ভাল কথা এইটোৱে যে অসমৰ ৰাজনীতিৰ প্ৰধান বিতৰ্কৰ বিষয় হৈ পৰিছে অসমৰ অৰ্থনীতি৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ সপক্ষে যি যুক্তি দাঙি ধৰিছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী দলসমূহে৷ নতুন বছৰৰ প্ৰথম দিনটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঋণ নিৰ্ভৰ অৰ্থনীতিৰ এক নতুন সূত্ৰ দাঙি ধৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ আধাৰতে আমি বিশ্লেষণ কৰিব বিচাৰিছো, ৰাজ্যৰ অৰ্থনৈতিক প্ৰগতিৰ আচল ছবিখন৷ ২০১৬ চনত বিত্তমন্ত্ৰীৰ দায়িত্ব লৈয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল ৰাজ্যৰ তেতিয়াৰ বিত্তীয় পৰিস্থিতি সন্দৰ্ভত এখন শ্বেতপত্ৰ৷ এই শ্বেতপত্ৰত তেওঁ উল্লেখ কৰিছিল এইদৰে, ‘বৃটিছ শাসিত ভাৰতত অসম আছিল এখন সৰ্বোচ্চ ৰাজহ প্ৰদানকাৰী ৰাজ্য৷ স্বাধীনতা প্ৰাপ্তিৰ সময়ত ভাৰতৰ আটাইতকৈ সমৃদ্ধশালী ৰাজ্যসমূহৰ ভিতৰত ইয়াৰ স্থান আছিল পঞ্চম৷ আনকি ১৯৫০-৫১ বৰ্ষতো অসমৰ জনমূৰি আয় আছিল ৰাষ্ট্ৰীয় গড়তকৈ চাৰি শতাংশ বেছি৷ এতিয়া স্বাধীনতাৰ প্ৰায় ৬৮ বছৰ পাছত আমি ভাৰতবৰ্ষৰ চতুৰ্থ দৰিদ্ৰতম ৰাজ্য৷ ৰাজ্যখনৰ সকলো সামাজিক, অৰ্থনৈতিক সূচকাংক ব্যৰ্থ হৈছে৷ ই ৰাজ্যখনৰ স্থান নিম্নতম পৰ্যায়লৈ অৱনমিত কৰিছে৷’ শ্বেতপত্ৰৰ সামৰণি মৰা হৈছিল এইদৰে–‘সকলোবোৰ দিশৰ পৰাই এইটো পৰিষ্কাৰ যে ১০ হাজাৰ কোটিৰ চৰম ঋণাত্মক বিত্তীয় পৰিস্থিতিৰ পৰা নতুন চৰকাৰখনে যাত্ৰা আৰম্ভ কৰিব লাগিব৷’ অৰ্থাৎ ১০ হাজাৰ কোটি টকাৰ ঋণ আছিল তেতিয়াৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে চৰম ঋণাত্মক পৰিস্থিতি৷ সেই একেগৰাকী ব্যক্তি মুখ্যমন্ত্ৰী হৈ ১ লাখ ৫০ হাজাৰ কোটি টকাৰ ঋণক এক পৰম ইতিবাচক পৰিস্থিতি বুলি বাখ্যা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই যদি আমি মানি লওঁ যে ঋণ লোৱাটো অপৰাধ নহয়, তাৰ পাছতো আমি তেওঁৰ ভাষাৰেই আৰ্থিক সামাজিক সূচকাংকসমূহত অসমৰ স্থান কৰি বাখ্যা কৰিব লাগিব৷ ঋণৰ অনুপাতে ৰাজ্যৰ জনসাধাৰণ সমৃদ্ধিশালী হৈছেনে নাই, সেয়াও বিচাৰ কৰিব লাগিব৷
বিত্তমন্ত্ৰী হৈ ড০ হিমন্ত বিশ্ব শৰ্মাই আক্ষেপ প্ৰকাশ কৰিছিল যে বাজেটৰ আকাৰ অনুসৰি অসমৰ জনমূৰি আয় বৃদ্ধি হোৱা নাই৷ ৰাষ্ট্ৰীয় গড়তকৈ ই বহুগুণে পাছ পৰি আছে৷ কিন্তু প্ৰায় দহ বছৰ বিজেপিয়ে শাসন কৰাৰ পাছত অসমৰ গড় জনমূৰি আয় কি পৰ্যায়ত উপনীত হ’ল? দেশৰ গড় জনমূৰি আয় হ’ল ১,৮৪,২০৫ টকা৷ ইয়াৰ বিপৰীতে অসমৰ গড় জনমূৰি আয় হ’ল ১,৩৫,৭৮৭ টকা৷ গড় জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ যি তথ্য ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে, তাত অসমৰ স্থান ২২৷ এই এটা মাত্ৰ সূচকাংকই প্ৰকাশ কৰে যে ঋণ অনুপাতে অসমৰ জনতা সমৃদ্ধিশালী হোৱা নাই৷ আন আন সূচকাংকতো অসমৰ প্ৰগতি প্ৰতিফলিত হোৱা নাই৷ শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমত স্কুল ড্ৰপ আউটৰ ৰেট এতিয়াও উদ্বেগজনক৷ প্ৰাথমিক পৰ্যায়ত ৬.২ শতাংশ, উচ্চ প্ৰাথমিক পৰ্যায়ত ৮.২ শতাংশ আৰু মাধ্যমিক পৰ্যায়ত ২৫.০৭ শতাংশ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰে৷ ১০০ গৰাকীৰ ২৫ গৰাকীয়ে যদি আধাতে বিদ্যালয় এৰিছে, তাক আমি ঋণৰ সুফল বুলি গণ্য কৰিমনে?
অসমত শিশুৰ মৃত্যুৰ হাৰ প্ৰতি এহাজাৰৰ ভিতৰত ৩৬৷ প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি ১ লাখৰ ভিতৰত ১৯৫৷ যিটো দেশৰ ভিতৰতে সৰ্বাধিক৷ মতেই অসমৰ ৫ বছৰৰ তলৰ ৩৫ শতাংশ শিশুৰ বয়সৰ অনুসৰি বিকাশ হোৱা নাই৷ ৩২ শতাংশ শিশুৰ বয়স অনুসাৰে ওজন কম আৰু ২১ শতাংশ শিশু উচ্চতা অনুসৰি তেনেই ক্ষীন৷ ৬৮ শতাংশ শিশু ৰক্তহীনতাতত আক্ৰান্ত৷ ৪২ শতাংশ পুষ্টিহীনতাত আক্ৰান্ত৷ ইয়াক আমি ঋণৰ সুফল বুলি গণ্য কৰিব পাৰিমনে?
নীতি আয়োগৰ মাল্টি ডাইমেনচনেল প্ৰভাৰ্টি ইনডেক্স অনুসৰি দৰিদ্ৰতাৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান ষষ্ঠ৷ ৰাজ্যৰ ১৯ শতাংশ লোক এতিয়াও দৰিদ্ৰ৷ তাৰ বিপৰীতে বহনক্ষম উন্নয়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত তলৰ পৰাহে অসমে ষষ্ঠ স্থান লাভ কৰিছে৷ বহনক্ষম উন্নয়ণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সূচকাংক ৭১ হোৱাৰ বিপৰীতে অসমে লাভ কৰিছে ৬৫৷ গুণগত শিক্ষাত অসমৰ সূচকাংক মাত্ৰ ৪১৷ একেদৰে সুস্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ সূচকাংক হৈছে ৬০৷ এই সকলো তথ্য সন্মুখত ৰাখি আমি ক’ব পাৰিমনে যে ঋণৰ বৃদ্ধিৰ লগে লগে অসমৰ আৰ্থ সামাজিক স্থিতিৰ আমূল পৰিৱৰ্তন হৈছে? আমি ক’ব পাৰিবনে যে ঋণ বৃদ্ধিৰ সমান্তৰালভাৱে অসমৰ অৰ্থনীতি দোপতদোপে আগুৱাইছে? ক্ষমা কৰিব মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ঋণ বৃদ্ধিৰ যুক্তি আমি মানি ল’ব নোৱাৰিম৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post