আফগানিস্তানৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে বৈঠকত মিলিত হ’ল ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠী ৷ মঙলবাৰে গভীৰ নিশা ভাৰ্ছুয়েল মাধ্যমযোগে অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালে ৷
ভাৰত , ব্ৰাজিল , ৰাছিয়া , চীন আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷নিৰাপত্তা উপদেষ্টা পৰ্যায়ৰ বৈঠকখনত আফগানিস্তানৰ সন্ত্ৰাস নিয়ন্ত্ৰণ , চাইবাৰ নিৰাপত্তা , নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৰোধ আদি বিষয়সমূহ আলোচনা কৰা হয় ৷
ব্ৰিকছৰ বৈঠকৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিক লৈ দীঘলীয়া আলোচনা হয় ৷
ব্ৰিকছৰ অন্তৰ্গত দুই ৰাষ্ট্ৰ চীন আৰু ৰাছিয়াই ইতিমধ্যে তালিবান চৰকাৰক সহযোগিতাৰ ইংগিত দিছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.