ৰাইজ ‘মৰক’ কিন্তু মোডীৰ নাম হওক !

Share This Article

দেশৰ চকুত অতি দক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ চনৰ ৮ নবেম্বৰত দেশৰ অৰ্থনীতি বিপন্ন কৰা এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।সিদ্ধান্তটো আছিল ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ৷ক’লা ধন নিষিদ্ধ,সন্ত্ৰাসবাদীলৈ ধনৰ যোগান বন্ধ,দুৰ্নীতি নিৰ্মূলৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল মোডীয়ে।তাৰ পৰিবৰ্তে বজাৰত প্ৰচলন কৰিছিল ২০০০ টকীয়া নোটৰ।২০০০টকীয়া নোটৰ প্ৰচলন কৰাৰ সপক্ষে যুক্তি আছিল যে এই নোটে সমাজত দুৰ্নীতি নিৰ্মূল কৰিব৷কিন্তু এই যুক্তিৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল সেই সময়ৰ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে।গান্ধীয়ে টুইটাৰত মোডীক প্ৰশ্ন কৰিছিল ‘১০০০ আৰু ৫০০ টকীয়াই ক’লা ধনৰ প্ৰচলন বৃদ্ধি কৰে কিন্তু ২০০০ টকীয়া নোটেৰে কেনেকৈ নিৰ্মূল কৰিব ক’লা ধন ?’ ‘পাপ্পু’ৱে ঠিকেই কৈছিল !অৱশেষত প্ৰধানমন্ত্ৰীয়েও মানি ল’লে ‘পাপ্পু’ৰ কথা !২০১৬ চনতেই প্ৰশ্ন কৰিছিল ‘পাপ্পু’ৱে ! কিন্তু …’পাপ্পু’ক হাঁহি নিজেই পাপ্পু হ’ল প্ৰধানমন্ত্ৰী মোডী !

প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন মুখ্য সচিব নৃপেন্দ্ৰ মিশ্ৰই বিগত ১৯ মে’ত পুনৰবাৰ ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰা সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই সমৰ্থন আগবঢ়ায় ।তেওঁ আনকি মোডীয়ে এই সিদ্ধান্ত বৃহত্তৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত গ্ৰহণ কৰিছিল বুলিও উল্লেখ কৰে৷মিশ্ৰই লগতে কয় যে এই নোটৰ প্ৰচলন আছিল সম্পূৰ্ণ সাময়িক আৰু প্ৰধানমন্ত্ৰী মোডী ইয়াৰ পক্ষত নাছিল।এই নোটৰ প্ৰচলন বন্ধ হ’লে ই ক’লা টকা নোহোৱা কৰাত সহায় কৰিব।Zee নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় ‘ প্ৰধানমন্ত্ৰী মোডীয়ে এই সিদ্ধান্ত একেবাৰে সাময়িকভাৱে লৈছিল।ই দৰিদ্ৰ লোকক অলপো সহায় কৰা নাছিল।এই সিদ্ধান্তটো বাস্তৱসন্মত নাছিল৷এই নোটটো দীঘলীয়া সময় বজাৰত থাকিলে ই ক’লা ধনৰ প্ৰচলনত সহায় কৰিব৷সেয়ে ক’লা ধন জনতাৰ স্বাৰ্থত বন্ধ কৰাটো উচিত সিদ্ধান্ত৷’মুঠ কথাত,প্ৰধানমন্ত্ৰী মোডীয়ে বিমুদ্ৰাকৰণ আৰু ২০০০ টকীয়া নোটৰ কুপ্ৰভাৱৰ বিষয়ে জানিছিল কিন্তু তেওঁ চমক সৃষ্টিৰ বাবে জনসাধাৰণৰ দুখ দুৰ্দশাক আওকাণ কৰিছিল !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.