ভাৰতত দুগুণলৈ বৃদ্ধি উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা

Share This Article

হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে ৷ যোৱা ৩০ বছৰত এই পৰিসংখ্যা ভাৰতত অতি উদ্বেগজনক হৈ পৰিছে ৷৩০ শতাংশ ভাৰতীয় নাগৰিক এতিয়া হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ৷ ‘দ্য লানচেট’ জাৰ্ণালত এই তথ্য প্ৰকাশ পাইছে ৷
লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ গৱেষক আৰু আই চি এম আৰে যুটীয়াভাৱে চলোৱা এক অধ্যয়ণত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷
তথ্য অনুসৰি ভাৰতত এতিয়া হাইপাৰটেনছনত আক্ৰান্ত পুৰুষৰ সংখ্যা ৬৫২ মিলিয়ন আৰু মহিলাৰ সংখ্যা ৬২৬ মিলিয়নলৈ বৃদ্ধি পাইছে ৷১৯৯০ চনত এই পৰিসংখ্যা আছিল ৩১৭ মিলিয়ন আৰু ৩৩১ মিলিয়ন ৷
উদ্বেগৰ বিষয়টো হ’ল ৪১ শতাংশ মহিলা আৰু ৫১ শতাংশ পুৰুষেই নাজানে যে তেওলোক হাইপাৰটেনছনত আক্ৰান্ত হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.