সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

AAPৰ লক্ষ্য কিয় অখিল গগৈ?

সামাজিক মাধ্যম ফেচবুকত আৰম্ভ হৈছে বিধায়ক অখিল গগৈ আৰু আম আদমি পাৰ্টিৰ মাজত এক বিতৰ্ক।এই বিতৰ্ক আৰম্ভ হৈছে বিধায়ক অখিল গগৈয়ে দেওবাৰে ফেচবুকত দিয়া এটা প’ষ্টক লৈ। এই প’ষ্টটোৰ শিৰোনাম আছিল—”আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ।” শনিবাৰে ঘোষণা হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত আম আদমি পাৰ্টিয়ে ২০৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখন আসনতো বিজয়ী নোহোৱাৰ প্ৰসংগৰে এই প’ষ্টটো দিছিল বিধায়ক অখিল গগৈয়ে। উল্লেখ্য ২২৪ জনীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে লাভ কৰা ভোটৰ হাৰ হ’ল—০.৫৮ শতাংশ। এই হাৰ ন’টাৰ ভোটৰ হাৰ ০.৬৯ শতাংশতকৈও কম। শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে এই প’ষ্টটো দিয়াৰ পাছতে আম আদমি পাৰ্টিৰ সদস্য-কৰ্মীয়ে তেওঁক সমালোচনাৰ লক্ষ্য কৰি লয়। বিশেষকৈ আম আদমি পাৰ্টি অসমৰ সভাপতি ড° ভৱেন চৌধুৰীৰ নামত এখন প’ষ্টাৰো নিজৰ অফিচিয়েল ফেচবুক পেজত প’ষ্ট কৰে দলটোৱে। তাৰ পাছতে মঙলবাৰে পুনৰ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ আন এটা ফেচবুক প’ষ্ট।”আম আদমি পাৰ্টিৰ পৰা হ’ব পৰা ভয়াবহ বিপদৰ আগজাননী” শীৰ্ষক প’ষ্টটোত বিধায়ক গৰাকীয়ে লিখিছে—
“এজন শুভাকাংক্ষীয়ে আপ অসমৰ এটা ফেচবুক প’ষ্টৰ স্ক্ৰীন শ্বট দিলে। সেই প’ষ্টটোত এখন প্লেটত মোৰ নামত এটা উদ্ধৃতি আৰু তাৰ প্ৰত্যুত্তৰ ৰূপে আপৰ সন্মানীয় ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ নামত আন এটা উদ্ধৃতি দিয়া হৈছে।কিন্তু আপ-এ মোৰ মুখত দিয়া উদ্ধৃতিটো ক’ত পালে?মোৰ মুখত দিয়া উদ্ধৃতিটো হ’ল—“গণতন্ত্ৰৰ সংকটৰ সময়ত এতিয়া ‘আপ’ কাৰ পক্ষত থাকিব?” তেওঁলোকেহে নিজৰ সুবিধামতে বাক্যটো বনাই লৈছে।কিন্তু মই ক’তো এই বাক্যটো কোৱা নাই। কালিৰ মোৰ ফেচবুক প’ষ্টটোৰ শিৰোনাম আছিল— “আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ।” তাত মই কোৱা বাক্যটো আছিল–-“এতিয়া কথা হ’ল, আপ-এ ২০২৪ ৰ সাধাৰণ নিৰ্বাচনত অকলে নিৰ্বাচন খেলি বিজেপিক জিকোৱাৰ নীতি ল’ব নে গণতন্ত্ৰৰ ভয়ংকৰ সংকটৰ সময়ত কেৱল ‘দলৰ স্বাৰ্থ’ৰ দোহাই নিদি ‘দেশৰ স্বাৰ্থ’ৰ পক্ষতো থাকিব?”
তাৰ পাছত মই লিখিছিলো—
“জাতি নে দল আগত?
দল নে জনগণ প্ৰমুখ?
দেশ, জাতি আৰু জনগণৰ স্বাৰ্থত আপ-এ ঐতিহাসিক সিদ্ধান্ত লোৱা দৰকাৰ।”আপ, অসমে মোৰ এই কথাবোৰৰ পৰা মোৰ উদ্ধৃতিটো কি বনালে ( manufacture কৰিলে) দেখিলেনে!”ইয়াৰ পাছতে বিধায়ক অখিল গগৈয়ে লিখিছে—আপ, আপোনালোকে এইটো অপৰাধ কৰা নাইনে?আপোনালোকে মিথ্যাচাৰ কৰা নাইনে?আপোনালোকে অপপ্ৰচাৰ কৰা নাইনে?আপোনালোকে ফেচিবাদীহঁতৰ দৰে ভুৱা প্ৰচাৰ কৰা নাইনে?বিধায়ক অখিল গগৈয়ে পুনৰ লিখিছে–মোৰ লেখাটো আছিল বৰ্তমানৰ ভয়ংকৰ ফেচিবাদী শাসনতন্ত্ৰৰ পৰা দেশ, জাতি আৰু জনগণক গণতন্ত্ৰৰ দিশলৈ ঘূৰাই আনিবলৈ যুক্তফ্ৰণ্ট গঠনৰ অপৰিহাৰ্যতাৰ ওপৰত।
মই আপৰ “একলা চলৌ” নীতিক সমালোচনা কৰিছিলো আৰু এই নীতিয়ে ফেচিষ্ট বিজেপিকে সহায় কৰিব বুলি অভিযোগ কৰিছিলো।
মই গুজৰাট, হিমাচল প্ৰদেশ আৰু কণাৰ্টকৰ নিৰ্বাচনত আপোনালোকে প্ৰায় আটাইবোৰ বিধানসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰি দেখদেখকৈ বিজেপিক সহায় কৰা বুলি আপোনালোকৰ বিৰুদ্ধে কৰা ৰাজহুৱা অভিযোগৰ কথা উল্লেখ কৰিছিলোঁ।তাতোকৈ ডাঙৰ কথা, মই প্ৰসংগক্ৰমে উল্লেখ কৰিছিলো যে আপৰ আদৰ্শ যুক্তৰাষ্ট্ৰবাদ Federalism)ৰ বিৰোধী; অতিকেন্দ্ৰিক ব্যৱস্থাৰ পক্ষত। আপৰ আদৰ্শ ধৰ্মনিৰপেক্ষতা নহয়; কোমল হিন্দুত্ববাদহে!এইবোৰ অতিকে ছিৰিয়াচ অভিযোগ। যিকোনো আদৰ্শবাদী দলে এনে অভিযোগ উঠিলে যোগ্য প্ৰত্যুত্তৰ দিব। কিন্তু কি আচৰিত— আপোনালোকে এইবোৰ উত্তৰ নিদিলে। দিব নোৱাৰিলে। বৰং আপোনালোকে মোৰ প’ষ্টটোৰ তলত মোক অনেক গালি দিলে; গালি মানে মোক ব্যক্তিগত আক্ৰমণ কৰিলে। যিবোৰ ব্যক্তিগত আক্ৰমণ মোক শাসক দলে কৰে, যিবোৰ মিছা অপবাদ ফেচিষ্ট বিজেপিয়ে কৰে , সেই নিকৃষ্ট কামবোৰেই আপোনালোকেও কৰিলে।আপোনালোকৰ দলৰ সদস্যসকলৰ আক্ৰমণৰ সুৰ একে,গতিকে সেইবোৰ আপৰ সুপৰিকল্পিত আক্ৰমণ বুলি বুজিব পাৰি।আপোনালোক দেখোন ভাৰতীয় নাজী বাহিনীৰ দৰে একে প্ৰকৃতিৰ!আপ, আপোনালোকক এটা কথা স্পষ্ট কৰি দিওঁ—- আপোনালোকক দেশৰ জনতাই যুক্তফ্ৰণ্টত যুক্ত হ’বলৈ বাধ্য কৰিব।চাই থাকক।জনতাৰ সেই দাবী যদি হাত যোৰ কৰি মানি নলয় আপোনালোকক জনতাই একাশৰীয়া কৰিব।লিখি ৰাখক। ইতিহাসৰ বিশেষ ক্ষণত সাময়িক জনপ্ৰিয়তা লাভ কৰি আপোনালোকৰ যি অহংকাৰ হৈছে, সেই জনতাই আপোনালোকৰ দৰ্প চূৰ্ণ কৰিব। লিখি ৰাখক।
ফেচিবাদৰ যুগত পক্ষ দুটাই—-এটা ফেচিবাদৰ পক্ষ, আনটো ফেচিবাদ বিৰোধী। আপোনালোকে কৃত্ৰিম তৃতীয় পক্ষ এটাৰ যি ভুৱা প্ৰদৰ্শনী কৰিছে সেয়া যে ফেচিবাদৰে পক্ষ সেয়া কিছুদিনৰ পাছত কাৰোৰে বুজিবলৈ বাকী নাথাকিব। সেই সময় সমাগত। যিদিনাই সাম্প্ৰদায়িক ফেচিবাদৰ আচল চৰিত্ৰ আপোনালোকে বুজি পাব , সেইদিনাই আপোনালোক ফেচিবাদ বিৰোধী ফ্ৰণ্টত যোগ দিব। যদি দেশ আৰু জাতিৰ এই মহাসংকটত আপোনালোকে সুবিধাবাদী স্থিতি লৈ বিজেপিক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত জয়ী কৰোৱাই , তেন্তে আপোনালোকেও ভৱিষ্যতে গাদী দখলৰ স্বপ্ন পূৰণৰ সুযোগ নাপাবও পাৰে। লিখি ৰাখক।’

Leave A Reply

Your email address will not be published.