সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ,
অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ।
সুখ নাই যিটো সদা গোচৰত ফুৰে,
মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে।

-বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষা লৈয়ে বিদ্যালয়ত পাঠগ্ৰহণ কৰিছে৷ সুখী হোৱাৰ মূল নীতি কথা এটাই-ধৰুৱা হ’ব নালাগে, স্বাৱলম্বী হৈ উঠিব লাগিব৷ ৰুগীয়া হ’ব নালাগে, সুস্বাস্থ্যৱান হৈ থাকিব লাগিব৷ গোচৰ–মামলাৰ পৰা আঁতৰি থাকিব লাগে, যথাসম্ভৱ মাতৃৰ ওচৰতে থাকিব পাৰিব লাগে৷ সেই একেই নীতি শিক্ষাক যদি অসমৰ সৈতে ৰিজাই চোৱা হয়, তেনেহ’লে আমি কিদৰে আজিৰ প্ৰেক্ষাপটক বিশ্লেষণ কৰিম৷ মুখ্যমন্ত্ৰীয়ে কৈ অহাৰ দৰে–অসম সঁচাকৈ সুখীনে?
পুৱা শুই উঠিয়েই বাতৰি কাকতত আমি পঢ়িছো–ৰাজ্য চৰকাৰে আকৌ ল’ব ৯০০ কোটিৰ ঋণ৷ কেইদিনমানৰ পূ্ৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি, অসম চৰকাৰে এতিয়ালৈকে বেংক আৰু আন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা গ্ৰহণ কৰিছে ১,৫০,৯০০ কোটি টকাৰ ঋণ৷ ২০১৬ চন পৰ্যন্ত অসমৰ ঋণৰ পৰিমান আছিল ৪১ হাজাৰ কোটি টকা৷ তাৰ পাছৰে পৰা ঋণ লোৱাৰ তৎপৰতা কি হাৰত বৃদ্ধি পালে, সেয়া পৰিসংখ্যাই কৈ দিয়ে৷ চৰকাৰে সমালোচনাৰ উত্তৰ দিছে যে ঋণ লোৱাৰ ক্ষমতা থকা বাবেই হেনো ঋণ লাভ কৰিছে৷ এয়া গৰ্বৰেই কথা৷ কিন্তু সঁচাকৈ ডেৰ লাখ কোটিৰ ঋণ ল’ব পৰাকৈ অসম সমৰ্থ হৈছেনে? জি ডি পিৰ জটিল অংকলৈ নাযায়, সাধাৰণভাৱে যদি চোৱা হয়–অসমৰ জনসাধাৰণ এতিয়া সাংঘাতিক অৰ্থসংকটত ককবকাই আছে৷ ভয়াৱহ মূল্যবৃদ্ধিয়ে দৈনন্দিন জীৱন ইমানেই ব্যয়বহুল কৰি তুলিছে যে আয়তকৈ অধিক ব্যয় কৰিবলগীয়া হৈছে৷ পৰিসংখ্যা অনুসৰি, জনমূৰি আয়ৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ৩৩ খন ৰাজ্যৰ ভিতৰত শেষৰ পৰাহে ৪ নম্বৰত৷ নিজা ৰাজহ আহৰণৰ ক্ষেত্ৰতো অসমৰ স্থান ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত তলৰ পৰা তৃতীয়৷ ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা ৰাজহৰ পৰিমাণ আছিল কেৱল ২৯,০৬১ কোটি টকা৷ এটা বছৰত ২৯ হাজাৰ কোটি টকা উপাৰ্জন কৰা ৰাজ্য এখনে প্ৰায় প্ৰতিদিনে শ শ কোটি টকাৰ ঋণ লৈ ধৰুৱা হৈ গৈ আছে৷ ধৰুৱা অসম আজি সুখীনে?
এখন সুস্বাস্থ্যৱান সমাজে অসমৰ আৰ্থিক আৰু সামাজিক পৰিকাঠামো শক্তিশালী কৰি তুলিব পাৰে৷ কিন্তু অসমৰ স্বাস্থ্যৰ অৱস্থা এতিয়া কেনেকুৱা? চৰকাৰী সমীক্ষা মতেই শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান প্ৰথম, প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে তৃতীয়৷ অসমৰ ৪২ শতাংশ শিশু পুষ্টিহীনতাত আক্ৰান্ত হৈ আছে৷ এনিমিয়াত ভুগিছে ৬৫.৯ শতাংশ মহিলা৷ অসমৰ কৰ্কট ৰোগীৰ চৰকাৰী পৰিসংখ্যা ২৩,৯৭৪ গৰাকী৷ মধুমেহত ভুগিছে অসমৰ ৪,৮৪,৭৭৪ গৰাকী নাগৰিক৷ চিকিৎসা সেৱাৰ নামত জিলাই জিলাই মেডিকেল কলেজ প্ৰতিষ্ঠা হ’বলৈ গৈ আছে৷ ইফালে, অসমৰ জনতা দিনে দিনে অধিক ৰুগীয়া হৈ গৈ আছে৷ ৰুগীয়া অসম সঁচাকৈ সুখীনে?
ধৰুৱাৰ সুখ নাই, ৰুগীয়াৰ সুখ নাই৷ সুখ নাই যিটো সদায় গোচৰত ফুৰে৷ অসমত ২০২০ৰ পৰা ২০২৪ ৰ মাৰ্চলৈকে ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৫৫৯৭ টা, যৌতুকজনিত ঘটনা ঘটিছে ৩০,৬৪৯ টা৷ চুৰিৰ ঘটনা ঘটিছে ৫২,৮০৩ টা৷ চৰম সিদ্ধান্ত লৈছে ১২,৭৬৭ গৰাকী নাগৰিকে৷ এই আটাইবোৰ পঞ্জীয়নভুক্ত গোচৰৰ পৰিসংখ্যা৷ আনকি খোদ গুৱাহাটী মহানগৰীত এটা বছৰত ১০০ গৰাকীতকৈ অধিক মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়াৰ দৰে ঘটনা ঘটিছে৷ থানাই থানাই, আদালতে আদালতে দৌৰিও ন্যায় পোৱা নাই ভুক্তভোগীয়ে৷ জিলা, সত্ৰ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ৪.৫৮ লাখ গোচৰ, উচ্চ ন্যায়ালয়ত বছৰৰ পাছত বছৰ ধৰি ৬২ হাজাৰ গোচৰৰ শুনানি চলিছে৷ গোচৰৰ ভৰত ভাৰাক্ৰান্ত অসম আজি সুখীনে?
পুত্ৰৰ পৰা আঁতৰত থকা মাতৃৰ হেনো সুখ নাই৷ এইবাৰ আঘোণৰ ধান কটা বতৰতো নিজম পৰি আছে অসমৰ গাঁওবোৰ৷ কাৰ্যতঃ এক নিমাওমাও পৰিৱেশ অসমৰ গ্ৰাম্যাঞ্চলত৷ ইয়াৰ প্ৰধান কাৰণেই হৈ পৰিছে প্ৰব্ৰজন৷ কাম সন্ধানত লাখ লাখ অসমীয়াই নিজৰ গৃহভূমি এৰি আন ঠাইলৈ ঢাপলি মেলিছে৷ কেন্দ্ৰীয় চৰকাৰৰ ই শ্ৰম প’ৰ্টেলৰ তথ্য অনুসৰি, অসমত অসংগঠিত খণ্ডত আজিৰ দিনটোত নিয়োজিত হৈ থকা মুঠ শ্ৰমিকৰ সংখ্যা হৈছে ৭৫,৭১,৫৭৬ গৰাকী৷ কৃষিৰ পৰা ঘৰুৱা শ্ৰমিকলৈ, ৰিক্সা চালকৰ পৰা আৰম্ভ কৰি ফুড ডেলিভাৰী বয়লৈকে সকলো খণ্ডৰ শ্ৰমিকক এই পৰিসংখ্যাই সামৰি লৈছে৷ ইয়াৰ বুজনসংখ্যক শ্ৰমিক নিয়োজিত হৈ আছে ৰাজ্যৰ বাহিৰত৷ দিল্লী, মুম্বাইৰ পৰা আৰম্ভ কৰি দক্ষিণৰ ৰাজ্যসমূহত এতিয়া কেৱল অসমৰ সস্তীয়া শ্ৰমিকৰ পয়োভৰ৷ নিজৰ ৰাজ্যত সংস্থাপণৰ সুবিধা লাভ নকৰা বাবেই লাখ লাখ শ্ৰমিকে কাম বিচাৰি ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিন্তু তেওঁলোকৰ জীৱিকা আৰু জীৱনৰ কোনো নিশ্চয়তা নাই৷ যাৰ বাবে কোভিডকালীন সময়ত প্ৰায় ৩.৫০ লাখ শ্ৰমিকে অসমলৈ ঘূৰি আহিবলৈ হেতা-ওপৰা লগাইছিল৷ নিজৰ সন্তানক কামৰ বাবে বাহিৰলৈ পঠিয়াই অসমৰ মাতৃসকল আজি সুখীনে?

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296