(১)
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এতিয়া দেশৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত ব্যক্তি ৷ তেওৰ শেহতীয়া দিল্লী ভ্ৰমণেও লাভ কৰিছে ব্যাপক চৰ্চা ৷ ইয়াৰ পূৰ্বে কোনো এগৰাকী মুখ্যমন্ত্ৰীৰ দিল্লীত পদাৰ্পণক লৈ ইমান হৈ চৈ হোৱাৰ কথা মনত নপৰে ৷ প্ৰবলপ্ৰতাপী বিজেপিক পশ্চিমবংগত শোচনীয় পৰাজয়ৰ সন্মুখীন কৰাই মমতা বেনাৰ্জীয়ে নিজকে নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে ৷ বিজেপিক প্ৰতিহত কৰাৰ ক্ষমতা যে বিৰোধী শিবিৰৰ আছে , সেই কথাই অকৌ এবাৰ প্ৰতিপন্ন কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ৷ তাৰ পাছতো তেও ক্ষান্ত হোৱা নাই ৷ বংগৰ পৰিধি ভাঙি সমগ্ৰ দেশত বিস্তাৰ কৰিব বিচাৰিছে নিজৰ প্ৰভাৱ ৷ ইয়াৰ বাবে সাংগঠনিক কাৰ্যসূচী লোৱাৰ সমান্তৰালভাৱে বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰতো আগভাগ লৈছে ৷ বুধবাৰৰ দিনটোত কংগ্ৰেছ প্ৰধান ছোনিয়া গান্ধী আৰু আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰি তেও বিৰোধী দলসমূহলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে বিৰোধী ঐক্যই কেতিয়ালৈ এক নিৰ্দিষ্ট ৰূপ লয় , তাৰ বাবে দীঘলীয়া সময়ৰ অপেক্ষাৰ দৰকাৰ হ’ব ৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল – এসময়ত এইগৰাকী নেত্ৰীক কংগ্ৰেছ দলৰ মজিয়াত এঘৰীয়া কৰি পেলোৱা হৈছিল ৷ পৰিণতিত তেও কংগ্ৰেছ এৰি গঠন কৰিছিল তৃণমূল কংগ্ৰেছ ৷ আনকি কংগ্ৰেছ – বাওপন্থীৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিৰ লগতো মিত্ৰতা কৰিছিল ৷অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত তেও আছিল ৰে’ল মন্ত্ৰালয়ৰ দায়িত্বত ৷ কালৰ কুটিল গতিত আজি বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী যদি কোনোবা আছেগৈ , সেইগৰাকীয়ে হ’ল মমতা বেনাৰ্জী ৷ তেওৰ হাতত ধৰিয়েই এতিয়া দেশৰ সৰ্ববৃহৎ দল কংগ্ৰেছেও বিজেপিক প্ৰতিহত কৰাৰ কৌশল যুগুতাবলগীয়া হৈছে ৷ কি পৰিস্থিতিত মমতা বেনাৰ্জীয়ে কংগ্ৰেছ এৰিবলগীয়া হৈছিল ? কি আছিল ছোনিয়া গান্ধীৰ ভূমিকা ? ৰাজনৈতিকভাৱে তেও নি:শেষ হৈ যোৱাৰ উপক্ৰম হৈছিল , কিন্তু কেনেকৈ প্ৰবল সংঘৰ্ষৰ মাজেৰে উত্তৰণৰ পথ ৰচনা কৰিলে- সেয়া কল্পকাহিনীতকৈ কম আশ্চৰ্যকৰ নহয় ৷”
(২)
“তেওঁ জন্মগতভাবে বিদ্ৰোহী ৷ নিৰ্ভীক আৰু আগ্ৰাসীভাবে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে ৷ আজি যি স্থানত তেওঁ থিয় হৈ আছে , সেয়া হ’ল প্ৰচণ্ড শ্ৰম আৰু কঠিন সংগ্ৰামৰ পৰিণতি ৷” –এইদৰে লিখিছে দেশৰ ভূতপূৰ্ব ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে , পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিষয়ে ৷ অথচ এসময়ত নিজেই আবিষ্কাৰ কৰা নেত্ৰীগৰাকীক প্ৰত্যাখ্যান কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে ৷
এই কাহিনী জানিবলৈ উভতি যাব লাগিব ১৯৮৩ চনলৈ ৷
কলকাতাত এআইচিচিৰ চিন্তন বৈঠক ৷ দলৰ কেবাগৰাকীও জে্যষ্ঠ নেতাৰ অভ্যৰ্থনাৰ দায়িত্ব পৰিল যুৱ নেত্ৰী মমতা বেনাৰ্জীৰ ওপৰত ৷ তেতিয়াই প্ৰণৱ মুখাৰ্জী , ৰাজীৱ গান্ধীৰ প্ৰথম সাক্ষাৎ মমতা বেনাৰ্জীৰ সৈতে ৷ অৱশ্যে সেয়া কোনো মনত থাকিবলগীয়া ঘটনা নহয় ৷ কিন্তু এবছৰ পাছত দলৰ বাবে মমতা বেনাৰ্জী অপৰিহাৰ্য হৈ পৰিল ৷ ১৯৮৪ ৰ লোকসভা নিৰ্বাচনত ৰাজীৱ গান্ধীয়ে নতুন প্ৰাৰ্থীক সুযোগ দিব বিচাৰিলে ৷ পশ্চিমবংগৰ যাদৱপুৰ সমষ্টিৰ বাবে নতুন মুখ বিচৰাৰ দায়িত্ব দিয়া হ’ল প্ৰণৱ মুখাৰ্জীক ৷যাদৱপুৰ চিপিআাই (এম)ৰ দুৰ্গ ৷ সোমনাথ চেটাৰ্জী সাংসদ ৷ কংগ্ৰেছৰ কোনো যুৱ নেতাই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী নহয় ৷ প্ৰণৱ মুখাৰ্জীয়ে প্ৰস্তাৱ কৰিলে মমতা বেনাৰ্জীৰ নাম ৷মমতা একেষাৰে মান্তি হ’ল ৷ সোমনাথ চেটাৰ্জীক হৰুৱাই সেইবাৰৰ নিৰ্বাচনত বিজয়ী হ’ল মমতা বেনাৰ্জী ৷কিন্তু পৰৱৰ্তী ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত একেটা সমষ্টিত তেও প্ৰায় ৩১ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হ’ল ৷
সেয়া আছিল মমতা বেণাৰ্জীৰ ৰাজনীতিত প্ৰৱেশৰ সময়ৰ কাহিনী ৷ৰাজীৱ গান্ধীয়ে মমতাৰ ক্ষমতাক তেতিয়াই চিনিব পাৰিছিল আৰু দায়িত্ব দিছিল যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ ৷ জয় – পৰাজয়ৰ এক মিশ্ৰিত অনুভৱেৰে ৰাজনীতিত খোজ দিয়া এইগৰাকী নেত্ৰীৰ প্ৰকৃত আত্মপ্ৰকাশ ঘটিছিল তাৰ বহু বছৰ পাছত ৷
১৯৯১ চন৷ ৷মাত্ৰ ১৬ মাহ শাসনত থকাৰ পাছত কেন্দ্ৰত চন্দ্ৰশেখৰ চৰকাৰৰ পতন ঘটিল ৷ নতুন নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল ৷এপ্ৰিলত পশ্চিমবংগ বিধানসভা আৰু মে’ত দেশৰ লোকসভাৰ নিৰ্বাচন৷ বাওদলসমূহে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত একক আধিপত্য বিস্তাৰ কৰিলে ৷ ২৪৪ খন বিধানসভা আসনত বিজয়েৰে পুণৰ ক্ষমতালৈ আহিল৷ এইবাৰ লোকসভা নিৰ্বাচনত দক্ষিণ কলকাতা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতাত নামিল মমতা বেণাৰ্জী ৷ সেই সময়তে সংঘটিত হ’ল দেশ কঁপাই যোৱা ঘটনাটো ৷ লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পাছদিনাই (২১ মে’,১৯৯১) আত্মঘাটী বোমাৰুৰ আক্ৰমণত নিহত হ’ল ৰাজীৱ গান্ধী ৷ তাৰ পাছতো কেন্দ্ৰত কংগ্ৰেছৰেই চৰকাৰ গঠন হ’ল ৷মমতাও সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিল ৷ পি ভি নৰসিংহ ৰাওৰ চৰকাৰত মমতা বেণাৰ্জীক দিয়া হ’ল মানব সম্পদ উন্নয়ন , যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব ৷ চৰকাৰত মমতাৰ মন নবহিল ৷ কিয়নো তেওৰ কেবাটাও প্ৰস্তাৱ প্ৰধানমন্ত্ৰীয়ে অগ্ৰাহ্য কৰিছিল ৷ একেসময়তে পশ্চিমবংগত আইন শৃংখলা পৰিস্থিতিয়েও অতি শোচনীয় ৰূপ ল’লে ৷চিপিআাই(এম)ৰ আগ্ৰাসনত স্ত্ৰস্তমান কংগ্ৰেছৰ নেতা – কৰ্মী ৷কংগ্ৰেছৰ হেৰুওৱা মনোবল ঘূৰাই আনিবলৈ ১৯৯২ চনৰ ২৫ নবেম্বৰত ব্ৰিগেড সমাবেশৰ আহ্বান জনোৱা হ’ল ৷ সিদিনাৰ বিশাল সমাবেশত মমতা বেণাৰ্জীয়ে দিছিল সেই বিখ্যাত শ্ল’গান –‘ চিপি আই (এম)ৰ মৃত্যু ঘন্টা’ ৷ একেদিনাই মঞ্চৰ পৰাই তেও কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰিলে ৷ বংগৰ ৰাজনীতিতে মন দিব খুজিলে কংগ্ৰেছৰ দুৰ্দান্ত সাহসী নেত্ৰীগৰাকীয়ে ৷ ১৯৯২ চনত সিদ্ধাৰ্থ শংকৰ ৰায়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰাৰ পাছত মমতা বেণাৰ্জীও সভাপতিৰ দাবীদাৰ হৈ থিয় হ’ল ৷ কিন্তু প্ৰবীণ নেতাসকলে তেওক আগবাঢ়িব নিদিলে ৷ আনকি প্ৰণৱ মুখাৰ্জীয়েও বিৰোধী পক্ষত অৱস্থান কৰিলে ৷ সেইবাৰ মমতা বেনাৰ্জী সাংগঠনিক নিৰ্বাচনত পৰাজিত হ’ল ৷ পৰাজয়েও তেওক ক্ষান্ত কৰিব নোৱাৰিলে ৷ আৰম্ভ হ’ল মমতা – চিপিআাই(এম)ৰ মুখামুখি ৰণ ৷
কংগ্ৰেছৰ এটা দীৰ্ঘদিনীয়া অভিযোগ আছিল – বিধানসভা নিৰ্বাচনত চিপিআই (এম)য়ে ব্যাপক ৰিগিঙ কৰে ৷ তাৰ ভিত্তিতেই ভোট ব্যৱস্থা নিকা কৰিবলৈ ভোটাৰ কাৰ্ড প্ৰৱৰ্তনৰ দাবী উঠিল ৷ মমতা বেনাৰ্জীয়ে “ন’ আই ডি কাৰ্ড , ন’ ভোট “ শ্ল’গানেৰে সচিবালয় ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনালে ৷ দিনটো আছিল ২১ জুলাই , ১৯৯৩ ৷ ৰাজপথত প্ৰচণ্ড সংঘৰ্ষ ৷ ১৩ জন প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত নিহত হ’ল ৷ অজস্ৰজন আহত হৈ ৰাজপথত ঢলি পৰিল ৷পুলিচে এসময়ত বন্দুক টোৱালে মমতাৰ পিনে ৷ মমতাই চিঞৰি উঠিল – গুলী চলাও ৷ অবাক হৈ চাই ৰ’ল কংগ্ৰেছৰ নেতা- কৰ্মী , বংগবাসীয়ে ৷ৰাজপথত যেন এগৰাকী অগ্নিকণ্যাৰ জন্ম হ’ল ৷ তাৰ পাছত এটাৰ পাছত আন এটা ৰক্তক্ষয়ী সংঘৰ্ষৰ সাক্ষী হৈ ৰ’ল পশ্চিমবংগৰ জনগণ ৷ মমতা বেণাৰ্জীয়ে ক্ষত – বিক্ষত শৰীৰেৰে শাসনাধিষ্ঠিত চিপিআাই(এম)ৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ল ধাৰাবাহিক সমুখ সমৰত ৷
ইতিমধ্যে পশ্চিমবংগ কংগ্ৰেছ দেখদেখকৈ দুটা ভাগত বিভক্ত হৈ পৰিছিল ৷ মমতাৰ ভাষাত নৰমপন্থী আৰু চৰমপন্থী ৷ এচামে চিপিআাই(এম)ৰ লগত সংঘৰ্ষত লিপ্ত নোহোৱাকৈ নিৰ্বাচনত যুঁজি যাব বিচাৰিছিল ৷ মমতা আছিল ৰাজপথত সমুখ সমৰৰ পক্ষপাতী ৷ জনসমৰ্থন আদায় কৰিবৰ বাবে ১৯৯৪ চনৰ ১২ জানুৱাৰীৰ পৰা হাতত ল’লে জনসংযোগ যাত্ৰাৰ কাৰ্যসূচী ৷ ১২ জানুৱাৰী স্বামী বিবেকানন্দৰ জন্মদিন৷ জনতাৰ মাজত মমতাৰ গ্ৰহণযোগ্যতা বাঢ়ি অহাৰ সমান্তৰালভাবে দলৰ মজিয়াত একাষৰীয়া কৰি তোলাৰ চক্ৰান্তও আৰম্ভ হ’ল ৷মমতাৰ অনুগামীসকলক দলীয় বিষয়বাবৰ পৰা প্ৰায় আতৰাই ৰখা হ’ল ৷ ১৯৯৬ ৰ বিধানসভা , লোকসভা নিৰ্বাচনত মমতাৰ পছন্দৰ প্ৰাৰ্থীসকলে দলৰ টিকটেই নাপালে ৷ সেইবাৰৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছো ক্ষমতাচ্যুত হ’বলগীয়া হ’ল ৷নৰসিংহ ৰাওৰ ঠাইত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হ’ল সীতাৰাম কেশৰী ৷ ছোনিয়া গান্ধীকে ধৰি শীৰ্ষ নেতৃত্বৰ ওচৰত বাৰাম্বাৰ ওজৰ আপত্তি দৰ্শোৱাৰ পাছতো মমতাই দলত যথোচিত গুৰুত্ব নাপালে ৷ জে্যষ্ঠ আৰু বয়ষ্ক নেতাৰ দপদপনি বাহাল থাকিল ৷
শক্তি প্ৰদৰ্শনৰ আখৰা চলিল মমতা শিবিৰত ৷ নিজৰ শিবিৰক তৃণমূলৰ কংগ্ৰেছ হিচাপে অভিহিত কৰি দক্ষিণ কলকাতাৰ নজৰুল মঞ্চত সমাবেশৰ আহ্বান জনালে ৷ জিলাই জিলাই ইয়াৰ প্ৰস্তুতি আৰম্ভ হ’ল ৷নিজ দলৰে জ্যেষ্ঠ নেতাসকল এইবাৰ মমতাৰ বিৰুদ্ধে অধিক সষ্টম হৈ উঠিল ৷প্ৰিয়ৰঞ্জন দাসমুঞ্চীৰ দৰে দিল্লীৰ ঘণিষ্ঠ নেতাই মমতাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ প্ৰদেশ কংগ্ৰেছৰ নেতাসকলক নিৰ্দেশ দিলে ৷বংগৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৪১৬ জনীয়া সমিতিত মমতা বেণাৰ্জীৰ শিবিৰৰ এজনেও স্থান নাপালে ৷১৯৯৭ চনৰ ২১ জুলাইৰ শ্বহীদ দিৱসৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সৌমেন মিত্ৰৰ নেতৃত্বত জে্যষ্ঠ নেতাৰ এটা দল হাজিৰ হ’ল দিল্লীত ৷ মমতাক একাষৰীয়া কৰাৰ প্ৰক্ৰিয়াত মোহৰ মৰাৰ প্ৰস্তুতি চলিল ৷ সেইমৰ্মে ৮ , ৯ ,১০ আগষ্টত কলকাতাত অনুষ্ঠিত হ’ব কগ্ৰেছৰ ৮০ সংখ্যক চিন্তন বৈঠক ৷ উপস্থিত থাকিব সভাপতি সীতাৰাম কেশৰী , ছোনিয়া গান্ধীকে ধৰি সকলো শীৰ্ষ নেতা ৷ এই বৈঠকত সৌমেন মিত্ৰ আৰু বংগৰ কংগ্ৰেছ নেতৃত্বই ছোনিয়া গান্ধীক ‘ৰাজমাতা ‘ বুলি সম্বোধন কৰাৰ কৌশল ৰছিলে ৷যাতে তোষামোদেৰে তেওক সন্তুষ্ট কৰি ৰাখিব পৰা যায় ৷তাতেই মমতা বেনাৰ্জীক বহিষ্কাৰ কৰা হ’ব নেকি- পশ্চিমবংগৰ অলিয়ে গলিয়ে এই চৰ্চা আৰম্ভ হ’ল ৷
মমতাই বিনা যুদ্ধত একোয়েই এৰি দিব নোখোজে ৷ নেতাজী ইনড’ৰ ষ্টেডিয়ামত চিন্তন বৈঠকৰ আয়োজন চলিল ৷ ৯ আগষ্টত ৰাষ্ট্ৰীয় নেতাসকলে তাত অংশ ল’ব ৷ একেদিনাই ব্ৰিগেড ময়দানত গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপত মমতা বেনাৰ্জীয়ে বিশাল সমাবেশৰ আহ্বান জনালে ৷ ঘোষণা হ’ল – ৯ আগষ্টত নেতাসকল থাকিব ইনড’ৰত আৰু কৰ্মীসকল সমাবেত হ’ব আউটড’ৰত ৷ মমতাক বুজাবলৈ দিল্লীৰ পৰা আহিল এআইচিচিৰ উপ- সভাপতি জিতেন্দ্ৰ প্ৰসাদ, কোষাধ্যক্ষ আহমদ পেটেল ৷ দুয়োপক্ষৰ মাজত আলোচনা হ’ল ৷ বৈঠকৰ পাছত জিতেন প্ৰসাদে সাংবাদিকৰ আগত ক’লে – সকলো সমস্যা সমাধান হৈ গ’ল ৷ মিডিয়াই মমতাৰ বক্তব্যক ভুলকৈ উপস্থাপন কৰিছে ৷ আৰু বহুত কংগ্ৰেছ নেতা আহিল দিল্লীৰ পৰা ৷কেবা ৰাউণ্ডৰ আলোচনা চলিল ৷ মমতাই শেষত এটাই কথা ক’লে – যদি নাক বচাব খুজিছে , চিন্তন বৈঠক অন্য চহৰলৈ স্থানান্তৰ কৰক ৷ অনুগামীসকলৰো স্পষ্ট মত- “দিল্লীক আমি নামানো ৷ প্ৰথমে বাংলা , তাৰ পাছত দিল্লী ৷ নেতাসকল আপোনাৰ লগত নাথাকিলেও , আমি আছো আপোনাৰ সৈতে ৷”
অৱশেষত সেই দিনটো আহি পালে ৷ ৯ আগষ্টৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ল কংগ্ৰেছৰ চিন্তন বৈঠক ৷ মাত্ৰ ২ কিলোমিটাৰৰ দূৰত্বত মমতা বেনাৰ্জীৰ নেতৃত্বত সুবিশাল সমাবেশ ৷ য’ত বিক্ষুব্ধ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে জনসমুদ্ৰৰ সন্মুখত বংগৰ ৰাজনৈতিক ইতিহাস সলাই দিয়া সেই ঘোষণা কৰিলে – ইন্দিৰা জী নহী হ্যায় , ৰাজীৱ জী নহী হ্যায় , তো অব কংগ্ৰেছ মে ক্যা হ্যায়৷ ( ইন্দিৰা জী নাই , ৰাজীৱ জী নাই , এতিয়া কংগ্ৰেছত কি আছে?) তাতেই সিদ্ধান্ত হ’ল – তৃণমূলৰ কৰ্মীসকলক লৈ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ ৷ মমতাৰ বংগ – দিল্লীৰ নেতাসকলক মুকলি সকীয়ণি- “মই ব্লক , বুথ , জিলা –সকলো স্তৰতে ডিচেম্বৰৰ আগত নিৰ্বাচন অনুষ্ঠিত কৰিম ৷ এআই চিচি , পি চি চিৰ নেতাসকলক দেখুৱাই দিম – তৃণমূল কৰ্মীৰ সহযোগত নিকা আৰু স্বচ্ছ নিৰ্বাচন কংগ্ৰেছত কিদৰে সম্ভৱ হয় ৷”পৰৱৰ্তী ডিচেম্বৰত ২০ লাখ লোকৰ সমাবেশৰ লক্ষ্যৰে মমতা শিবিৰ নামি পৰিল সাংগঠনিক অভিযানত ৷ কংগ্ৰেছ বিভাজিত হৈ নতুন দল গঠন হ’ব নেকি – এনে এক সম্ভাৱনা ৯ আগষ্টৰ সমাবেশে স্পষ্ট কৰি দিছিল ৷ কিন্তু মমতাৰ মতে তেও কংগ্ৰেছ এৰিব খোজা নাই , নিকাহে কৰিব বিচাৰিছে ৷ বহিষ্কাৰৰ সম্ভাৱনা নাকচ কৰি সীতাৰাম কেশৰীয়ে ক’লে – “মমতা মোৰ জীয়ৰীৰ দৰে ৷ তেওক পাৰ্টীৰ পৰা বাহিৰ কৰি দিলে চিপিআই(এম) হে লাভান্বিত হ’ব ৷”
বংগৰ ৰাজনীতিক লৈ জল্পনা – কল্পনা চলি থকাৰ মাজতে দিল্লীত আন এক পট পৰিৱৰ্তন হ’ল ৷১৯৯৭ চনৰ নবেম্বৰত কংগ্ৰছে সমৰ্থন প্ৰত্যাহাৰ কৰাত আই কে গুজৰালৰ চৰকাৰৰ পতন ঘটিল ৷ নিৰ্বাচন আয়োগে পৰৱৰ্তী নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ৷ ১৯৯৮ ৰ ২২ আৰু ২৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ ৷ মমতাক দিল্লীলৈ মাতি পঠিয়ালে ছোনিয়া গান্ধীয়ে ৷ সহমৰ্মিতাৰ সুৰত ক’লে – “তোমাৰ লগত উচিত ব্যৱহাৰ হোৱা নাই বুলি মই জানো ৷ কিন্তু নিৰ্বাচনত সকলোৱে একগোট হৈ কাম কৰিব লাগিব ৷”মমতা বেনাৰ্জীয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতি জনৰ কাৰ্যকলাপত নিজৰ অসন্তুষ্টিৰ কথা মুকলিকৈ ক’লে ৷ লগতে ছোনিয়া গান্ধীক দলৰ নেতৃত্ব লোৱাৰ প্ৰস্তাৱ দিলে ৷ ছোনিয়া গান্ধীয়ে সেই অনুৰোধ অস্বীকাৰ কৰিলে ৷ এইবাৰ তেও অস্কাৰ ফাৰ্ণাণ্ডেজক মতাই আনি মমতাৰ অসন্তুষ্টিৰ সন্মানজনক সমিধান উলিয়াবলৈ নিৰ্দেশ দিলে ৷ ১২, ১৩ , ১৪ ডিচেম্বৰ এইবোৰ আলোচনাতেই গ’ল ৷ তাৰ পাছত মমতা বেনাৰ্জী পুণৰ শীৰ্ষ নেতৃত্বৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিল ৷ ইফালে , নতুন দলৰ পঞ্জীয়নৰ বাবে আবেদন কৰাৰ শেষ তাৰিখ আছিল ১৭ ডিচেম্বৰ ৷ খবৰ ওলাল – প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ এটা দল দিল্লীত উপস্থিত হৈছে ৷ যেনে তেনে ১৭ ডিচেম্বৰৰ দিনটো পাৰ কৰাই দিয়াৰ কৌশল লৈছে তেওলোকে ৷মমতায়ো নতুন দলৰ সংবিধান সাজু কৰিলে ৷ গোপনে তৃণমূল কংগ্ৰেছৰ সকলো নথি পত্ৰ নিৰ্বাচন আয়োগত জমা দি থ’লে ৷ কাৰণ , দিল্লীৰ হাইকামাণ্ডৰ ওপৰত তেও ইতিমধ্যেই বিশ্বাস হেৰুৱাই পেলাইছিল ৷
ডিচেম্বৰ ১৯ , ১৯৯৭ ৷ ছোনিয়া গান্ধীক শেষ আশাৰে আকৌ এবাৰ সাক্ষাৎ কৰিলে ৷ চুক্তি হ’ল –মমতা বেনাৰ্জী প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ অধ্যক্ষ হ’ব ৷ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সকলো ৰণনীতি তেওৰ মতে নিৰ্ধাৰণ কৰা হ’ব আৰু ৫০ শতাংশ প্ৰাৰ্থীও মমতাৰ মতেই দিয়া হ’ব ৷ অবিশ্বাসৰ মাজতো সন্তুষ্টিৰ হাঁহি লৈ মমতা বেনাৰ্জী কলকাতালৈ উভতিল ৷ কিন্তু সকলো স্বপ্ন থান –বান হৈ যাবলৈ বেছি সময় নালাগিল ৷ ২১ ডিচেম্বৰত হায়দৰাবাদত সভাপতি সীতাৰাম কেশৰীয়ে ঘোষণা কৰিলে – মমতা বেণাৰ্জীক কেৱল নিৰ্বাচনী সমিতিৰ আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ৷ প্ৰাৰ্থী নিৰ্বাচনত তেওৰ কোনো কৰ্তৃত্ব নাথাকিব ৷ মমতা ক্ষোভত ফাটি পৰিল ৷২২ ডিচেম্বৰত সংবাদমেলযোগে ঘোষণা কৰিলে যে পৰৱৰ্তী নিৰ্বাচনত তেও তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৷ সংবাদমেল চলি থাকোতেই দিল্লীৰ পৰা খবৰ আহিল- মমতা বেনাৰ্জীক ছবছৰৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷১৯৯৮ চনৰ ১ জানুৱাৰীত আনুষ্ঠানিকভাৱে জন্ম হ’ল –তৃণমূল কংগ্ৰেছৰ ৷ ঘাহ – ফুল প্ৰতীক ৷ তাৰ পাছৰছোৱা ইতিহাস নহয় , বৰ্তমান ৷ ছিংগুৰ , নন্দীগ্ৰামৰ পৰিক্ৰমা অতিক্ৰমি মমতা বেণাৰ্জী পশ্চিমবংগৰ তিনিটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী হ’ল ৷ তৃণমূল কংগ্ৰেছ দেশৰ অন্যতম শক্তিশালী বিৰোধী দলত পৰিণত হ’ল ৷আৰু কংগ্ৰেছৰ স্থান ৰাজ্যখনত শূণ্যলৈ অৱনমিত হ’ল ৷
(৩)
১৯৯৭ ৰ ২২ ডিচেম্বৰত কংগ্ৰেছ হাইকামাণ্ডে কেৱল মমতাকে দলৰ পৰা বহিষ্কাৰ কৰা নাছিল , পশ্চিমবংগত ক্ষমতা দখলৰ সকলো সম্ভাৱনাকে দলৰ মজিয়াৰ পৰা আতৰাই পঠিয়াইছিল ৷ সেই সময়ত কংগ্ৰেছৰ মজিয়াত এইগৰাকী নেত্ৰীয়ে সামান্য মৰ্যদা পোৱা হ’লে হয়তো আজি দেশৰ ৰাজনীতিয়েই অন্য দিশত ধাৱমান হ’লহেঁতেন ৷ কিন্তু তেতিয়া গান্ধী পৰিয়াল তোষামোদকাৰীৰে পৰিবেষ্টিত হৈ আছিল ৷ দেৱালত লিখা থকা কথাবোৰ পঢ়ি চোৱাৰ অৱকাশ নাছিল ৷ তাৰ পাছত দুটা দশক পাৰ হৈ গ’ল ৷ পৰিস্থিতি এতিয়া সলনি হৈছে ৷ আভ্যন্তৰীণ কন্দল আৰু অবিশ্বাসৰ পৰিৱেশে কংগ্ৰেছ দলক খুলি খুলি খাইছে ৷ এতিয়া সমভাৱাপন্ন মিত্ৰগোষ্ঠীৰে বন্ধুত্ব গঢ়াৰ বাদে কংগ্ৰেছৰ ওচৰত আন কোনো বিকল্প নাই ৷ এনে কৰিবলৈ যাওতে মমতা বেনাৰ্জী হ’ব পাৰে কংগ্ৰেছৰ আটাইতকৈ বিশ্বস্ত সহযোগী ৷ কিয়নো মমতাৰ তৃণমূলে কংগ্ৰেছৰ পৰাই গজালি মেলি এতিয়া বৃক্ষৰ ৰূপ লৈছে ৷ শিপা একেডালেই ৷ গতিকে এই মিত্ৰতাত বিশ্বাস-অবিশ্বাসৰ অৱতাৰণাও কমকৈ হ’ব৷ হয়তো সেয়া সম্ভৱ হ’বলৈও গৈ আছে ৷ সেয়ে এই মুহূৰ্তত দেশবাসীয়ে একেই উৎসুকতাৰে চাই ৰৈছে মমতা বেনাৰ্জীয়ে পিনে –২০২৪ ত অগ্নিকণ্যাই বিজেপিক প্ৰতিহত কৰিব পাৰিবনে ?আন বিৰোধী নেতাসকল তেওৰ ৰথৰ সাৰথি হ’বনে ?