মমতা বেনাৰ্জী : ২০২৪ ত অগ্নিকণ্যাই পাৰিবনে ?

Share This Article

(১)

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এতিয়া দেশৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত ব্যক্তি ৷ তেওৰ শেহতীয়া দিল্লী ভ্ৰমণেও লাভ কৰিছে ব্যাপক চৰ্চা ৷ ইয়াৰ পূৰ্বে কোনো এগৰাকী মুখ্যমন্ত্ৰীৰ দিল্লীত পদাৰ্পণক লৈ ইমান হৈ চৈ হোৱাৰ কথা মনত নপৰে ৷ প্ৰবলপ্ৰতাপী বিজেপিক পশ্চিমবংগত শোচনীয় পৰাজয়ৰ সন্মুখীন কৰাই মমতা বেনাৰ্জীয়ে নিজকে নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে ৷ বিজেপিক প্ৰতিহত কৰাৰ ক্ষমতা যে বিৰোধী শিবিৰৰ আছে , সেই কথাই অকৌ এবাৰ প্ৰতিপন্ন কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ৷ তাৰ পাছতো তেও ক্ষান্ত হোৱা নাই ৷ বংগৰ পৰিধি ভাঙি সমগ্ৰ দেশত বিস্তাৰ কৰিব বিচাৰিছে নিজৰ প্ৰভাৱ ৷ ইয়াৰ বাবে সাংগঠনিক কাৰ্যসূচী লোৱাৰ সমান্তৰালভাৱে বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰতো আগভাগ লৈছে ৷ বুধবাৰৰ দিনটোত কংগ্ৰেছ প্ৰধান ছোনিয়া গান্ধী আৰু আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰি তেও বিৰোধী দলসমূহলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে বিৰোধী ঐক্যই কেতিয়ালৈ এক নিৰ্দিষ্ট ৰূপ লয় , তাৰ বাবে দীঘলীয়া সময়ৰ অপেক্ষাৰ দৰকাৰ হ’ব ৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল – এসময়ত এইগৰাকী নেত্ৰীক কংগ্ৰেছ দলৰ মজিয়াত এঘৰীয়া কৰি পেলোৱা হৈছিল ৷ পৰিণতিত তেও কংগ্ৰেছ এৰি গঠন কৰিছিল তৃণমূল কংগ্ৰেছ ৷ আনকি কংগ্ৰেছ – বাওপন্থীৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিৰ লগতো মিত্ৰতা কৰিছিল ৷অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত তেও আছিল ৰে’ল মন্ত্ৰালয়ৰ দায়িত্বত ৷ কালৰ কুটিল গতিত আজি বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী যদি কোনোবা আছেগৈ , সেইগৰাকীয়ে হ’ল মমতা বেনাৰ্জী ৷ তেওৰ হাতত ধৰিয়েই এতিয়া দেশৰ সৰ্ববৃহৎ দল কংগ্ৰেছেও বিজেপিক প্ৰতিহত কৰাৰ কৌশল যুগুতাবলগীয়া হৈছে ৷ কি পৰিস্থিতিত মমতা বেনাৰ্জীয়ে কংগ্ৰেছ এৰিবলগীয়া হৈছিল ? কি আছিল ছোনিয়া গান্ধীৰ ভূমিকা ? ৰাজনৈতিকভাৱে তেও নি:শেষ হৈ যোৱাৰ উপক্ৰম হৈছিল , কিন্তু কেনেকৈ প্ৰবল সংঘৰ্ষৰ মাজেৰে উত্তৰণৰ পথ ৰচনা কৰিলে- সেয়া কল্পকাহিনীতকৈ কম আশ্চৰ্যকৰ নহয় ৷”

(২)

“তেওঁ জন্মগতভাবে বিদ্ৰোহী ৷ নিৰ্ভীক আৰু আগ্ৰাসীভাবে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে ৷ আজি যি স্থানত তেওঁ থিয় হৈ আছে , সেয়া হ’ল প্ৰচণ্ড শ্ৰম আৰু কঠিন সংগ্ৰামৰ পৰিণতি ৷” –এইদৰে  লিখিছে দেশৰ ভূতপূৰ্ব ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে , পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিষয়ে ৷ অথচ এসময়ত নিজেই আবিষ্কাৰ কৰা নেত্ৰীগৰাকীক প্ৰত্যাখ্যান কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে ৷

এই কাহিনী জানিবলৈ উভতি যাব লাগিব ১৯৮৩ চনলৈ ৷

কলকাতাত এআইচিচিৰ চিন্তন বৈঠক ৷ দলৰ কেবাগৰাকীও জে্যষ্ঠ নেতাৰ অভ্যৰ্থনাৰ দায়িত্ব পৰিল যুৱ নেত্ৰী মমতা বেনাৰ্জীৰ ওপৰত ৷ তেতিয়াই প্ৰণৱ মুখাৰ্জী , ৰাজীৱ গান্ধীৰ প্ৰথম সাক্ষাৎ মমতা বেনাৰ্জীৰ সৈতে ৷ অৱশ্যে সেয়া কোনো মনত থাকিবলগীয়া ঘটনা নহয় ৷ কিন্তু এবছৰ পাছত দলৰ বাবে মমতা বেনাৰ্জী অপৰিহাৰ্য হৈ পৰিল ৷ ১৯৮৪ ৰ লোকসভা নিৰ্বাচনত ৰাজীৱ গান্ধীয়ে নতুন প্ৰাৰ্থীক সুযোগ দিব বিচাৰিলে ৷ পশ্চিমবংগৰ যাদৱপুৰ সমষ্টিৰ বাবে নতুন মুখ বিচৰাৰ দায়িত্ব দিয়া হ’ল প্ৰণৱ মুখাৰ্জীক ৷যাদৱপুৰ চিপিআাই (এম)ৰ দুৰ্গ ৷ সোমনাথ চেটাৰ্জী সাংসদ ৷ কংগ্ৰেছৰ কোনো যুৱ নেতাই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী নহয় ৷ প্ৰণৱ মুখাৰ্জীয়ে প্ৰস্তাৱ কৰিলে মমতা বেনাৰ্জীৰ নাম ৷মমতা একেষাৰে মান্তি হ’ল ৷ সোমনাথ চেটাৰ্জীক হৰুৱাই সেইবাৰৰ নিৰ্বাচনত বিজয়ী হ’ল মমতা বেনাৰ্জী ৷কিন্তু পৰৱৰ্তী ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত একেটা সমষ্টিত তেও প্ৰায় ৩১ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হ’ল ৷

সেয়া আছিল মমতা বেণাৰ্জীৰ ৰাজনীতিত প্ৰৱেশৰ সময়ৰ কাহিনী ৷ৰাজীৱ গান্ধীয়ে মমতাৰ ক্ষমতাক তেতিয়াই চিনিব পাৰিছিল আৰু দায়িত্ব দিছিল যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ ৷ জয় – পৰাজয়ৰ এক মিশ্ৰিত অনুভৱেৰে ৰাজনীতিত খোজ দিয়া এইগৰাকী নেত্ৰীৰ প্ৰকৃত আত্মপ্ৰকাশ ঘটিছিল তাৰ বহু বছৰ পাছত ৷

১৯৯১ চন৷ ৷মাত্ৰ ১৬ মাহ শাসনত থকাৰ পাছত কেন্দ্ৰত চন্দ্ৰশেখৰ চৰকাৰৰ পতন ঘটিল ৷ নতুন নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল ৷এপ্ৰিলত পশ্চিমবংগ বিধানসভা আৰু মে’ত দেশৰ লোকসভাৰ নিৰ্বাচন৷ বাওদলসমূহে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত একক আধিপত্য বিস্তাৰ কৰিলে ৷ ২৪৪ খন বিধানসভা আসনত বিজয়েৰে পুণৰ ক্ষমতালৈ আহিল৷ এইবাৰ লোকসভা নিৰ্বাচনত দক্ষিণ কলকাতা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতাত নামিল মমতা বেণাৰ্জী ৷ সেই সময়তে সংঘটিত হ’ল দেশ কঁপাই যোৱা ঘটনাটো ৷ লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পাছদিনাই (২১ মে’,১৯৯১) আত্মঘাটী বোমাৰুৰ আক্ৰমণত নিহত হ’ল ৰাজীৱ গান্ধী ৷ তাৰ পাছতো কেন্দ্ৰত কংগ্ৰেছৰেই চৰকাৰ গঠন হ’ল ৷মমতাও সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিল ৷ পি ভি নৰসিংহ ৰাওৰ চৰকাৰত মমতা বেণাৰ্জীক দিয়া হ’ল মানব সম্পদ উন্নয়ন , যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব ৷ চৰকাৰত মমতাৰ মন নবহিল ৷ কিয়নো তেওৰ কেবাটাও প্ৰস্তাৱ প্ৰধানমন্ত্ৰীয়ে অগ্ৰাহ্য কৰিছিল ৷ একেসময়তে পশ্চিমবংগত আইন শৃংখলা পৰিস্থিতিয়েও অতি শোচনীয় ৰূপ ল’লে ৷চিপিআাই(এম)ৰ আগ্ৰাসনত স্ত্ৰস্তমান কংগ্ৰেছৰ নেতা – কৰ্মী ৷কংগ্ৰেছৰ হেৰুওৱা মনোবল ঘূৰাই আনিবলৈ ১৯৯২ চনৰ ২৫ নবেম্বৰত ব্ৰিগেড সমাবেশৰ আহ্বান জনোৱা হ’ল ৷ সিদিনাৰ বিশাল সমাবেশত মমতা বেণাৰ্জীয়ে দিছিল সেই বিখ্যাত শ্ল’গান –‘ চিপি আই (এম)ৰ মৃত্যু ঘন্টা’ ৷ একেদিনাই মঞ্চৰ পৰাই তেও কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰিলে ৷ বংগৰ ৰাজনীতিতে মন দিব খুজিলে কংগ্ৰেছৰ দুৰ্দান্ত সাহসী নেত্ৰীগৰাকীয়ে ৷ ১৯৯২ চনত সিদ্ধাৰ্থ শংকৰ ৰায়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰাৰ পাছত মমতা বেণাৰ্জীও সভাপতিৰ দাবীদাৰ হৈ থিয় হ’ল ৷ কিন্তু প্ৰবীণ নেতাসকলে তেওক আগবাঢ়িব নিদিলে ৷ আনকি প্ৰণৱ মুখাৰ্জীয়েও বিৰোধী পক্ষত অৱস্থান কৰিলে ৷ সেইবাৰ মমতা বেনাৰ্জী সাংগঠনিক নিৰ্বাচনত পৰাজিত হ’ল ৷ পৰাজয়েও তেওক ক্ষান্ত কৰিব নোৱাৰিলে ৷ আৰম্ভ হ’ল মমতা – চিপিআাই(এম)ৰ মুখামুখি ৰণ ৷

কংগ্ৰেছৰ এটা দীৰ্ঘদিনীয়া অভিযোগ আছিল – বিধানসভা নিৰ্বাচনত চিপিআই (এম)য়ে ব্যাপক ৰিগিঙ কৰে ৷ তাৰ ভিত্তিতেই ভোট ব্যৱস্থা নিকা কৰিবলৈ ভোটাৰ কাৰ্ড প্ৰৱৰ্তনৰ দাবী উঠিল ৷ মমতা বেনাৰ্জীয়ে “ন’ আই ডি কাৰ্ড , ন’ ভোট “ শ্ল’গানেৰে সচিবালয় ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনালে ৷ দিনটো আছিল ২১ জুলাই , ১৯৯৩ ৷ ৰাজপথত প্ৰচণ্ড সংঘৰ্ষ ৷ ১৩ জন প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত নিহত হ’ল ৷ অজস্ৰজন আহত হৈ ৰাজপথত ঢলি পৰিল ৷পুলিচে এসময়ত বন্দুক টোৱালে মমতাৰ পিনে ৷ মমতাই চিঞৰি উঠিল – গুলী চলাও ৷ অবাক হৈ চাই ৰ’ল কংগ্ৰেছৰ নেতা- কৰ্মী , বংগবাসীয়ে ৷ৰাজপথত যেন এগৰাকী অগ্নিকণ্যাৰ জন্ম হ’ল ৷ তাৰ পাছত এটাৰ পাছত আন এটা ৰক্তক্ষয়ী সংঘৰ্ষৰ সাক্ষী হৈ ৰ’ল পশ্চিমবংগৰ জনগণ ৷ মমতা বেণাৰ্জীয়ে ক্ষত – বিক্ষত শৰীৰেৰে শাসনাধিষ্ঠিত চিপিআাই(এম)ৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ল ধাৰাবাহিক সমুখ সমৰত ৷

ইতিমধ্যে পশ্চিমবংগ কংগ্ৰেছ দেখদেখকৈ দুটা ভাগত বিভক্ত হৈ পৰিছিল ৷ মমতাৰ ভাষাত নৰমপন্থী আৰু চৰমপন্থী ৷ এচামে চিপিআাই(এম)ৰ লগত সংঘৰ্ষত লিপ্ত নোহোৱাকৈ নিৰ্বাচনত যুঁজি যাব বিচাৰিছিল ৷ মমতা আছিল ৰাজপথত সমুখ সমৰৰ পক্ষপাতী ৷ জনসমৰ্থন আদায় কৰিবৰ বাবে ১৯৯৪ চনৰ ১২ জানুৱাৰীৰ পৰা হাতত ল’লে জনসংযোগ যাত্ৰাৰ কাৰ্যসূচী ৷ ১২ জানুৱাৰী স্বামী বিবেকানন্দৰ জন্মদিন৷ জনতাৰ মাজত মমতাৰ গ্ৰহণযোগ্যতা বাঢ়ি অহাৰ সমান্তৰালভাবে দলৰ মজিয়াত একাষৰীয়া কৰি তোলাৰ চক্ৰান্তও আৰম্ভ হ’ল ৷মমতাৰ অনুগামীসকলক দলীয় বিষয়বাবৰ পৰা প্ৰায় আতৰাই ৰখা হ’ল ৷ ১৯৯৬ ৰ বিধানসভা , লোকসভা নিৰ্বাচনত মমতাৰ পছন্দৰ প্ৰাৰ্থীসকলে দলৰ টিকটেই নাপালে ৷ সেইবাৰৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছো ক্ষমতাচ্যুত হ’বলগীয়া হ’ল ৷নৰসিংহ ৰাওৰ ঠাইত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হ’ল সীতাৰাম কেশৰী ৷ ছোনিয়া গান্ধীকে ধৰি শীৰ্ষ নেতৃত্বৰ ওচৰত বাৰাম্বাৰ ওজৰ আপত্তি দৰ্শোৱাৰ পাছতো মমতাই দলত যথোচিত গুৰুত্ব নাপালে ৷ জে্যষ্ঠ আৰু বয়ষ্ক নেতাৰ দপদপনি বাহাল থাকিল ৷

শক্তি প্ৰদৰ্শনৰ আখৰা চলিল মমতা শিবিৰত ৷ নিজৰ শিবিৰক তৃণমূলৰ কংগ্ৰেছ হিচাপে অভিহিত কৰি দক্ষিণ কলকাতাৰ নজৰুল মঞ্চত সমাবেশৰ আহ্বান জনালে ৷ জিলাই জিলাই ইয়াৰ প্ৰস্তুতি আৰম্ভ হ’ল ৷নিজ দলৰে জ্যেষ্ঠ নেতাসকল এইবাৰ মমতাৰ বিৰুদ্ধে অধিক সষ্টম হৈ উঠিল ৷প্ৰিয়ৰঞ্জন দাসমুঞ্চীৰ দৰে দিল্লীৰ ঘণিষ্ঠ নেতাই মমতাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ প্ৰদেশ কংগ্ৰেছৰ নেতাসকলক নিৰ্দেশ দিলে ৷বংগৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৪১৬ জনীয়া সমিতিত মমতা বেণাৰ্জীৰ শিবিৰৰ এজনেও স্থান নাপালে ৷১৯৯৭ চনৰ ২১ জুলাইৰ শ্বহীদ দিৱসৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সৌমেন মিত্ৰৰ নেতৃত্বত জে্যষ্ঠ নেতাৰ এটা দল হাজিৰ হ’ল দিল্লীত ৷ মমতাক একাষৰীয়া কৰাৰ প্ৰক্ৰিয়াত মোহৰ মৰাৰ প্ৰস্তুতি চলিল ৷ সেইমৰ্মে ৮ , ৯ ,১০ আগষ্টত কলকাতাত অনুষ্ঠিত হ’ব কগ্ৰেছৰ ৮০ সংখ্যক চিন্তন বৈঠক ৷ উপস্থিত থাকিব সভাপতি সীতাৰাম কেশৰী , ছোনিয়া গান্ধীকে ধৰি সকলো শীৰ্ষ নেতা ৷ এই বৈঠকত সৌমেন মিত্ৰ আৰু বংগৰ কংগ্ৰেছ নেতৃত্বই ছোনিয়া গান্ধীক ‘ৰাজমাতা ‘ বুলি সম্বোধন কৰাৰ কৌশল ৰছিলে ৷যাতে তোষামোদেৰে তেওক সন্তুষ্ট কৰি ৰাখিব পৰা যায় ৷তাতেই মমতা বেনাৰ্জীক বহিষ্কাৰ কৰা হ’ব নেকি- পশ্চিমবংগৰ অলিয়ে গলিয়ে এই চৰ্চা আৰম্ভ হ’ল ৷

মমতাই বিনা যুদ্ধত একোয়েই এৰি দিব নোখোজে ৷ নেতাজী ইনড’ৰ ষ্টেডিয়ামত চিন্তন বৈঠকৰ আয়োজন চলিল ৷ ৯ আগষ্টত ৰাষ্ট্ৰীয় নেতাসকলে তাত অংশ ল’ব ৷ একেদিনাই ব্ৰিগেড ময়দানত গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপত মমতা বেনাৰ্জীয়ে বিশাল সমাবেশৰ আহ্বান জনালে ৷ ঘোষণা হ’ল – ৯ আগষ্টত নেতাসকল থাকিব ইনড’ৰত আৰু কৰ্মীসকল সমাবেত হ’ব আউটড’ৰত ৷ মমতাক বুজাবলৈ দিল্লীৰ পৰা আহিল এআইচিচিৰ উপ- সভাপতি জিতেন্দ্ৰ প্ৰসাদ, কোষাধ্যক্ষ আহমদ পেটেল ৷ দুয়োপক্ষৰ মাজত আলোচনা হ’ল ৷ বৈঠকৰ পাছত জিতেন প্ৰসাদে সাংবাদিকৰ আগত ক’লে – সকলো সমস্যা সমাধান হৈ গ’ল ৷ মিডিয়াই মমতাৰ বক্তব্যক ভুলকৈ উপস্থাপন কৰিছে ৷ আৰু বহুত কংগ্ৰেছ নেতা আহিল দিল্লীৰ পৰা ৷কেবা ৰাউণ্ডৰ আলোচনা চলিল ৷ মমতাই শেষত এটাই কথা ক’লে – যদি নাক বচাব খুজিছে , চিন্তন বৈঠক অন্য চহৰলৈ স্থানান্তৰ কৰক ৷ অনুগামীসকলৰো স্পষ্ট মত- “দিল্লীক আমি নামানো ৷ প্ৰথমে বাংলা , তাৰ পাছত দিল্লী ৷ নেতাসকল আপোনাৰ লগত নাথাকিলেও , আমি আছো আপোনাৰ সৈতে ৷”

অৱশেষত সেই দিনটো আহি পালে ৷ ৯ আগষ্টৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ল কংগ্ৰেছৰ চিন্তন বৈঠক ৷ মাত্ৰ ২ কিলোমিটাৰৰ দূৰত্বত মমতা বেনাৰ্জীৰ নেতৃত্বত সুবিশাল সমাবেশ ৷ য’ত বিক্ষুব্ধ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে জনসমুদ্ৰৰ সন্মুখত বংগৰ ৰাজনৈতিক ইতিহাস সলাই দিয়া সেই ঘোষণা কৰিলে – ইন্দিৰা জী নহী হ্যায় , ৰাজীৱ জী নহী হ্যায় , তো অব কংগ্ৰেছ মে ক্যা হ্যায়৷ ( ইন্দিৰা জী নাই , ৰাজীৱ জী নাই , এতিয়া কংগ্ৰেছত কি আছে?) তাতেই সিদ্ধান্ত হ’ল – তৃণমূলৰ কৰ্মীসকলক লৈ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ ৷ মমতাৰ বংগ – দিল্লীৰ নেতাসকলক মুকলি সকীয়ণি- “মই ব্লক , বুথ , জিলা –সকলো স্তৰতে ডিচেম্বৰৰ আগত নিৰ্বাচন অনুষ্ঠিত কৰিম ৷ এআই চিচি , পি চি চিৰ নেতাসকলক দেখুৱাই দিম – তৃণমূল কৰ্মীৰ সহযোগত নিকা আৰু স্বচ্ছ নিৰ্বাচন কংগ্ৰেছত কিদৰে সম্ভৱ হয় ৷”পৰৱৰ্তী ডিচেম্বৰত ২০ লাখ লোকৰ সমাবেশৰ লক্ষ্যৰে মমতা শিবিৰ নামি পৰিল সাংগঠনিক অভিযানত ৷ কংগ্ৰেছ বিভাজিত হৈ নতুন দল গঠন হ’ব নেকি – এনে এক সম্ভাৱনা ৯ আগষ্টৰ সমাবেশে স্পষ্ট কৰি দিছিল ৷ কিন্তু মমতাৰ মতে তেও কংগ্ৰেছ এৰিব খোজা নাই , নিকাহে কৰিব বিচাৰিছে ৷ বহিষ্কাৰৰ সম্ভাৱনা নাকচ কৰি সীতাৰাম কেশৰীয়ে ক’লে – “মমতা মোৰ জীয়ৰীৰ দৰে ৷ তেওক পাৰ্টীৰ পৰা বাহিৰ কৰি দিলে চিপিআই(এম) হে লাভান্বিত হ’ব ৷”

বংগৰ ৰাজনীতিক লৈ জল্পনা – কল্পনা চলি থকাৰ মাজতে দিল্লীত আন এক পট পৰিৱৰ্তন হ’ল ৷১৯৯৭ চনৰ নবেম্বৰত কংগ্ৰছে সমৰ্থন প্ৰত্যাহাৰ কৰাত আই কে গুজৰালৰ চৰকাৰৰ পতন ঘটিল ৷ নিৰ্বাচন আয়োগে পৰৱৰ্তী নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ৷ ১৯৯৮ ৰ ২২ আৰু ২৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ ৷ মমতাক দিল্লীলৈ মাতি পঠিয়ালে ছোনিয়া গান্ধীয়ে ৷ সহমৰ্মিতাৰ সুৰত ক’লে – “তোমাৰ লগত উচিত ব্যৱহাৰ হোৱা নাই বুলি মই জানো ৷ কিন্তু নিৰ্বাচনত সকলোৱে একগোট হৈ কাম কৰিব লাগিব ৷”মমতা বেনাৰ্জীয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতি জনৰ কাৰ্যকলাপত নিজৰ অসন্তুষ্টিৰ কথা মুকলিকৈ ক’লে ৷ লগতে ছোনিয়া গান্ধীক দলৰ নেতৃত্ব লোৱাৰ প্ৰস্তাৱ দিলে ৷ ছোনিয়া গান্ধীয়ে সেই অনুৰোধ অস্বীকাৰ কৰিলে ৷ এইবাৰ তেও অস্কাৰ ফাৰ্ণাণ্ডেজক মতাই আনি মমতাৰ অসন্তুষ্টিৰ সন্মানজনক সমিধান উলিয়াবলৈ নিৰ্দেশ দিলে ৷ ১২, ১৩ , ১৪ ডিচেম্বৰ এইবোৰ আলোচনাতেই গ’ল ৷ তাৰ পাছত মমতা বেনাৰ্জী পুণৰ শীৰ্ষ নেতৃত্বৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিল ৷ ইফালে , নতুন দলৰ পঞ্জীয়নৰ বাবে আবেদন কৰাৰ শেষ তাৰিখ আছিল ১৭ ডিচেম্বৰ ৷ খবৰ ওলাল – প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ এটা দল দিল্লীত উপস্থিত হৈছে ৷ যেনে তেনে ১৭ ডিচেম্বৰৰ দিনটো পাৰ কৰাই দিয়াৰ কৌশল লৈছে তেওলোকে ৷মমতায়ো নতুন দলৰ সংবিধান সাজু কৰিলে ৷ গোপনে তৃণমূল কংগ্ৰেছৰ সকলো নথি পত্ৰ নিৰ্বাচন আয়োগত জমা দি থ’লে ৷ কাৰণ , দিল্লীৰ হাইকামাণ্ডৰ ওপৰত তেও ইতিমধ্যেই বিশ্বাস হেৰুৱাই পেলাইছিল ৷

ডিচেম্বৰ ১৯ , ১৯৯৭ ৷ ছোনিয়া গান্ধীক শেষ আশাৰে আকৌ এবাৰ সাক্ষাৎ কৰিলে ৷ চুক্তি হ’ল –মমতা বেনাৰ্জী প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ অধ্যক্ষ হ’ব ৷ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সকলো ৰণনীতি তেওৰ মতে নিৰ্ধাৰণ কৰা হ’ব আৰু ৫০ শতাংশ প্ৰাৰ্থীও মমতাৰ মতেই দিয়া হ’ব ৷ অবিশ্বাসৰ মাজতো সন্তুষ্টিৰ হাঁহি লৈ মমতা বেনাৰ্জী কলকাতালৈ উভতিল ৷ কিন্তু সকলো স্বপ্ন থান –বান হৈ যাবলৈ বেছি সময় নালাগিল ৷ ২১ ডিচেম্বৰত হায়দৰাবাদত সভাপতি সীতাৰাম কেশৰীয়ে ঘোষণা কৰিলে – মমতা বেণাৰ্জীক কেৱল নিৰ্বাচনী সমিতিৰ আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ৷ প্ৰাৰ্থী নিৰ্বাচনত তেওৰ কোনো কৰ্তৃত্ব নাথাকিব ৷ মমতা ক্ষোভত ফাটি পৰিল ৷২২ ডিচেম্বৰত সংবাদমেলযোগে ঘোষণা কৰিলে যে পৰৱৰ্তী নিৰ্বাচনত তেও তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৷ সংবাদমেল চলি থাকোতেই দিল্লীৰ পৰা খবৰ আহিল- মমতা বেনাৰ্জীক ছবছৰৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷১৯৯৮ চনৰ ১ জানুৱাৰীত আনুষ্ঠানিকভাৱে জন্ম হ’ল –তৃণমূল কংগ্ৰেছৰ ৷ ঘাহ – ফুল প্ৰতীক ৷ তাৰ পাছৰছোৱা ইতিহাস নহয় , বৰ্তমান ৷ ছিংগুৰ , নন্দীগ্ৰামৰ পৰিক্ৰমা অতিক্ৰমি মমতা বেণাৰ্জী পশ্চিমবংগৰ তিনিটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী হ’ল ৷ তৃণমূল কংগ্ৰেছ দেশৰ অন্যতম শক্তিশালী বিৰোধী দলত পৰিণত হ’ল ৷আৰু কংগ্ৰেছৰ স্থান ৰাজ্যখনত শূণ্যলৈ অৱনমিত হ’ল ৷

(৩)

১৯৯৭ ৰ ২২ ডিচেম্বৰত কংগ্ৰেছ হাইকামাণ্ডে কেৱল মমতাকে দলৰ পৰা বহিষ্কাৰ কৰা নাছিল , পশ্চিমবংগত ক্ষমতা দখলৰ সকলো সম্ভাৱনাকে দলৰ মজিয়াৰ পৰা আতৰাই পঠিয়াইছিল ৷ সেই সময়ত কংগ্ৰেছৰ মজিয়াত এইগৰাকী নেত্ৰীয়ে সামান্য মৰ্যদা পোৱা হ’লে হয়তো আজি দেশৰ ৰাজনীতিয়েই অন্য দিশত ধাৱমান হ’লহেঁতেন ৷ কিন্তু তেতিয়া গান্ধী পৰিয়াল তোষামোদকাৰীৰে পৰিবেষ্টিত হৈ আছিল ৷ দেৱালত লিখা থকা কথাবোৰ পঢ়ি চোৱাৰ অৱকাশ নাছিল ৷ তাৰ পাছত দুটা দশক পাৰ হৈ গ’ল ৷ পৰিস্থিতি এতিয়া সলনি হৈছে ৷ আভ্যন্তৰীণ কন্দল আৰু অবিশ্বাসৰ পৰিৱেশে কংগ্ৰেছ দলক খুলি খুলি খাইছে ৷ এতিয়া সমভাৱাপন্ন মিত্ৰগোষ্ঠীৰে বন্ধুত্ব গঢ়াৰ বাদে কংগ্ৰেছৰ ওচৰত আন কোনো বিকল্প নাই ৷ এনে কৰিবলৈ যাওতে মমতা বেনাৰ্জী হ’ব পাৰে কংগ্ৰেছৰ আটাইতকৈ বিশ্বস্ত সহযোগী ৷ কিয়নো মমতাৰ তৃণমূলে কংগ্ৰেছৰ পৰাই গজালি মেলি এতিয়া বৃক্ষৰ ৰূপ লৈছে ৷ শিপা একেডালেই ৷ গতিকে এই মিত্ৰতাত বিশ্বাস-অবিশ্বাসৰ অৱতাৰণাও কমকৈ হ’ব৷ হয়তো সেয়া সম্ভৱ হ’বলৈও গৈ আছে ৷ সেয়ে এই মুহূৰ্তত দেশবাসীয়ে একেই উৎসুকতাৰে চাই ৰৈছে মমতা বেনাৰ্জীয়ে পিনে –২০২৪ ত অগ্নিকণ্যাই বিজেপিক প্ৰতিহত কৰিব পাৰিবনে ?আন বিৰোধী নেতাসকল তেওৰ ৰথৰ সাৰথি হ’বনে ?

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.