ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা ঘটনাটো একপ্ৰকাৰ দুৰ্ঘটনাই আছিল৷ সেইবাবেই তেওঁৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে লিখা গ্ৰন্থখনৰ নাম দিছিল ‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’। তাতকৈও দুৰ্ঘটনাৰে ভৰা আছিল প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ প্ৰথমখন অধিৱেশন৷ য’ত প্ৰধানমন্ত্ৰীগৰাকীক সুযোগ দিয়া নহ’ল নিজৰ মন্ত্ৰীসভাক পৰিচয় কৰাই দিবলৈ, ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক বক্তৃতা দিবলৈ৷ বিজেপিৰ প্ৰবল বাধাৰ বাবেই বাৰে বাৰে ৰৈ যাবলগীয়া হ’ল ড০ মনমোহন সিং ৷ সেই ঘটনাই বাৰুকৈয়ে আহত কৰিলে ড০ মনমোহন সিঙক৷ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুৱে সদনত দিবলগীয়া ভাষণটোকেই ‘এড্ৰেছ টু দ্য নেশ্যন’ নাম দি নতুনকৈ লিখি উলিয়ালে৷ টি ভিৰ জৰিয়তে সম্প্ৰচাৰৰ পৰিকল্পনা কৰা হ’ল৷ ড০ মনোমোহন সিঙৰ ৰাজহুৱা বক্তৃতাক লৈ৷ কাৰণ, মৃদুভাষী মনমোহন সিঙৰ ৰাজহুৱা সম্বোধনৰ অভিজ্ঞতা নাছিলেই প্ৰায়৷ প্ৰধানমন্ত্ৰীৰ সম্বোধন কেতিয়াও বিত্তমন্ত্ৰীৰ বাজেট পাঠৰ দৰে হ’ব নোৱাৰে৷ বেডৰুম, ড্ৰয়িংৰূমত বহি টেলিভিছন চাই থকা কোটি কোটি পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কথা পাতিব লাগিব৷ সেইবাবেই তেওঁক টেলিভিছনৰ জৰিয়তে ভাষণ দিয়াৰ পূৰ্বে অনুশীলন কৰিবলৈ কোৱা হ’ল৷ বাধ্য ছাত্ৰৰ দৰেই ড০ মনমোহন সিঙে সেই পৰামৰ্শ মানি ল’লে৷ চেভেন ৰেছকোৰ্ছলৈ অনা হ’ল এটা টি ভি কেমেৰা, লগত টেলিপ্ৰমটাৰ৷ প্ৰতিদিনে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছত এঘণ্টা কেমেৰাৰ সন্মুখত মনমোহন সিঙে ভাষণ দিয়ে৷ নিশা আহাৰ গ্ৰহণৰ পূৰ্বে প্ৰেছ উপদেষ্টাই সেই ভিডিঅ’ তেওঁক দেখুৱাই শুধৰণিৰ পৰামৰ্শ দিয়ে৷ মনমোহন সিং মৃদুভাষী আছিল ঠিকেই কিন্তু তেওঁ কোনটো শব্দত অধিক জোৰ দিব লাগে, কোনটো বাক্যৰ পাছত ৰৈ যাব লাগে, সেয়া মুঠেও নাজানে৷ ভাষণৰ তলত আণ্ডাৰলাইন কৰি কৰি শিকোৱা হ’ল–ক’ত ৰৈ যাব, ক’ত জোৰ দিব৷ এজন প্ৰধানমন্ত্ৰীয়ে দিনৰ পাছত দিন ধৰি নীৰৱে অনুশীলন কৰি গ’ল৷ শেষত ২৪ জুনৰ পুৱা টেলিভিছনত সম্প্ৰচাৰ হ’বলগীয়া ভাষণৰ  শ্বুটিং সম্পন্ন হ’ল৷ পাছদিনা দ্য হিন্দু কাকতত লিখা হ’ল এইদৰে–প্ৰধানমন্ত্ৰীৰ ভাষণ আছিল চিন্তাকৰ্ষক আৰু বাহুল্যবৰ্জিত৷ ভাষণত প্ৰতিফলিত হৈছিল প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্ব৷ সেই একেটা ভাষণৰ হিন্দী ৰূপটো লিখা হৈছিল উৰ্দু লিপিত৷ কাৰণ, পঞ্জাৱত জন্ম হোৱা মনমোহন সিঙে কেতিয়াও শিকা নাছিল হিন্দী৷ উৰ্দু আছিল তেওঁৰ মাতৃভাষা৷

বাৰে বাৰে অনুশীলন কৰি ভাষণ দিবলৈ শিকা মনমোহন সিং লাহে লাহে সাজু হ’ল সংবাদমেল সম্বোধন কৰিবলৈ৷ ছেপ্তেম্বৰত সংবাদমেলৰ দিন নিৰ্ধাৰণ কৰা হ’ল৷ মন্ত্ৰী, আমোলা, সম্পাদকৰ সৈতে কথা পাতি প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে সাম্ভাৱ্য ৭৫ টা প্ৰশ্নোত্তৰ সাজু কৰিলে৷ মনমোহন সিঙে তেওঁৰ টীমক ক’লে–‘মই কি জনা উচিত আৰু মই কি কোৱা উচিত, সেই বিষয়ে কোৱা’৷ সংবাদমেলৰ বাবে নিৰ্ধাৰণ কৰা হ’ল বিজ্ঞান ভৱনৰ বিশাল হ’ল৷ সকলো দেশী–বিদেশী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ বাবে মুকলি থাকিব কনফাৰেন্সে৷ যিসকল স্বীকৃতিপ্ৰাপ্ত নহয়, তেওঁলোকৰ বাবে ছপা কৰা হ’ল সুকীয়া নিমন্ত্ৰণ পত্ৰ৷ টেলিভিছনত ভাষণ দিবলৈ বাৰে বাৰে অনুশীলন কৰিবলগীয়া হোৱা মনমোহন সিং সাজু হ’ল ৫০০ সাংবাদিকৰ প্ৰশ্নবাণৰ মুখামুখি হ’বলৈ৷ সন্ধিয়া ৫ বজাত সংবাদমেল৷ প্ৰধানমন্ত্ৰীয়ে বাতিল কৰিলে সন্ধিয়াৰ সকলো কাৰ্যসূচী৷ কাৰণ, ৫০ গৰাকী সাংবাদিকে এক মিনিটকৈ প্ৰশ্ন কৰিলেও ৫০ মিনিট সময় যাব আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ মনমোহন সিং সাজু৷ মুঠ ৫২ প্ৰশ্নৰ ৫১ টাৰ সাৱলীল উত্তৰ দিলে প্ৰধানমন্ত্ৰী মনমোহন সিঙে৷ সংবাদমেলৰ শেষত সকলো সাংবাদিক স্তম্ভিত হৈ পৰিল৷ সফল সংবাদমেলৰ শেষত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মণি দিক্ষিতে নিজৰ বাসগৃহত অয়োজন কৰিলে এক নৈশভোজৰ৷ সঞ্জয় বাৰু উপস্থিত হোৱাৰ লগে লগে দিক্ষিতে সাৱটি ধৰি ক’লে–তেওঁ বিনা কাৰণত চিন্তিত হৈ আছিল৷ তেনে সময়তে সঞ্জয় বাৰুৰ ফোনটো বাজি উঠিল, সিপাৰত প্ৰধানমন্ত্ৰী মনমোহন সিং৷ তেওঁ ক’লে-‘আশা কৰোঁ সকলো আনন্দিত হৈছে৷ বেয়া পাবলগীয়া বিশেষ একো নঘটিল’৷ দিক্ষিতে প্ৰধানমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুৰ হাতত চিংগল মল্টৰ পেগ এটা তুলি দিলে৷

 

এদিন বিদেশত সঞ্জয় বাৰুৱে প্ৰধানমন্ত্ৰী মনমোহন সিঙক সুধিলে–সাংবাদিকৰ মুখামুখি হোৱাৰ আগতে আপুনি ফ্ৰেছ হৈ ল’ব নেকি? মনমোহন সিঙৰ উত্তৰ- ‘সিংহই কেতিয়াবা দাত চাফা কৰে নেকি’?

দুৰ্ঘটনাক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা, অল্পভাষী আৰু বহুতেই মৌনমোহন বুলি কোৱা মনমোহন সিঙে কাৰ্যকালৰ ১০০ দিনৰ পাছতেই ৫০০ সাংবাদিকৰ মুখামুখি হৈছিল, ৫১ টা পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিছিল৷ প্ৰতিটো বিদেশ যাত্ৰাত লগত লৈ গৈছিল সাংবাদিকৰ দল৷ সম্বোধন কৰিছিল সংবাদ মাধ্যমক৷ প্ৰণয়ন কৰিছিল তথ্য জনাৰ অধিকাৰৰ দৰে আইন৷ তেওঁৰ আৰ্থিক নীতি এটা সুকীয়া বিতৰ্কৰ বিষয় কিন্তু মনমোহন সিং যে মৌন নাছিল, মুকলি সংবামেলত অংশ ল’ব পৰাকৈ সাহসী আছিল, সেই কথা নিজৰ কাৰ্যকালত বাৰে বাৰে প্ৰমাণ কৰি গ’ল৷ দেশে তেওঁক সেইদৰেই মনত ৰাখিছে আৰু ৰাখিব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296