সোমবাৰে বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি নিজৰ ভাষণ আগবঢ়াই আছিল ৷ সেই সময়ত বিধানসভাৰ অধ্যক্ষৰ আসনত আছিল উপাধ্যক্ষ ডা: নোমল মমিন ৷ অখিল গগৈৰ বাবে নিৰ্ধাৰিত সময় আছিল ৪ মিনিট ৷ কিন্তু তেও প্ৰায় ৭ মিনিট ধৰি নিজৰ ভাষণ ৰাখে ৷ অধ্যক্ষৰ আসনত থকা ডা: মমিনে মৃদু আপত্তি কৰিলেও তেওক বক্তৃতা সম্পূৰ্ণ কৰিবলৈ সুযোগ দিয়ে ৷ যিটো বিধানসভাত উপস্থিত সাংবাদিকসকলে এক ব্যতিক্ৰম দৃশ্য বুলিয়েই অভিহিত কৰিছে ৷ তেনেসময়তে অখিল গগৈৰ ঘণিষ্ঠ তথা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে পোহৰলৈ আনিছে আন এক অপ্ৰকাশিত তথ্য ৷ এক ফেচবুক পোষ্টৰ জড়িয়তে তেও প্ৰকাশ কৰিছে যে এসময়ত ডা: নোমল মমিন কেনেদৰে অখিল গগৈৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছিল ৷ কেনেকৈ তেও গাড়ীত বহি থাকি অখিল গগৈৰ স্বাস্থ্যৰ খেয়াল ৰাখিছিল ৷ আজি ৰাজনীতিৰ পথাৰত দুয়োজনৰ অৱস্থান সুমেৰু – কুমেৰুত ৷ কিন্তু এসময়ত ডা: নোমল মমিন ৰাইজৰ দলৰ আজিৰ সভাপতি অখিল গগৈৰ প্ৰতি কিমান সহমৰ্মী আছিল , সেয়া প্ৰকাশ কৰিছে কমল কুমাৰ মেধিয়ে ৷ কমল কুমাৰ মেধিৰ ফেচবুক পোষ্টৰ পূৰ্ণপাঠ তলত আগবঢ়োৱা হ’ল –
“