বহুত হ’ল ‘মোডী মেজিক’ !

Share This Article

কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় আৰু কংগ্ৰেছৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাই উৎফুল্লিত কৰিছে বিজেপি বিৰোধী শিবিৰক।কংগ্ৰেছৰ পৰা নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰখা দলবোৰেও শেহতীয়াকৈ বিজেপি বিৰোধী শিবিৰত কংগ্ৰেছৰ নেতৃত্বত একেলগ হোৱাৰ পোষকতা কৰিছে।সৌ সিদিনালৈকে কংগ্ৰেছ বুলিলেই সাত জাঁপ মৰা মমতা বেনাৰ্জী ,অৰবিন্দ কেজৰিৱালেও অৱশেষত কংগ্ৰেছৰ কাষ চপাৰ সিদ্ধান্ত লৈছে।দেশৰ বিৰোধী ৰাজনৈতিক দলৰ প্ৰায় সংখ্যক নেতাই বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰিছে।ED,CBI ৰ দৰে কেন্দ্ৰীয় সংস্থাবোৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহে আক্ৰোশমূলকভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ নতুন নহয়।শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ক্ষেত্ৰত বিজেপি চৰকাৰে গ্ৰহণ কৰা ভূমিকাত চৰকাৰখনৰ আক্ৰোশমূলক স্বভাৱটো জলজলপটপট হৈ পৰিল।উল্লেখ্য যে বিগত ২৩ মাৰ্চত ৰাহুল গান্ধীক ২০১৯ চনৰ এক গোচৰৰ বাবে দোষী সাব্যস্ত কৰে চুৰাটৰ এখন আদাালতে।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগতে কৰ্ণাটকৰ কোলাৰত দিয়া এক নিৰ্বাচনী ভাষণত মোডী উপাধিক লৈ বিতৰ্কিত মন্তব্য দিয়া বুলি অভিযোগ কৰি চুৰাটৰ এখন আদালতত গোচৰ ৰুজু কৰিছিল পূৰ্ণেশ মোডী নামৰ বিধায়কজনে।২০১৯ চনৰ এই গোচৰৰ ৰায় দান কৰে ২০২৩ চনৰ ২৩মাৰ্চত।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে আদালতে ৰায় ঘোষণা কৰাৰ আগৰ সময়খিনিত সংসদৰ অধিৱেশন চলি আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানিৰ মাজৰ সম্বন্ধ সম্পৰ্কত প্ৰতিদিনেই সংসদত উত্তৰ বিচাৰিছিল ৰাহুল গান্ধীয়ে।গান্ধীৰ প্ৰশ্নবাণৰ বিপৰীতে বিষয়টো সম্পৰ্কত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছিল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে।ৰাহুল গান্ধীক আদালতে দোষী সাব্যস্ত কৰাৰ পিছতেই লোকসভাৰ সচিবালয়ে সাংসদ পদ খাৰিজ কৰে গান্ধীৰ৷তাৰ ঠিক ২৪ ঘণ্টাৰ পিছতেই সাংসদগৰাকীক চৰকাৰী আৱাস খালি কৰাৰো নিৰ্দেশ দিয়ে।ইয়াৰ প্ৰতিবাদত দেশৰ মুঠ ১৭ টা ৰাজনৈতিক দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।ৰাহুল গান্ধীৰ ক্ষেত্ৰত বিজেপি চৰকাৰে গ্ৰহণ কৰা স্থিতিয়ে গোৰ মাৰি যেন গংগাতহে পেলালে ৰাহুল গান্ধী আৰু কংগ্ৰেছক।ইয়াৰ পিছৰে পৰাই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত বিৰোধী ঐক্যবদ্ধ কৰাৰ এক কুচকাৱাজ আৰম্ভ হ’ল।কিন্তু নীতিশ কুমাৰৰ কুচকাৱাআনহাতেত হোঁহকাপিছলা কৰি আছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ আৰু উত্তৰ প্ৰদেশৰ অখিলেশ যাদৱৰ দল সমাজবাদীয়ে।কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনে বিৰোধী শিবিৰক যেন পুনৰ ঐক্যবদ্ধ কৰাৰ বাট প্ৰশস্ত কৰিলে।পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱেও কংগ্ৰেছৰ লগত একেলগে আগবঢ়াৰ সংকল্প লোৱাৰে ইংগিত দিছে।কৰ্ণাটকৰ ফলাফল ঘোষণা হোৱাৰ পিছতে মমতা বেনাৰ্জীয়ে কংগ্ৰেছক ২০০আসন এৰি দিয়াত আপত্তি নাই বুলি উল্লেখ কৰি তেওঁ কয় যে যিবোৰ আঞ্চলিক দল যিবোৰ সমষ্টিত শক্তিশালী তাত সেইবোৰ দলকেই প্ৰতিন্দন্দ্বিতা কৰিবলৈ দিয়া উচিত।আনহাতে,উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয় যে নীতিশ কুমাৰ ,মমতা বেনাৰ্জী,কেচিআৰ আৰু আন বহুতো ৰাজনৈতিক নেতাই এক নতুন পথৰ সন্ধান কৰি আছে৷মমতা বেনাৰ্জীয়ে যিটো সমষ্টিত যিটো দলৰ প্ৰাৰ্থী শক্তিশালী তাত সেই দলক প্ৰতিন্দন্দ্বিতা কৰিবলৈ দিয়াৰ পৰামৰ্শটোৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অখিলেশ যাদৱে।মুঠ কথাত,বিৰোধী এইবাৰ ঐক্যবদ্ধ হ’বলৈ বদ্ধপৰিকৰ৷মোডী হটাও,দেশ বচাও -এই নীতিত বিশ্বাস কৰিয়েই আগবাঢ়িব বিৰোধী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.