিয়েশ্বন ছিকিউৰিটি চমুকৈ BCAS এ ঘাইকৈ বিমানবন্দৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশবোৰ চোৱাচিতা কৰে৷
BCAS এ বৰ্তমান CISF ৰ ৩,০৪৯ টা পদ বিলুপ্ত কৰি তাৰ ঠাইত ১,৯২৪ টা ব্যক্তিগত কোম্পানীৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে
নিৰাপত্তা বিভাগৰ দায়িত্বত থকা এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে এনে কৰাৰ ফলত বিমান বন্দৰ অপাৰেটৰ সকলৰ ব্যয় হ্ৰাস পাব
BCAS ৰ যুটীয়া সঞ্চালক জয়দীপ প্ৰসাদে কয় যে ব্যক্তিগত নিৰপত্তা সংস্থাবোৰে BCAS ৰ অনুমতি সাপেক্ষেহে নিৰাপত্তাৰক্ষী নিয়োগ কৰিব পাৰিব
আন এগৰাকী নিৰাপত্তা বিষয়াৰ মতে দিল্লী,মুম্বাই আৰু আন বিমানবন্দৰবোৰত কেৱল অসংবেদনশীল বিষয়বোৰহে চোৱাচিতা কৰিব ব্যক্তিগত কোম্পানীৰ নিৰাপত্তাৰক্ষীয়ে
তদুপৰি CISF ৰ জোৱানে এয়াৰপৰ্টত যাত্ৰী প্ৰৱেশ কৰাৰ সময়ত পৰীক্ষা কৰা,আন প্ৰয়োজনীয় তদন্ত আদি কৰিব পাৰিব৷
CISF ৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে এভিয়েশ্বন ছিকিউৰিটি গ্ৰুপত থকা মুঠ ৩৩ হাজাৰ নিৰাপত্তাৰক্ষীৰ ভিতৰত মুঠ ৩,০৪৯ টা পদ বিলুপ্ত কৰা হৈছে৷
দেশৰ মুঠ ৬৩ টা বিমান বন্দৰৰ নিৰাপত্তাৰ দায়িত্বত আছে এই ৩৩হাজাৰ নিৰাপত্তাৰক্ষী৷
ব্যক্তিগত খণ্ডৰ ১,৯২৪ গৰাকী নিৰাপত্তাৰক্ষী নিয়োগৰ পিছত বিমানবন্দৰৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া হ’ব বুলি কয় নিৰাপত্তা বিষয়াগৰাকীয়ে
এইখিনিতে উল্লেখ কৰিব পাৰি যে CISF হ’ল নেশ্যনেল এভিয়েশ্বন ছিকিউৰিটিৰ অধীন আৰু ইয়াৰ অধীনত মুঠ ১.৬৩ লাখ নিৰাপত্তাৰক্ষী আছে ৷
২০০০ চনত জয়পুৰ বিমানবন্দৰত প্ৰথম CISF ৰ নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছিল
আফগানিস্থানৰ কান্দাহাৰত ১৯৯৯ চনত সন্ত্ৰাসবাদীয়ে এখন বিমান হাইজেক কৰাৰ পিছতেই ভাৰত চৰকাৰে বিমানবন্দৰবোৰত CISF কৰ্মী নিয়োগৰ সিন্ধান্ত লৈছিল৷