কৰ্ণাটকৰ বন ,খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰীৰ দেহাৱসান

Share This Article

কৰ্ণাটকৰ মন্ত্ৰীৰ দেহাৱসান
কৰ্ণাটকৰ বন ,খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰীৰ দেহাৱসান
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মন্ত্ৰী উমেশ কাট্টিৰৰ মৃত্যু
বুধবাৰে ৰাজ্যখনৰ সকলো শিক্ষা প্ৰতিষ্ঠান,শিক্ষানুষ্ঠান বন্ধ ঘোষণা

মঙলবাৰে পুৱতি নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটে কৰ্ণাটকৰ বাসৱৰাজ বম্মাইৰ মন্ত্ৰীসভাৰ মন্ত্ৰীগৰাকীয়ে। ডলাৰচ কলনিত থকা তেওঁৰ বাসগৃহত নিশা তেওঁ বুকুৰ বিষ অনুভৱ কৰে আৰু তেওঁক ৰামায়া হস্পিতাললৈ লৈ যোৱা হয়৷কিন্তু চিকিৎসকে তেওঁক তাত মৃত ঘোষণা কৰে৷ মুখ্যমন্ত্ৰী বম্মায়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় “ মই মোৰ এগৰাকী ঘনিষ্ঠ বন্ধুক হেৰুৱালোঁ৷তেওঁ মোৰ এজন ভাতৃৰ দৰে৷তেওঁৰ অলপ হাৰ্টৰ সমস্যা আছিল,কিন্তু তেওঁ ইমান সোনকালে আমাক এৰি যাব বুলি ভবা নাছিলোঁ৷তেওঁৰ মৃত্যুত যিটো স্থান শূণ্য হ’ল,সেই স্থান পূৰ কৰাটো অসম্ভৱ৷”। তেওঁৰ মৃতদেহ এয়াৰ এম্বুলেন্সেৰে তেওঁৰ জন্ম স্থানলৈ নিয়া হ’ব৷বুধবাৰে ৰাজ্যখনৰ সকলো শিক্ষা প্ৰতিষ্ঠান,বিদ্যালয়,মহাবিদ্যালয় আদি বন্ধ ঘোষণা কৰা হৈছে৷ মৃত্যুৰ সময়ত উমেশ কাট্টিৰ বয়স আছিল মাত্ৰ ৬১ বছৰ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.