PEGASUS কেনেদৰে হৈ উঠিব পাৰে মৃত্যুৰ কাৰণ ?

আপোনাৰ ম’বাইল ফোনলৈ কোনো গুৰুত্বপূৰ্ণ বিষয় প্ৰসংগত এটা এছএমএছ বা মেইল আহিল ৷ আপুনি লিংকটো ক্লিক কৰিলে , চালে ,পাহৰিও গ’ল ৷ কিন্তু আপুনি ক’ব নোৱৰাকৈয়ে ম’বাইলটোৱেই নহয়, আপুনি নিজকে দুষ্ট হেকাৰৰ হাতত গতাই দিলে ৷ এই লিংকটোৰ দ্বাৰা পেগাছাছ ভাইৰাছে গ্ৰাস কৰিলে আপোনাৰ মোবাইলটো। আপোনাৰ মেছেজ, হোৱাট্‌ছএপ, ইমেইলৰ পৰা আদি কৰি কেমেৰা, লোকেচন সকলোৰে পোনপটীয়া সম্প্ৰচাৰ এই হেকাৰ চক্ৰই  চাবলৈ সক্ষম হ’ল ৷ আনকি আপুনি যদি সন্দেহবশতঃ লিংক নোখোলেও তাৰ পিছতো আপোনাৰ ম’বাইলটো একেধৰণেই হেক্‌ কৰিব পৰা যায় এই ছফটৱেৰৰ দ্বাৰা ৷

কোনে ব্যৱহাৰ কৰে পেগাছাছ ?

ভাৰততো ফোন টেপিং কেলেংকাৰীৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পেগাছাছ।  ইজৰাইলী কোম্পানী এনএছঅ’ গ্ৰুপে সৃষ্টি কৰা ক্ষতিকাৰক এই ছফ্টৱেৰটোৱে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত কানাডিয়ান চাইবাৰ সুৰক্ষা সংগঠন ‘ দ্য চিটিজেন লেবে’ স্পাইৱেৰ ব্যৱহাৰকাৰী ভাৰতকে ধৰি ৪৫ খন দেশক চিনাক্ত কৰিছে। পৰৱৰ্তী সময়ত ২০১৯ চনৰ অক্টোবৰ মাহত হোৱাটছ এপে প্ৰকাশ কৰিছিল যে ভাৰতৰ বহু সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মীৰ ফোনত চিনাক্ত কৰা হৈছে পেগাছাছ ভাইৰাছৰ উপস্থিতি।  প্ৰকাশিত তথ্য অনুসৰি, পেগাছাছে এবছৰত ৫০০ টালৈকে ফোন নিৰীক্ষণ কৰিব পাৰে আৰু এবাৰত সৰ্বাধিক ৫০ টা ডিভাইচ ট্ৰেক কৰিব পাৰে।

কেতিয়া বিকশিত হৈছিল এই ছফ্টৱেৰটো?

২০১০ চনৰ ২৫ জানুৱাৰীত স্থাপন হোৱা ইজৰাইলী প্ৰতিষ্ঠান এনএছঅ’ গ্ৰুপৰ দ্বাৰা পেগাছাছ ছফটৱেৰটো তৈয়াৰ কৰা হৈছিল। প্ৰথম অৱস্থাত এই ৱেবছাইটটোৰ লক্ষ্য আছিল অপৰাধ আৰু সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰী চোৰাংচোৱা আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাক সহায় কৰা।

২০১৮ চনত চিটিজেন লেবৰ এক প্ৰতিবেদনত ভাৰত, বাহৰেইন, কাজাখস্তান, মেক্সিকো, মৰক্কো, চৌদি আৰৱকে ধৰি ৪৫ খন দেশে ইয়াক ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছিল।

ইফালে পেগাছাছ নিৰ্মাতা এনএছঅ’ নামৰ ইজৰাইলী কোম্পানীটোৱে স্পষ্টীকৰণ দিছে যে তেওঁলোকে চৰকাৰকহে এই ছফটৱেৰটো বিক্ৰী কৰে , ব্যক্তি বিশেষক নহয়। যদি চৰকাৰে এই চফটৱেৰ ব্যৱহাৰ কৰি আছে তেন্তে দেশৰ গুৰুত্বপূৰ্ণ তথ্য শত্ৰুৰ হাতত পৰাৰহে সম্ভাৱনা আছে ৷ কাৰণ নাম প্ৰকাশিত বহু লোক চৰকাৰবিৰোধী লোকহে,  ৰাষ্ট্ৰবিৰোধী নহয়।

পেগাছাছ কেনেকৈ মৃত্যুৰ কাৰণ হ’ব পাৰে ?

পেগাছাছ কেতিয়াবা মৃত্যুৰ কাৰণো হৈ উঠিব পাৰে ৷ ইয়াৰ উদাহৰণ পোৱা গৈছিল মেক্সিকোত ৷মেক্সিকোৰ ৩৮ বছৰীয়া সাংবাদিক চেছিল’ পেনিডা বাৰ্টোক কাৰ ৱাশ্ব কেন্দ্ৰ এটাত ড্ৰাগ্‌ছ মাফিয়াই ২০১৭ চনত গুলীয়াই হত্যা কৰিছিল । তেওঁৰ ম’বাইলটোও পেগাছাছ সংস্থাপন কৰাৰ বাবে গ্ৰাহকে দিয়া তালিকাত আছিল বুলি ফাদিল হৈছে ৷ অভিযোগ মতে, চৰকাৰ আৰু মাফিয়াৰ সম্পৰ্কক লৈ সৰৱ সাংবাদিকগৰাকী উক্ত স্থানত থকাৰ খবৰো হত্যাকাৰীয়ে পেগাছাছৰ দ্বাৰাই গম পাইছিল ৷

আনহাতে ভাৰতলৈ লক্ষ্য কৰিলে দেখা যায় যে মহাৰাষ্ট্ৰৰ ভীমা কোৰেগাঁৱত ২০১৮ চনত সংঘটিত হিংসাত্মক ঘটনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত কাৰাবন্দী হৈ আছে বহুকেইজন। ইয়াৰে বিশিষ্ট অধিবক্তা ৰোনা উইলছনৰ কম্পিউটাৰত হেকাৰে কিদৰে এটা পেগাছাছ ভাইৰাছ সুমুৱাই দিছিল তাৰ বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে ।  মোদীক হত্যাৰ ষড়যন্ত্ৰৰ কথা উল্লেখ থকা পত্ৰ সন্নিৱিষ্ট এটা ফ’ল্ডাৰ তাত স্থাপন কৰিছিল বুলিও দ্য ৱাছিঙটন পোষ্টত খবৰ প্ৰকাশ হৈছিল ৷ অৰ্থাৎ এই malware উইলছনক ভুৱা গোচৰত বন্দী কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল ৷

ইজৰাইলৰ দৰে এখন  ৰাষ্ট্ৰই ব্যৱসায়িক স্বাৰ্থত নিৰ্মান কৰা স্পাইৱেৰ ‘পেগাছাছ’ বিশ্বৰ স্বেচ্ছাচাৰী শাসকৰ বাবে এক অমোঘ অস্ত্ৰত পৰিণত হৈছে আৰু ইয়াৰ ফল ভুগিব লাগিব সাধাৰণ জনতাই৷ যিয়েই নহওক , অনৈতিকভাৱে পেগাছাছৰ ব্যৱহাৰৰ ফলত আমি পৰৱৰ্তী সময়ত কেনে পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব , তাৰ পূৰ্বাভাষ এতিয়াই স্পষ্ট হৈ পৰিছে ৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296