সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আই আই টিৰ ধৰ্ষনকাৰী ছাত্ৰক জামিন : নিৰ্যাতিতা ছাত্ৰীয়ে কি ক’লে ?

আই আই টি , গুৱাহাটীৰ ধৰ্ষণত অভিযুক্ত ছাত্ৰ উৎসৱ কদমক ভৱিষ্যতৰ সম্পদ বুলি অভিহিত কৰি জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এই ৰায়ক ন্যায় ব্যৱস্থাৰ প্ৰতি উপহাস বুলি মন্তব্য কৰিছে নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে ৷
‘ইষ্ট মোজো’ক দিয়া এক সাক্ষাৎকাৰত নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে কয় ,’ন্যায়ালয়ে তেওক ভৱিষ্যতৰ সম্পদ বুলি অভিহিত কৰি জামিন মঞ্জুৰ কৰিছে ৷ আই আই টিৰ ছাত্ৰ হোৱা বাবেই যদি ন্যায়ালয়ে এই সিদ্ধান্ত লৈছে , তেনেহ’লে ময়ো এগৰাকী আই আই টিয়ান ৷’
ছাত্ৰীগৰাকীয়ে লগতে কয়,’সিহঁতে(উৎসৱ কদমৰ বন্ধু) মোক হোৱাটছ এপ গ্ৰুপ, টুইটাৰ ,ইনষ্টাগ্ৰামত মুকলিকৈ বদনাম কৰিছে ৷ আই আই টি , গুৱাহাটীৰ ছাত্ৰৰ পৰাও মই এনে পোষ্ট দেখিছো ৷ কিন্তু এনে বহু মানুহ আছে , যিয়ে মোক সমৰ্থন কৰিছে ৷ শিক্ষানুষ্ঠানখন , মোৰ অভিভাৱক সকলোৱে মোক সাহস দিছে ৷ কিন্তু এই প্ৰতিষ্ঠানৰে বহুতে মই ন্যায় পোৱাটো বিচৰা নাই ৷’
মাৰ্চ মাহৰ ২৮ তাৰিখে আই আই টি , গুৱাহাটীত সংঘটিত হৈছিল এই নিৰ্যাতনৰ ঘটনা ৷ উৎসৱ কদম নামৰ ছাত্ৰগৰাকীয়ে কণিষ্ঠ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপণ হৈছিল ৷
তাৰ পাছত আৰক্ষীৰ কাষ চাপিছিল ছাত্ৰীগৰাকী ৷ সেই সময়ৰ অভিজ্ঞতাৰ কথা সুঁৱৰি ছাত্ৰীগৰাকীয়ে কয়,’উৎসৱ আৰু তেওৰ বন্ধুসকলক আৰক্ষীয়ে সোধা- পোছাৰ বাবে মাতি নিয়া সময়লৈকে বহু মানুহে মোক নাম ধৰি বদনাম কৰিছিল ৷ যিসকলে মোক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছিল , তেওলোকক ভাবুকি দিয়া হৈছিল ৷ আনকি , মোক চিকিৎসালয়লৈ নিয়াত সহায় কৰা ব্যক্তিগৰাকীকো একাংশ ছিনিয়ৰ ছাত্ৰই ভাবুকি দিছিল ৷মোক সাক্ষাৎ কৰিবলৈ দিয়া নাছিল ৷’
ন্যায়ালয়ৰ এই ৰায়ক লৈ ক্ষোভিত ছাত্ৰীগৰাকীয়ে আৰু কয় ,’যদি মেধাৱী হোৱা বাবে , ভৱিষ্যতৰ সম্পদ হোৱা বাবে তেও জামিন লাভ কৰিছে , তেনেহ’লে যিকোনো ভৱিষ্যতৰ সম্পদে মানুহৰ লগত যিকোনো কামেই কৰিব পাৰিব নেকি ?ভৱিষ্যতৰ সম্পদ হোৱা বাবেই নাৰীক নিজৰ তলত ৰাখিব পাৰিব ৷কেৱল আই আই টিয়ান হোৱা বাবেই তেও ভৱিষ্যতৰ সম্পদ হোৱাটো নুবুজায় ৷’
সঠিক ধাৰাত গোচৰটোৰ বিচাৰ চলিব বুলি ভক্তভোগী ছাত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷

Leave A Reply

Your email address will not be published.