সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

BBC ক শুদাই নেৰে মোডী চৰকাৰে !

দিল্লী উচ্চ ন্যায়ালয়ে BBC লৈ পুনৰ চমন জাৰি কৰিছে।সোমবাৰে চমন জাৰি কৰে দিল্লী উচ্চ ন্যায়ালয়ে।BBC ৰ বিৰুদ্ধে পুনৰ মানহানি গোচৰ তৰিছে দিল্লী উচ্চ ন্যায়ালয়ত।উল্লেখ্য যে ২০০২ চনৰ গুজৰাট কাণ্ডৰ বাবে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মূল অভিযুক্ত হিচাপে দেখুওৱা হৈছিল বিবিচিৰ ডকুমেণ্টেৰীখনত।সোমবাৰে দিল্লী ন্যায়ালয়ৰ চমন সম্পৰ্কত BBC মুখপাত্ৰ এজনে কয় ‘ আমি ন্যায়ালয়ৰ প্ৰক্ৰিয়াবোৰৰ বিষয়ে অৱগত৷এই বিষয়ে এতিয়া আৰু অধিক মন্তব্য দিয়াটো উচিত নহ’ব।’উল্লেখ্য যে এই ডকুমেণ্টেৰীখনে ভাৰত আৰু বৃটেইনৰ সম্পৰ্ক তিক্ত কৰি পেলাইছিল৷লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত বিগত মাৰ্চ মাহত নিৰাপত্তা বিঘ্নিত হৈছিল।’ইণ্ডিয়া -দ্যা মোডী কুৱেশ্বন’ -নামৰ ডকুমেণ্টেৰীখনে মুক্তি লাভ কৰাৰ পিছতেই অস্বস্তিত পৰে ভাৰত চৰকাৰ৷BBC ৰ এই ডকুমেণ্টেৰীখনক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে ভাৰত চৰকাৰে।ভাৰত চৰকাৰে এই ডকুমেণ্টেৰীখনক ‘ উদ্দেশ্যপ্ৰণোদিত আৰু সন্মানহানিকাৰক আখ্যা দিয়ে।BBC ৰ দিল্লী আৰু মুম্বাইস্থিত কাৰ্যালয়ত EDএ অভিযান চলাইছিল বিগত ফেব্ৰুৱাৰী মাহতেই।EDৰ তদন্তত BBC এ ইয়াৰ উপাৰ্জনৰ তথ্য লুকুওৱাৰ অভিযোগ তুলিছিল।আনহাতে,BBC এ কিন্তু কোনো কাৰণতে এই ডকুমেণ্টেৰীখনত ৰহণ সনা আৰু উদ্দেশ্য প্ৰণোদিত বুলি মানি নলয়।বিবিচিৰ মতে তেওঁলোকৰ উচ্চ পৰ্যায়ৰ সম্পাদকীয় গোটে এই ডকুমেণ্টেৰীখনৰ ইনপুটসমূহ সংগ্ৰহ কৰিছে।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে এই ডকুমেণ্টেৰীখনত ২০০২ চনত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত সংঘটিত গোধৰা কাণ্ডৰ বিষয়টো সবিস্তাৰে প্ৰকাশ পাইছে।এই হত্যাকাণ্ডত প্ৰায় ১০০০ মুছলমান লোকে প্ৰাণ হেৰুৱাইছিল আৰু এই সমস্ত ঘটনাৰ বাবে সেই সময়ৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীকে দোষী সাব্যস্ত কৰিছিল ডকুমেণ্টেৰীখনত।
মুক্তিৰ পিছতেই ভাৰত চৰকাৰে নিষেধাজ্ঞা পৰোপ কৰিছিল ডকুমেণ্টেৰীখনত।ভাৰত চৰকাৰৰ মতে এনে কিছুমান ‘মনেসজা’ কাহিনীয়ে সমাজত শান্তি বিঘ্নিত কৰিব।

Leave A Reply

Your email address will not be published.