সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘CBI ৰ সমৰ্থন নাই ছিছ’ডিয়াৰ গ্ৰেপ্তাৰত’

দিল্লীৰ উপমুখ্য মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক বিশেষ সূত্ৰৰ উদ্ধৃতি দি কয়’ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰত অলপো সমৰ্থন নাই CBI ৰ ।CBI ৰ বিষয়াৰ যথেষ্ট সন্মান আছে ছিছ’ডিয়াৰ প্ৰতি।কিন্তু কেৱল ৰাজনৈতিক হেঁচাৰ বাবে এই সিদ্ধান্ত ল’বলগীয়া হৈছে তেওঁলোকে। ‘উল্লেখ্য যে দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক দেওবাৰে ৮ ঘণ্টা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে চিবিআয়ে।দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰীত অভিযুক্তৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয় মণীষ ছিছ’ডিয়াক৷ইয়াৰ আগতেও ছিছ’ডিয়াৰ ঘৰ,বেংক লকাৰ আৰু কাৰ্যালয়ত তালাচী চলাইছিল সংস্থাটোৱে।দেওবাৰে মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰৰ পিছত সৰৱ হৈছে বিজেপি দল৷বিজেপিৰ অভিযোগ এই আবকাৰী নীতিৰ মূল হোতা অৰবিন্দ কেজৰিৱালহে৷

 

 

 


 

Leave A Reply

Your email address will not be published.