সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত দুগুণলৈ বৃদ্ধি উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা

হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে ৷ যোৱা ৩০ বছৰত এই পৰিসংখ্যা ভাৰতত অতি উদ্বেগজনক হৈ পৰিছে ৷৩০ শতাংশ ভাৰতীয় নাগৰিক এতিয়া হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ৷ ‘দ্য লানচেট’ জাৰ্ণালত এই তথ্য প্ৰকাশ পাইছে ৷
লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ গৱেষক আৰু আই চি এম আৰে যুটীয়াভাৱে চলোৱা এক অধ্যয়ণত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷
তথ্য অনুসৰি ভাৰতত এতিয়া হাইপাৰটেনছনত আক্ৰান্ত পুৰুষৰ সংখ্যা ৬৫২ মিলিয়ন আৰু মহিলাৰ সংখ্যা ৬২৬ মিলিয়নলৈ বৃদ্ধি পাইছে ৷১৯৯০ চনত এই পৰিসংখ্যা আছিল ৩১৭ মিলিয়ন আৰু ৩৩১ মিলিয়ন ৷
উদ্বেগৰ বিষয়টো হ’ল ৪১ শতাংশ মহিলা আৰু ৫১ শতাংশ পুৰুষেই নাজানে যে তেওলোক হাইপাৰটেনছনত আক্ৰান্ত হৈছে ৷

Leave A Reply

Your email address will not be published.