আজিৰে পৰা আফগানিস্তানত তালিবানৰ নেতৃত্বত নতুন চৰকাৰ। তালিবানে ১৫ আগষ্টত কাবুল দখলৰ পাছত প্ৰায় দুই সপ্তাহ অতিক্ৰম কৰিলে আৰু এফালৰ পৰা আফগানিস্তানত বিভীষিকা ৰ সৃষ্টি কৰি অৱশেষত চৰকাৰ গঠনৰ দিশৰ আগবাঢ়িছে। আন্তঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা তথ্য অনুসৰি শুকুৰবাৰ অৰ্থাৎ আজি নামাজৰ অন্তত এই সন্দৰ্ভে ঘোষণা কৰিব। ৩০ আগষ্টত আমেৰিকাই আফগািস্তান এৰাৰ পাছত চৰকাৰ গঠনৰ বাবে তালিবানৰ হেঁচা বৃদ্ধি পাইছিল। তালিবান চৰকাৰৰ নেতৃত্ব দিব ‘হিবাতুল্লা আখুন্দজাদাই’ আৰু তেঁওৰ অধীনতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে কাম কৰিব লাগিব।
নিযুক্তি দিয়া হব গৱৰ্ণৰ, আৰক্ষীৰ মুৰব্বী। যোৱাকালি তালিবানৰ অধিকাৰী অহমদুল্লা মুষ্টাকীয়ে সামাজিক মাধ্যমত কয় যে কাবুলৰ ৰাষ্ট্ৰপতি ভৱনত এই সন্দৰ্ভে এক সমাৰোহৰ আয়োজন কৰা হৈছে।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.