৪০ বছৰীয়া গোচৰ খুঁচৰিলে বিজেপিয়ে !

কংগ্ৰেছ নেতা জগদীশ টাইটলাৰ বিৰুদ্ধে পুনৰ চিবিআইয়ে খাতা খুলিছে !১৯৮৪ চনৰ শিখ বিদ্ৰোহৰ সময়ৰ ঘটনা খুচৰিছে চিবিআইয়ে।
উল্লেখ্য যে ১৯৮৪ চনৰ ১অক্টোবৰত পুল বাংগেশ অঞ্চলত ৩ জন শিখ নিহত হৈছিল।এই ঘটনাত সেই সময়ৰ কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ নাম সাঙোৰ খাই পৰিছিল।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ১৯৮৪ চনৰ ৩১অক্টোবৰত দুগৰাকী শিখ নিৰাপত্তাৰক্ষীয়ে প্ৰাণ লৈছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ।তেতিয়াৰ পৰাই টাইটলাৰৰ লগত এক দূৰত্ব বৰ্তাই ৰাখিছে কংগ্ৰেছ দলে।অৱশ্যে টাইটলাৰৰ বিৰুদ্ধে থকা গোচৰটোৰ ক্লীন শ্বীট পাইছিল তেওঁ।কিন্তু মোডী চৰকাৰ কেন্দ্ৰত ক্ষমতালৈ অহাৰ পিছত ২০১৫ চনৰ ৪ ডিচেম্বৰত পুনৰ টাইটলাৰৰ বিৰুদ্ধে গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ।শিৰোমণি আকালি দলৰ নেতা মনজিন্দৰ সিং চিৰছাই ২০১৮ চনতে কয় যে ‘চাজন কুমাৰৰ আত্মসমৰ্পণে সাক্ষী আৰু আৰু ভুক্তভোগী পৰিয়ালকেইটাক যথেষ্ট সকাহ দিব।ইয়াৰ ফলত জগদীশ টাইটলাৰ আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথ গৈ কাৰাগাৰৰ অতিথি হ’ব।’উল্লেখ্য যে চৰকাৰীভাৱে প্ৰকাশিত তথ্য অনুসৰি ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত প্ৰায় ২৮০০ শিখৰ হত্যা হৈছিল সমগ্ৰ ভাৰতত৷ইয়াৰে ২১০০ শিখেই আছিল দিল্লীৰ।

‘দোষমুক্ত’ টাইটলাৰক পুনৰ চমন CBI ৰ !২০ বছৰ পুৰণি গোচৰ তল পৰিল! ৪০ বছৰ পুৰণি গোচৰৰ তদন্ত কৰিব CBI এ !
২০০২ চনৰ গুজৰাট কাণ্ডৰ বাবে দোষী সাব্যস্ত হৈছিল সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী৷আনকি বিবিচিয়ে জানুৱাৰী মাহত মুক্তি দিয়া ডকুমেণ্টেৰীখনত সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক দোষী সাব্যস্ত কৰা হৈছিল।ডকুমেণ্টেৰীখন মুক্তি দিয়াৰ লগে লগে নিষিদ্ধ কৰিছিল ভাৰত চৰকাৰে৷আনকি ক্লীনশ্বীট দিয়া পুৰণি গোচৰক লৈ দেশত অশান্তি বিয়পাব খোজা বুলি বিবিচিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে বিবিচিৰ কাৰ্যালয়ত কেন্দ্ৰীয় সংস্থা EDএ অভিযানো চলাইছিল ভাৰতত।জগদীশ টাইটলাৰৰ বিৰুদ্ধে চিবিআইয়ে দিল্লীৰ আদালতত শনিবাৰে চাৰ্জছীট দাখিল কৰে।টাইটলাৰে অৱশ্যে কয় যে তেওঁ যদি এই গোচৰত দোষী সাব্যস্ত হয় তেন্তে তেওঁ ফাঁচীকাঠত ওলমিবলৈয়ো সাজু আছে।২০ বছৰ পুৰণি গোচৰে সমাজত অশান্তি সৃষ্টি কৰিব বুলি ভয় খোৱা বিজেপিয়ে কিন্তু ৪০ বছৰ পুৰণি গোচৰ খুলি সমাজৰ লগতে কংগ্ৰেছৰ মাজত পুনৰ অশান্তিৰ বীজ সিঁচিব বিচাৰিছে নেকি-সেইটোহে বৰ্তমান লাখটকীয়া প্ৰশ্ন !

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296