৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত শ্বেখ হাছিনা

Share This Article

 

বাংলাদশৰ প্ৰধানমন্ত্ৰীক আদৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত হাছিনা অৰ্থনৈতিক উন্নয়ন সম্পৰ্কত হ’ব আলোচনা

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

সোমবাৰে বিয়লি নতুন দিল্লীত উপস্থিত হোৱা শ্বেখ হাছিনাই কালি নিজামুদ্দিন আউলীয়াৰ দৰগাহ পৰিদৰ্শন কৰে৷

মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰক সাক্ষাৎ কৰিব

ৰাষ্ট্ৰপতি ভৱনত সাংবাদিকৰ লগত হোৱা সাক্ষাতত হাছিনাই কয় তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত দুয়োখন দেশৰে জনতাৰ জীৱন শৈলী,অৰ্থনৈতিক উন্নয়ন আদিত কেনেধৰণে দুয়ো দেশে একেলগে আগবাঢ়িব তাৰ বিষয়ে আলোচনা কৰিব৷

বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ বিষয়টো সুঁৱৰি হাছিনাই কয় “ভাৰত আমাৰ বন্ধু৷ভাৰতলৈ আহিলেই মোৰ দেশখনে বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত আগবঢ়োৱা বৰঙনিৰ কথা মনত পৰে৷আমাৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ৷আমি সদায়ে এখনে আনখনক সহযোগিতা আগবঢ়াই আহিছোঁ”

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে৷

এই ভ্ৰমণৰ সময়চোৱাত তিস্তা নদীৰ জলবিবাদ আঁতৰোৱাৰ বাবেও চুক্তি সম্পাদন হ’ব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.