পিকনিকৰো খবৰ ৰখা মুখ্যমন্ত্ৰীয়ে নাজানে কয়লা খনিৰ খবৰ

ডিমাহাছাওত অবৈধ কয়লাৰ খনিত আৱদ্ধ হৈ আছে ৯ গৰাকী শ্ৰমিক৷ অথচ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে-বি টি আৰ, ডিমাহাছাওত কি চলি আছে, তেওঁ নাজানে৷ এয়া এটা গোকাট মিছা কথাৰ বাহিৰে আন একো নহয়৷ ডিমাহাছাও যদিও ষষ্ঠ অনুসূচীৰ অন্তৰ্গত, তাৰ পাছতো ডিমাহাছাওৰ আইন শৃংখলা ৰক্ষাৰ দায়িত্ব অসম চৰকাৰৰ৷ গৃহমন্ত্ৰী হিচাপে তেওঁ নিতান্তই জনা উচিত এইখন অসমৰ চুকে-কোণে কি চলি আছে৷ যদি তেওঁ নাজানে বুলি এক মুহূৰ্তৰ বাবে ধৰিও লোৱা হয়, তাৰ পাছতো তেওঁক ডিমাহাছাওত কি চলি আছে সেয়া ১ জানুৱাৰীৰ দিনাই জনাই দিছিল হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যিদিনা প্ৰতিবাদশূন্য অসমৰ পৰিসংখ্যা সংবাদমাধ্যমৰ আগত দাঙি ধৰি গৰ্বিত হৈছিল, সেইদিনাই ডিমাহাছাও স্বায়ত্বশাসিত পৰিষদৰ পৰা দেবোলাল গাৰ্লোচাক অপসাৰণৰ দাবীত ওলাই আহিছিল হাজাৰ হাজাৰ বিজেপি কৰ্মী৷ বিজেপি কৰ্মীসকলে দেবোলাল গাৰ্লোচাৰ বিৰুদ্ধে দূৰ্নীতি, ভূমি দখলৰ বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰি গুৱাহাটীৰ বিজেপি কাৰ্যালয় ঘেৰাও কৰাৰো সকীয়নি দিছিল৷ যদি এই খবৰো মুখ্যমন্ত্ৰীয়ে পোৱা নাই বুলি ক’ব খোজে, তাৰ পূৰ্বে তেওঁ গৃহ বিভাগৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লোৱা উচিত৷ ১ জানুৱাৰীৰ সেই সকীয়নিক যদি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে ল’লেহেঁতেন, ৬ জানুৱাৰীৰ দুৰ্ভাগ্যজনক ঘটনাৰ অৱকাশো নাথাকিলহেঁতেন৷ গতিকে ৬ জানুৱাৰীৰ ঘটনাৰ বাবে দেবোলাল গাৰ্লোচা, কনিকা হোজাই যিমান জগৰীয়া, তাতকৈ কম জগৰীয়া নহয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত সঘনাই এটাৰ পাছত আন এটা অভিযানৰ নিৰ্দেশ অসম আৰক্ষীক দি আহিছে৷ প্ৰতিটো অভিযানৰ সফলতাৰ খবৰ তেঁৱেই প্ৰকাশ কৰি আহিছে৷ আনকি সুৰাপায়ী চালকৰ বিৰুদ্ধে চলা অভিযানৰো নেতৃত্ব দিয়ে মুখ্যমন্ত্ৰীয়ে নিজে৷ কিন্তু এবাৰলৈও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অবৈধ কয়লা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলোৱাৰ খবৰ প্ৰকাশ কৰা নাই৷ কেৱল ডিমাহাছাও নহয়, কাৰ্বি আংলং, দিহিং পাটকাই বনাঞ্চল, লিডু, মাৰ্ঘেৰিটা সৰ্বত্ৰ কয়লাৰ অবৈধ আৰু মুক্ত খনন চলি আছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা নাজানো বুলি কোৱাৰ কোনো অৱকাশ নাই৷ কাৰণ, ন্যায়াধীশ বি পি কটকীৰ কমিটীয়ে ২০২১ চনতেই প্ৰতিবেদন দাখিল কৰি কৈছিল অসমত ক’ত, কিদৰে অবৈধ কয়লাৰ খনন চলি আছে৷ এই প্ৰতিবেদন যিহেতু অসম বিধানসভাত দাখিল কৰা হৈছে, যিহেতু প্ৰতিবেদনখন এতিয়াও বিধানসভাৰ ৱেবচাইটত উপলব্ধ, গতিকে বি পি কটকীৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীয়ে অজ্ঞানতা প্ৰকাশ কৰাৰো কোনো সুযোগ নাই৷ ন্যায়াধীশ বি পি কটকীৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, ২০০৩ চনৰ পৰাই চালেকি আৰু টিককত অব্যাহত আছে কয়লাৰ মুক্ত খনন৷ কিন্তু ২০১৯ চন পৰ্যন্ত কোনো এটা পক্ষই এই কয়লা খনন বন্ধ কৰিবলৈ কোনো ব্যৱস্থা লোৱা নাছিল৷ এই প্ৰতিবেদনত স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈ যে কিছুমান সংস্থা আৰু অচিনাক্ত লোকে কয়লাৰ খনন চলাই আছে৷ য’ত জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু অসম চৰকাৰে অঘোষিত সন্মতি প্ৰদান কৰি আহিছে৷ মাৰ্ঘেৰিটাৰ মহকুমা বিষয়াই সকলো জানি শুনিও পৰ্যাপ্ত মানৱ সম্পদৰ অজুহাত দেখুৱাই অভিযানৰ পৰা বিৰত আছে৷ ২০০৩ চনৰ পৰা ২০২১ চন পৰ্যন্ত ৰাজ্যৰ বিভিন্ন থানাত অবৈধ কয়লা পৰিবহনক লৈ ৰুজু হৈছে ৫৩৩ টা গোচৰ৷ প্ৰায় ৪০ হাজাৰ লোক এই অবৈধ খননৰ লগত জড়িত আৰু দৈনিক প্ৰায় ১২ লাখ কিলো কয়লাৰ অবৈধ ভাৱে খান্দি থকাৰ তথ্য লাভ কৰিছিল বি পি কটকীৰ আয়োগে৷ ৰাষ্ট্ৰীয় বননীতিৰ উলংঘাৰে চলি থকা এই অবৈধ কয়লা খননত এজন প্ৰাক্তন আৰক্ষী বিষয়া জড়িত থকাৰ কথাও উল্লেখ আছে ন্যায়াধীশ বি পি কটকীৰ প্ৰতিবেদনত৷
বি পি কটকীৰ প্ৰতিবেদনত উল্লেখ আছে যে দীৰ্ঘদিনৰ পৰা চলি থকা কয়লাৰ মুক্ত অবৈধ খনন দেখিও কোনো ব্যৱস্থা লোৱা নাই অসম চৰকাৰে৷ সেইবাবেই আয়োগে চি বি আইৰ দৰে স্বতন্ত্ৰ সংস্থাৰ দ্বাৰাহে কয়লা কেলেংকাৰিৰ তদন্ত কৰাৰ পোষকতা কৰিছে৷ লগতে সেই অঞ্চলত চলি থকা অবৈধ কোক উদ্যোগ তৎকালে বন্ধ কৰাৰ লগতে মুখ্য সচিবক প্ৰতিমাহে পৰিস্থিতি নীৰিক্ষণ কৰি ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিছিল বি পি কটকীৰ আয়োগে৷ আনকি কয়লাৰ অবৈধ সৰবৰাহ আৰু খননত জড়িত থকা সকলক এম-এম-ডি-আৰ আইনৰ ৫ আৰু ২১ নং ধাৰা আৰু প্ৰদূষণ পৰিষদৰ জলবায়ু; পানী আইনৰ ধাৰাৰ অধীনতো তেওঁলোকৰ শাস্তিৰ ব্যৱস্থা কৰাৰ পোষকতা কৰিছিল কটকী আয়োগে৷ কিন্তু স্বঘোষিত সততাৰ প্ৰতিভূ, দুৰ্নীতি বিৰোধী সংগ্ৰামৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদনৰ ভিত্তিত আজিও তদন্তৰ নিৰ্দেশ দিয়া নাই৷ অবৈধ কয়লাৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাতৰিও অসমৰ ৰাইজে পোৱা নাই৷

মাত্ৰ কেইদিনমানৰ পূৰ্বে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল৷ ৰাজ্যত এগৰাকী পৰিবহণ মন্ত্ৰী থকাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে সুৰাপায়ী চালকক ৰোধ কৰা, পিকনিকস্থলীত অভিযান চলোৱাৰ নিৰদেশ দিছিল৷ সেই বৈঠকৰ পোনপটীয়া সম্প্ৰচাৰ কৰি এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীৰ পৰিচয় দিছিল৷ কিন্তু নগৰাকী শ্ৰমিক কয়লাখনিত সমাধিস্থ হোৱাৰ পাছতো অবৈধ কয়লাক লৈ সেই একেগৰাকী মুখ্যমন্ত্ৰী নিৰ্বিকাৰ হৈ আছে৷ ঘটনাস্থলীলৈ যোৱাটো বাদেই এই দুৰ্ভাগ্যজনক ঘটনা কেনেদৰে ঘটিবলৈ পালে, তাৰ এক তদন্তও দিয়া নাই৷ অবৈধ কয়লাখনিক লৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিক কৰি পোনপটীয়া সম্প্ৰচাৰ কৰাটো বাদেই, সমগ্ৰ বিষয়টোক ধৰা পৰি যোৱাকৈ গাপ দিবলৈ চেষ্টা কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্লিপ্ততাই অসমৰ ৰাইজৰ সন্মুখত স্পষ্ট কৰি তুলিছে যে ডিমাহাছাওৰ ঘটনাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে গোকাট ফাঁকিৰ আশ্ৰয় লৈছে৷ এতিয়া সত্য উদঙাই দিয়াৰ দায়িত্ব অসমৰ বিৰোধীৰ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296