গ্ৰন্থ চাহেব লৈ প্ৰতিবাদ নচলিব !

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কোনো কাৰণতে পঞ্জাৱক অশান্ত হ’বলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে।’অতি কষ্টেৰে উপাৰ্জিত শান্তি’ কোনো কাৰণতে বিঘ্নিত হ’বলৈ দিয়া নহ’ব বুলি কঠোৰ ভাৱে সকীয়াই খালিস্তানীৰ সমৰ্থক নেতা ভগৱন্ত মানক।অৱশ্যে পঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে খালিস্তানী নেতা অমৃতপাল অথবা তেওঁৰ সংগঠন ‘ ৱাৰিছ পাঞ্জাৱ দে’ ৰ নাম উচ্চাৰণ নকৰাকৈয়ে এনেদৰে সকীয়াই দিয়ে তেওঁ আৰু তেওঁৰ সমৰ্থক সকলক।আশীৰ দশকৰ সেই অশান্ত পঞ্জাৱৰ বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰী মানে কয় ‘ পঞ্জাবৰ জনতাই বিগত দিনবোৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।বৰ্তমান তেওঁলোকে কেৱল শান্তি আৰু উন্নয়ন বিচাৰে।”ভগৱন্ত মানে অভিযোগ কৰি কয় যে কিছু বিভাজনকামী শক্তিয়ে ৰাজ্যখনত শান্তি শৃংখলা বিঘ্নিত কৰিব বিচাৰিছে।উল্লেখ্য যে বিগত বৃহস্পতিবাৰে অমৃতপাল আৰু তেওঁৰ অনুগামীয়ে ৰাজ্যখনৰ অজানৱালা আৰক্ষী থানাৰ সন্মুখত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল।আৰক্ষী থানাত আক্ৰমণকাৰী লোক সকলে গুৰু গ্ৰন্থ চাহেব লৈ প্ৰতিবাদ কৰিবলৈ আহিছিল।গুৰু গ্ৰন্থ চাহেব হাতত লৈ অহা সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ‘ গুৰু গ্ৰন্থ চাহেবে আমাক সকলোকে অনুপ্ৰাণিত কৰে।কিন্তু এই খন হাতত লৈ অস্ত্ৰশস্ত্ৰৰে আক্ৰমণ কৰিবলৈ যোৱাটো গ্ৰহণযোগ্য নহয়।’আনহাতে ,খালিস্তানী সমৰ্থক অমৃতপালৰ দাবী তেওঁৰ এগৰাকী অনুগামী লভপ্ৰীত সিঙক জেলৰ পৰা মুক্ত কৰাৰ বাবে তেওঁলোকে আৰক্ষী নিৱেশলৈ গৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে।আনহাতে,আপ চৰকাৰৰ দাবী অমৃতপালৰ এই উত্থানৰ আঁৰত পাকিস্তানৰ হাত আছে।ৰাজ্যখনত বিছিন্নতাবাদক প্ৰশ্ৰয় দিয়াৰ বাবেই পঞ্জাৱ খন এসময়ত অশান্ত হৈ আছিল আৰু ইয়াৰ বাবে আপে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলকে জগৰীয়া কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296