বিমান নুৰিব পাৰে কিন্তু বিমান বন্দৰ হ’ল দুগুণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে বেংগালুৰুৰ শিৱমগা বিমান বন্দৰ উদ্বোধন কৰি কয় যে ডাবল ইঞ্জিনেৰে যেনেকৈ গাড়ী স্পীডত চলাব পাৰি ঠিক তেনেকৈ ডাবল ইঞ্জিনেৰে সুস্থভাৱে চলাব পাৰি চৰকাৰো।কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পাৰ ৮০ বছৰীয়া জন্মদিন উপলক্ষে নতুন বিমান বন্দৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰীয়ে সোমবাৰৰ দিনটোতেই ৰাজ্যখনৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৩নম্বৰ ইনষ্টলমেণ্ট মুকলি কৰাৰ কথা।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত কয় যে একমাত্ৰ বিজেপি চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ বাবেই ভাৰতত বিমান যাত্ৰা সহজ আৰু সুলভ হৈছে।২০১৪ চনলৈকে দেশত মাত্ৰ ৭৪ টা বিমান বন্দৰ আছিল আৰু বৰ্তমান ৭৪ টা বিমান বন্দৰ নতুনকৈ স্থাপন কৰা হৈছে।তেওঁ লগতে কয় ইয়াৰ আগতে চৰকাৰে কেৱল নগৰবোৰৰ উন্নয়নত গুৰুত্ব দিছিল কিন্তু বৰ্তমান চৰকাৰে গ্ৰামাঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে।এইটো ২ আৰু ৩ নম্বৰ টায়াৰ একেলগে জোৰদাৰ গতিত চলাৰ ফল।উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে কৰ্ণাটকত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।কৰ্ণাটক বিধানসভাত মুঠ ২২৪ খন আসন আছে।বৰ্তমান চৰকাৰৰ দুৰ্নীতিয়ে কৰ্ণাটকৰ জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বহুবোৰ বিভাগৰ চৰকাৰী কৰ্মচাৰীয়েও প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে৷সেয়ে শংকিত হৈছে বিজেপি।আনহাতে,কৰ্ণাটকত লোকসভাৰ আসন আছে ২৮ খন।আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে নিজকে প্ৰস্তুত কৰা বিজেপিয়ে কৰ্ণাটক নিজৰ হাতৰ মুঠিৰ পৰা হেৰুৱাব বিচৰা নাই।সেয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰে কৰ্ণাটকত বহুকেইটা প্ৰকল্প হাতত লৈছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296