এক লিটাৰ পেট্ৰ’লত আপুনি কিমান কৰ দিয়ে ?

Share This Article

পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে এতিয়া মাধমাৰ শোধাইছে দেশৰ জনতাক। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ইমান তীব্ৰ গতিত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। ইন্ধনৰ মূল্যক কেন্দ্ৰ কৰি প্ৰতিবাদো হৈছে, কিন্তু তাৰ পিছতো চৰকাৰে হ্ৰাস কৰিব পৰা নাই মূল্য।  প্ৰশ্ন হয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম সাধাৰণ অৱস্থাত থাকিলেও ভাৰতত কিয় উৰ্দ্ধমুখী হৈছে ইন্ধনৰ মূল্য?

কিয় নকমে পেট্ৰ’ল- ডিজেলৰ দাম ?

আচলতে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ আঁৰত আছে কেইবাটাও কাৰণ। প্ৰথম কাৰণটোৱে হৈছে – কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ শুল্ক যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। ২০১৭ চনৰ পৰা ২০২১ চনলৈ এই শুল্ক প্ৰায় দুগুণ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ২০১৭ চনত আনব্ৰেণ্ডেড পেট্ৰ’লৰ কেন্দ্ৰীয়  আবকাৰী শুল্ক আছিল ১৯.৪৮ টকা ৷ কিন্তু ২০২১ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ এক তথ্য অনুসৰি বৰ্তমান সময়ত এই আবকাৰী শুল্ক হৈছে ৩২.৯০ টকা। ইয়াৰ বিপৰীতে ২০১৭ চনত আনব্ৰেণ্ডেড ডিজেলৰ কেন্দ্ৰীয় আবকাৰী শুল্ক আছিল ১৫.৩৩ টকা কিন্তু এতিয়া  ডিজেলৰ আবকাৰী শুল্ক হৈছে ৩১.৮০ টকা। অৰ্থাৎ পেট্ৰ’লৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰকৃত মূল্যবৃদ্ধি যিমান হৈছে তাতকৈ বেছি কৰ আপুনি চৰকাৰক দিবলগীয়া হৈছে। ২০২০ চনত এই শুল্ক অত্যাধিক হাৰত বৃদ্ধি পাইছিল।

সমীক্ষাই কি কয় ?

যোৱা ১৫ জুলাইত দেশৰ ৰাজধানী দিল্লীত চলোৱা সমীক্ষাই স্পষ্ট কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য। দিল্লীত এক লিটাৰ পেট্ৰ’লৰ ডিলাৰৰ কমিচন সহ প্ৰকৃত মূল্য  ৪৪.৯৪ টকা।ইয়াৰ উপৰি কেন্দ্ৰীয় কৰ হৈছে ৩২.৯০ টকা আৰু VAT সহ ৰাজ্য চৰকাৰৰ কৰ ২৩.৩৫ টকা। গতিকে প্ৰতি লিটাৰ পেট্ৰ’লৰ বাবদ গ্ৰাহকে পৰিশোধ কৰিব লগীয়া হয় ১০১.১৯ টকা অৰ্থাৎ এক লিটাৰ পেট্ৰল ক্ৰয় কৰাৰ বাদত আপুনি চৰকাৰক দিব লাগে অতিৰিক্ত ৫৬.২৫ টকাৰ কৰ। ডিজেলৰ ক্ষেত্ৰতো পৰিসংখ্যা প্ৰায় একেধৰণৰ। ইয়ে স্পষ্ট যে এক লিটাৰ  পেট্ৰল বা ডিজেল ক্ৰয় কৰিবলৈ হ’লে তাৰ প্ৰকৃত মূল্যতকৈ দুগুণ মূল্যৰ কৰ আপুনি পৰিশোধ কৰিব লাগে।

এই বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৯ জুলাইলৈ দিল্লীত পেট্ৰ’লৰ দাম ৬৩ বাৰ বৃদ্ধি হোৱাৰ বিপৰীতে ৪ বাৰ হ্ৰাস হৈছে। আনহাতে , ডিজেলৰ মূল্য ৬১ বাৰ হ্ৰাস হোৱাৰ বিপৰীতে ৪ বাৰ হ্ৰাস হৈছে। ইয়াৰ লগতে ঘৰুৱাভাৱে ব্যৱহৃত ৰন্ধন গেছৰ মূল্য আকাশলংঘী হৈছে।

কৰৰ বোজাই অৰ্থনীতি উদ্ধাৰ কৰিবনে ?

অসমতো এক লিটাৰ পেট্ৰল ক্ৰয় কৰোতে আপুনি অসম চৰকাৰক শুল্ক হিচাপে দিব লাগে প্ৰায় ২২.৬৩ টকাৰ কৰ ৷ চৰকাৰে সন্নিৱিষ্ট কৰা অত্যাধিক কৰৰ বাবেই দেশত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। ক’ভিড পৰিস্থিতিৰ ফলত হোৱা লোকচানৰ ভাৰ এতিয়া এনেদৰেই জাপি দিয়া হৈছে সাধাৰণ জনতাৰ ওপৰত। প্ৰকৃত দৰতকৈ দুগুণ দৰত দেশবাসীয়ে ক্ৰয় কৰিবলগীয়া হৈছে ইন্ধন। কিন্তু সাধাৰণ জনতাৰ মূৰত জাপি দিয়া   অত্যাধিক কৰৰ বোজাই  দেশৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰিবনে? নে অধিক জুৰুলা কৰিব দৰিদ্ৰ – মধ্যবিত্ত জনতাক ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.