জুবিনে জাতিৰ বাবে কি কি কৰিলে ?

Share This Article

জুবিন গাৰ্গ৷ অসমৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বিতৰ্কিত ব্যক্তি৷ জীৱনকালত সীমাহীন জনপ্ৰিয়তা উপভোগ কৰিবলৈ পোৱা ব্যক্তিসকলৰ শীৰ্ষত নিঃসন্দেহে থাকিব জুবিন গাৰ্গ৷ জুবিন গাৰ্গ যিমান জনপ্ৰিয়, সিমানেই বিতৰ্কিতও৷ জুবিনৰ গানৰ বাবে এই বিতৰ্ক হোৱা নাই৷ গান গাই জুবিন কেতিয়াবা শাসকৰ ৰোষত পৰিব, ক্ষমতাশালী মহল জুবিনৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিব, তেনে ঘটনা কল্পনাৰো অগোচৰ৷ সাময়িকভাৱে জুবিন গাৰ্গে কেতিয়াবা গণবিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে৷ কিন্তু সেয়াও শাসকৰ অনুকূলে হোৱাকৈ৷ সমান্তৰালভাৱে জুবিন গাৰ্গ প্ৰায়ে চৰ্চাত থাকে নকৰিবলগীয়া কাম কৰি, নক’বলগীয়া কথা কৈ৷ সেইগৰাকী জুবিন গাৰ্গ আকৌ এবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত৷ সদ্যপ্ৰয়াত শিল্পী ৰাজীৱ শদিয়াক লৈ কৰা এটা বিতৰ্কিত মন্তব্যৰ বাবে জুবিন গাৰ্গ সৰ্বত্ৰ সমালোচিত হৈছে৷ প্ৰয়াত ৰাজীৱ শদিয়া সন্দৰ্ভত জুবিন গাৰ্গে কৈছে –‘তাক মই ইমানো চিনি নাপাওঁ৷ জাতিৰ বাবে ময়োতো গান গাইছো৷দেন..৷’ জনপ্ৰিয়তাৰ মধ্যগগণত থকা জুবিন গাৰ্গে শদিয়াৰ খাটিখোৱা শিল্পী ৰাজীৱ শদিয়াক চিনি নোপোৱা কথাটোত আচৰিত হ’বলগীয়া একো নাই৷ সেয়া তেনেই স্বাভাৱিক ঘটনা হ’ব পাৰে৷ কিন্তু এগৰাকী সহশিল্পীৰ মৃত্যুত যি নূন্যতম সৌজন্যতা, শালীনতা প্ৰকাশ কৰিব লাগে, সেয়া জুবিন গাৰ্গে নেদেখুওৱাটো অতিকৈ দুৰ্ভাগ্যজনক৷ এজন শিল্পী হিচাপেই নহয়, মানুহ হিচাপেও জুবিন গাৰ্গ কিমান সংবেদনশীল, সেয়াও তেওঁ নিজ মুখেই জনাই দিলে৷ ‘ময়োতো জাতিৰ বাবে গান গাইছো’ বুলি কৈ জুবিন গাৰ্গে প্ৰকাশ কৰিলে চূড়ান্ত অহমিকা আৰু মনৰ মাজত লৈ ফুৰা গোপন ঈৰ্ষা৷

ৰাজীৱ শদিয়াক গানক নতুনকৈ বিশ্লেষণ কৰাৰ হয়তো এতিয়া আৰু প্ৰয়োজন নাই৷ তেওঁৰ গানৰ কথা, তেওঁৰ জীৱনশৈলীয়েই সেই কথা কৈ যাব৷ এতিয়া প্ৰয়োজন হৈছে জুবিন গাৰ্গে জাতিৰ গৈ কৰা কামবোৰ, জাতিৰ হৈ গোৱা গানবোৰৰ বিশ্লেষণ কৰাৰ৷জুবিন গাৰ্গে অসমীয়া গানক জনপ্ৰিয়তাৰ এক নতুন মাত্ৰা দিছে, অগণন শ্ৰোতাক আকৰ্ষণ কৰিছে, তাৰ বাবে প্ৰাপ্য স্বীকৃতি ইতিমধ্যেই লাভ কৰিছে৷ কিন্তু জুবিনৰ জনপ্ৰিয়তাৰ লগত তেওঁৰ জাতীয় দায়ৱদ্ধতাৰ প্ৰশ্নটো সাদয়েই সন্দেহৰ আৱৰ্তত থাকি গৈছে৷ বৰ বেছি পুৰণি দিনৰ কথা নহয়, পশ্চিমবংগৰ এখন কনছাৰ্টত গান গাই আছে অস্কাৰলৈ মনোনয়ন লাভ কৰা কণ্ঠশিল্পী ইমন চক্ৰৱৰ্তীয়ে৷ ৩৬ বছৰ বয়সৰ এইগৰাকী বাংলা গায়িকাই গান গাই থকাৰ মাজতে কোনোবাই চিঞৰিলে– বাংলা গান নুশুনোঁ৷ ইমনে লগে লগে প্ৰতিবাদ কৰিলে– ‘কাৰ ইমান সাহস, ইয়াত বাংলা গান নুশুনো বুলি ক’বলৈ! অন্য ঠাই হোৱা হ’লে চুলিত ধৰি বাহিৰ কৰি দিলেহঁতেন৷এই ৰাজ্যখনৰ নাম বাংলা, তুমি পাঞ্জাৱী গান শুনা, মাৰাঠী গান শুনা, হিন্দী গান শুনা, কিন্তু বংগত থাকি বাংলা গান নুশুনো বুলি ক’বলৈ তুমি কোন? বাংলাত আছা, বাংলাত চাকৰি কৰিছা, বাংলাত থাকি পইচা উপাৰ্জন কৰিছে, আৰু বাংলা গান নুশুনো বুলি কৈছা৷ এই ভণ্ডামিবোৰ নকৰিবা৷’
https://www.facebook.com/share/v/1FMVBMZNw1/

এগৰাকী যুৱতী শিল্পীয়ে এইদৰেই দেখুৱাই দিলে নিজৰ স্বাভিমান , নিজৰ ভাষাটোৰ প্ৰতি থকা গোৱাৰ ভালপোৱা ৷ আৰু আমাৰ মৰমৰ জুবিন গাৰ্গে কি কৰিলে ? হিন্দী গান গাব নিদিয়া বাবেই বিহু মঞ্চ ত্যাগ কৰিলে জুবিন গাৰ্গে ৷ ব’হাগৰ প্ৰথম দিনটোত মঞ্চত হেনো জুবিনক হিন্দী গান গাবই দিব লাগিব ৷ বাধা দিয়া বাবেই বাতিল কৰিলে সংগীতানুষ্ঠান ৷ তাৰ পাছৰে পৰা জুবিন গাৰ্গৰ চৰ্ত – হিন্দী গান গাব দিলেহে কৰিব অনুষ্ঠান ৷

https://fb.watch/xbjA7hdX2B/

য়াই আমাৰ মৰমৰ জুবিনৰ নিজৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা, ভালপোৱা আৰু দায়ৱদ্ধতাৰ অকৃত্ৰিম নিদৰ্শন! মনত ৰাখিব – কোনো জনগোষ্ঠীয় ভাষাৰ গীত এটাক লৈ, উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো এটা ভাষাৰ গানক লৈ জুবিন ইমান আকোৰগোজ কেতিয়াও হোৱা নাই, যিমান তেওঁ আঁকোৰগোজ বিহু মঞ্চত হিন্দী গান গোৱাক লৈ৷ বছৰটোৰ ৩০০ দিনেই জুবিনে হিন্দী গানৰ চৰ্চা কৰক, হিন্দী গানৰ প্ৰচাৰ কৰক৷ কোনেও তাত বাধা দিয়া নাই, আপত্তি কৰা নাই৷ এটা সামান্য অনুৰোধ, এটা সামান্য চৰ্ত আছিল–অন্ততঃ বিহুমঞ্চখনত অসমীয়া গান গাওক৷অমাৰ মাতৃভাষাৰ গান গাওক৷ সেই আশা, সেই অনুৰোধকো গোৰ মাৰি দিবলৈ জুবিনে কুণ্ঠাবোধ কৰা নাছিল৷ এইগৰাকী শিল্পীৰ জাতীয় দায়ৱদ্ধতাক লৈ আলোচনা কৰাটো সময়ৰ অপচয় কেৱল৷

জাতিৰ নামত জুবিনে আৰু কি কৰা নাই! ‘কা’ আন্দোলনৰ পাছত ‘পথাৰ আমাৰ বজাৰ আমাৰ’ শ্ল’গান দি চৰকাৰৰ কাষ চপা প্ৰথম শিল্পীজনেই আছিল জুবিন গাৰ্গ৷ ২০২১ ৰ নিৰ্বাচনী ফলাফলৰ পাছত এতিয়াৰ মুখ্যমন্ত্ৰীৰ ঘৰত উপস্থিত হোৱা প্ৰথম শিল্পীজনেই আছিল জুবিন গাৰ্গ৷ জুবিন গাৰ্গৰ জাতিৰ প্ৰতি এই অৱদান চিৰস্মৰণীয় হৈ ৰৈ যাব! জুবিন গাৰ্গৰ ৰাজহুৱা আচৰণ এতিয়া আৰু কোনো চৰ্চা কৰিবলগীয়া বিষয় হৈ থকা নাই৷ কিন্তু সহ শিল্পী এজনৰ মৃত্যুত জুবিন গাৰ্গে যি উদ্ভট আৰু অদ্ভুত আচৰণ কৰিলে, তাৰ পৰা এজন নতুন জুবিন গাৰ্গ অসমৰ ৰাইজৰ সন্মুখলৈ ওলাই আহিছে৷ সকলো মানুহৰেই একেসময়তে তিনিটা জীৱন থাকে৷ সামাজিক, ব্যক্তিগত আৰু গোপন৷ এইজন সেই গোপন জুবিন গাৰ্গজন৷ যাক আমি দেখা নাছিলো৷ যাক তেওঁ লুকুৱাই ৰাখিছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.