সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্রধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰেই ১৬ মে’ৰ কথা লিখি ৰাখিছিল নে আপুনি?

সেয়া আছিল ২০১৪ চনৰ কথা !প্ৰধানমন্ত্ৰী মোডীয়ে কোৱা কেইটা ১৬ মে’ৰ প্ৰতিশ্ৰুতিৰ কথা মনত আছেনে আপোনাৰ?
মোদীয়ে কোৱাৰ দৰে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিলে নে? প্ৰধানমন্ত্ৰী  মোদীয়ে সদম্ভে কোৱাৰ দৰে কেইটা ১৬ মে’ পাৰ হ’ল মনত আছেনে বাৰু?  ২০১৪ চনৰ এক বিজেপিৰ জনসভা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ।সেই সময়ৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক তৰ্জন-গর্জন কৰি সকীয়াই দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  ‘বাংলাদেশীক ভোটবেংক হিচাপে ব্যৱহাৰ কৰা নচলিব’!
১৬ মে’ত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব!  বিদেশীক বহিস্কাৰ কৰাৰ প্ৰতিশ্ৰুতিৰে শৰীৰৰ তেজ উতলি অহা এক উদাত্ত ভাষণ।অসমৰ মানুহ আশ্বস্ত হৈছিল যে ১৬ মে’ৰ পৰা অসম বিদেশীমুক্ত হ’ব। সেই প্ৰতিশ্ৰুতিৰেই অসমৰ শাসনজৰী চম্ভালিলে বিজেপিয়ে।২০১৬ত দিশপুৰলৈ বিজেপি আহিল। ২০১৬ৰ পৰা তাৰিখ পে তাৰিখৰ দৰে কেলেণ্ডাৰৰ পৃষ্ঠাৰ পৰা ইটোৰ পাছত আনটো ১৬ মে’ পাৰ হ’ল। কিন্ত কোনো বাংলাদেশী অথবা বিদেশীয়ে টালি-টোপোলা বন্ধা দেখা নাপালে অসমবাসীয়ে। ২০১৪ৰ পৰা ২০১৬ পাৰ হৈ এয়া ২০২৩ বৰ্ষ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৬ মে’ৰ প্ৰতিশ্ৰুতি বুমেৰাং হৈ ৰ’ল!ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ১৬ মে’ত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি দিয়া প্ৰতিশ্ৰুতি আছিল মাথোঁ এক মিথ্যাচাৰ হে মাথোঁ।কাৰণ বিদেশী বিতাড়ণ নহ’ল।পৰিৱৰ্তে কা’ প্ৰণয়ন কৰি হিন্দু বাংলাদেশীক হে আমন্ত্ৰণ জনোৱাৰ প্ৰস্তুতি চলাইছিল বাংলাদেশীক খেদিব বিচৰা এইখন মোডী চৰকাৰেই। ২০১৬ৰ ১৬ মে’ৰ পিচত অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি মোদীয়ে দিয়া ঘোষণা এতিয়া ফোঁপোলা চুঙাত পৰিণত হৈছে।এটা-দুটাকৈ ৯ টাকৈ ১৬ মে’ পাৰ হ’ল  বাংলাদেশী অৰ্থাৎ বিদেশী বিতাড়ণৰ প্ৰধানমন্ত্ৰী মোদীৰ শ্লোগান এতিয়া ধোঁৱাচাঙত উঠিল।

Leave A Reply

Your email address will not be published.